মায়াবৃত্ত হৈছে অসমীয়া ঔপন্যাসিকা ৰীতা চৌধুৰীৰ দ্বাৰা ৰচিত এখন উপন্যাস। পুতি নামৰ এজনী অকণমানি ছোৱালী হৈছে কাহিনীটোৰ মূল চৰিত্ৰ। যি সময়ত মানুহৰ মনত দয়া মমতা সকলো শেষ হৈ প্ৰকৃতি আইক ধ্বংস কৰাত উন্মাদ হৈ পৰিছে, সেই একে সময়তে কণমানি পুতি আৰু তাইৰ একমাত্ৰ বন্ধু সুবৰ্ণৰ মনটোৱে কিদৰে প্ৰকৃতি ৰক্ষাৰ বাবে হাহাকাৰ কৰি উঠিছে, সেয়া কাহিনীটোৰ মূল বিষয়বস্তু।
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: ৰীতা চৌধুৰী
ড॰ ৰীতা চৌধুৰী (জন্ম:২০ আগষ্ট, ১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী লেখিকা।১২ তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেখেত নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক পদত অধিস্থিত আছিল৷ সম্প্ৰতি তেখেত কটন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তাৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ ((Monday, December 29, 2008)). Literary feats lauded. The Assam Tribune
- ↑ ((Wednesday, February 18, 2009)). Chowdhury, Narzary given Akademi award. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মায়াবৃত্ত” প্ৰবন্ধৰ সংশোধন ৩৮২৫৮৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।