সপোনৰ দিকচৌ বনত হীৰেন গোহাঁইৰ এখন আত্মজীৱনী।১ হীৰেন গোহাঁইৰ সৰ্বমুঠ চাৰিখন আত্মজীৱনী আছে। এইখন আত্মজীৱনীৰ তৃতীয় খণ্ড। প্ৰথম প্ৰকাশ হৈছিল ২০০৯ চনত। গ্ৰন্থখনৰ পৰিৱৰ্ধিত দ্বিতীয় সংস্কৰণ প্ৰকাশ পাইছে। প্ৰকাশক জ্যোতি প্ৰকাশন। পৰিৱৰ্ধিত সংস্কৰণটোত মুঠ ২০টা অধ্যায় আছে। গ্ৰন্থখনৰ মুঠ পৃষ্ঠা সংখ্যা-২০০। গ্ৰন্থখনত তেওঁলৈ বিশ্ববিশ্ৰুত কেইজনমান ব্যক্তিয়ে দিয়া চিঠিও প্ৰকাশ কৰিছে। লগতে বহুকেইখন আলোকচিত্ৰও প্ৰকাশ কৰিছে। আত্মজীৱনীৰ আন খণ্ডকেইখন হৈছে: বতাহত ক’ৰ গধূলি গোপাল, হেঙুল আকাশ, ক’লা চাইকেল আৰু এজন আৰোহী, আৰু ইমান তিতা সাগৰৰ পানী।
তথ্যসূত্ৰ
- ↑ হীৰেন গোঁহাই. সপোনৰ দিকচৌ বনত - তৃতীয় খণ্ড
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সপোনৰ দিকচৌ বনত” প্ৰবন্ধৰ সংশোধন ২৫৫৫৮৬ (২৩ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।