অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

আধুনিক গল্প সাহিত্য

আধুনিক গল্প সাহিত্য (Adhunik Golpo Xahitya) হৈছে অসমৰ সাহিত্যিক, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্য নাথ গোস্বামীৰ দ্বাৰা লিখিত এখন বিশেষ গ্ৰন্থ। সাহিত্যৰ বিভিন্ন দিশ আৰু প্ৰসংগ আলোচনা সন্নিৱিষ্ট হোৱা এই গ্ৰন্থখনে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

হালনাগাদ: ২৪ অক্টোবৰ ২০২০ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আধুনিক গল্প সাহিত্য (Adhunik Golpo Xahitya) হৈছে অসমৰ সাহিত্যিক, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্য নাথ গোস্বামীৰ দ্বাৰা লিখিত এখন বিশেষ গ্ৰন্থ। সাহিত্যৰ বিভিন্ন দিশ আৰু প্ৰসংগ আলোচনা সন্নিৱিষ্ট হোৱা এই গ্ৰন্থখনে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।১

গ্ৰন্থকাৰৰ চমু পৰিচয়

মূল প্ৰবন্ধ: ত্ৰৈলোক্য নাথ গোস্বামী

ত্ৰৈলোক্য নাথ গোস্বামী (জন্ম ১৯০৬ - মৃত্যু ১৯৮৮ চন) একাধাৰে এজন অসমীয়া সাহিত্যিক সমালোচক, গল্পকাৰ, নন্দন তাত্ত্বিক, সুবক্তা আৰু শিক্ষাবিদ। ১৯৬৫ চনত ৰচিত “আধুনিক গল্প সাহিত্য” নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীয়ে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

গ্ৰন্থৰ চমু পৰিচিতি

গ্ৰন্থখনে চুটি গল্প, পাশ্চাত্য গল্প সাহিত্যৰ পৰিচিতিমূলক আলোচনা, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু প্ৰেমচন্দৰ গল্প-আলোচনা, অসমীয়া চুটি গল্প ক্ৰমবিকাশ আদি বিভিন্ন দিশৰ আলোচনাক সামৰি লৈছে।১

বঁটা আৰু সন্মান

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, শান্তনু কৌশিক. (২০২০). অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৯৬. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থসাহিত্য অকাডেমি বঁটা প্ৰাপ্ত অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আধুনিক গল্প সাহিত্য” প্ৰবন্ধৰ সংশোধন ২৫০৪০৩ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।