অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নীলকণ্ঠী ব্ৰজ

নীলকণ্ঠী ব্ৰজ (Neelakanthi Braja) জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ সুদীৰ্ঘকাল বৃন্দাবনবাস কৰি পোৱা অভিজ্ঞতাৰে ৰচনা কৰা উপন্যাস। ১৯৭৬ চনত প্ৰকাশিত এই উপন্যাসখনৰ প্ৰকাশক চন্দ্ৰ প্ৰকাশ।

হালনাগাদ: ২৯ অক্টোবৰ ২০২৩ ৯২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

নীলকণ্ঠী ব্ৰজ (Neelakanthi Braja) জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ সুদীৰ্ঘকাল বৃন্দাবনবাস কৰি পোৱা অভিজ্ঞতাৰে ৰচনা কৰা উপন্যাস। ১৯৭৬ চনত প্ৰকাশিত এই উপন্যাসখনৰ প্ৰকাশক চন্দ্ৰ প্ৰকাশ।১

এইখন মামণি ৰয়ছম গোস্বামীৰ দ্বিতীয়খন উপন্যাস। আয়তনৰ ফালৰপৰাও তুলনামূলকভাৱে ক্ষুদ্ৰ এই উপন্যাসখন কেইবাটাও দিশৰপৰা বৈশিষ্ট্যপূৰ্ণ। উপন্যাসখনৰ কাহিনী-গ্ৰন্থন বৰ কৌশলপূৰ্ণ আৰু হৃদয়গ্ৰাহী। ব্ৰজধামৰ পটভূমিত ৰচনা কৰা এইখন প্ৰথম অসমীয়া উপন্যাস। উপন্যাসখনত ব্ৰজধামৰ জীৱনধাৰাৰ কদৰ্য দিশবোৰ তুলি ধৰা বাবে তাৰ পৱিত্ৰতাক সন্দেহ কৰা হৈছে।২

গ্ৰন্থখনৰ বিষয়বস্তু

ব্ৰজাৱলী ৰামেশ্যামীৰ মুখত শুনা বৰ্ণনা আৰু বৃন্দাবনত বাস কৰা দুই-এজন লোকৰ বাস্তৱ জীৱনৰ দুই-এটা টুকুৰাক অৱলম্বন ৰূপে লৈ উপন্যাসখনৰ কোনো কোনো চৰিত্ৰ গঢ়ি তোলা হৈছে যদিও সৰহভাগ চৰিত্ৰই কল্পনাৰ ওপৰত প্ৰতিষ্ঠিত।১

লেখিকাৰ চমু পৰিচয়

মূল প্ৰবন্ধ: মামণি ৰয়ছম গোস্বামী

মামণি ৰয়ছম গোস্বামী (Mamoni Raisom Goswami, জন্ম:১৯৪২ – মৃত্যু:২০১১) হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়।৩ তেখেতে মাতৃভাষা অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ উপৰিও ইংৰাজী ভাষা ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলিৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।

তথ্যসূত্ৰ

  1. ↑ গোস্বামী, ড॰ মামণি ৰয়ছম. (২০১১). নীলকণ্ঠী ব্ৰজ. চন্দ্ৰ প্ৰকাশ. ISBN 978-81-244-0170-5
  2. ↑ অৰবিন্দ ৰাজখোৱা. (২০১১). কদৰ্য জীৱনৰ মাজত মানৱতাৰ সন্ধান - মামণি ৰয়ছম গোস্বামীৰ উপন্যাস. দৈনিক জনমভূমি. পৃ. ৭ পৃষ্ঠা
  3. ↑ The Intimate Mornings with Mamoni Baideo; Manjeet Barua, 6/11/2006; Retrieved 1/12/2011

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলকণ্ঠী ব্ৰজ” প্ৰবন্ধৰ সংশোধন ৩৮৯৩৩০ (২৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।