অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভানুমতী

পদ্মনাথ গোহাঞিবৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী (১৯০৫) ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি। ভানুমতী উপন্যাসখন বিজুলী আলোচনীত খণ্ড-খণ্ডকৈ ধাৰাবাহিক ভাৱে প্ৰকাশ হৈ থাকোঁতেই পূৰ্ণাংগ ৰূপত লাহৰী গ্ৰন্থ আকাৰত প্ৰকাশ হৈ ওলায়।

হালনাগাদ: ১০ অক্টোবৰ ২০২৩ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

পদ্মনাথ গোহাঞি বৰুৱাৰ ভানুমতী (১৮৯১) আৰু লাহৰী (১৮৯২) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ পদুম কুঁৱৰী (১৯০৫) ৰচনাৰ পাছত আধুনিক অসমীয়া উপন্যাসৰ ধাৰা আৰম্ভ হয় বুলিব পাৰি।

ভানুমতী উপন্যাসখন বিজুলী আলোচনীত খণ্ড-খণ্ডকৈ ধাৰাবাহিক ভাৱে প্ৰকাশ হৈ থাকোঁতেই পূৰ্ণাংগ ৰূপত লাহৰী গ্ৰন্থ আকাৰত প্ৰকাশ হৈ ওলায়। সেই সূত্ৰে যদিও ভানুমতীয়ে ছপাশালৰ মুখ প্ৰথমে দেখিছিল, আধুনিক অসমীয়া সাহিত্যৰ প্ৰথম পূৰ্ণাংগ উপন্যাস লাহৰী। ১৮৯১ চনত ভানুমতী বিজুলী আলোচনীত প্ৰকাশ হয়। গ্ৰন্থ আকাৰত প্ৰকাশ হয় ১৯০৮ চনত। উপন্যাসখন নায়িকা প্ৰধান। ভানুমতী আৰু চাৰু গোহাঞি নামৰ এহাল ডেকা-গাভৰু প্ৰণয় কাহীনীক পটভূমি হিচাপে লৈ উপন্যাসখন ৰচিত হৈছে। ভানুমতী আৰু চাৰু গোহাঞিৰ মিলনৰ দুৱাৰডলিত যুৱৰাজ (পিছলৈ ৰজা) হেঙাৰ ৰূপে থিয় দিয়াত, ঘটনাক্ৰমে চাৰু গোহাঞিক প্ৰাণদণ্ড দিয়াৰ বাবে চাওদাঙৰ হাতত অৰ্পণ কৰা হয় আৰু পৰিনতিত ভানুমতীয়েও উন্মাদিনী হৈ পুখুৰীত জাঁপ দি প্ৰাণ ত্যাগ কৰে। কাহিনীটো ঐতিহাসিক পটভূমিৰ আধাৰত ৰচিত হ’লেও তাত ইতিহাসৰ কোনো আখ্যান পাবলৈ নাই। সেই ফালৰ পৰা উপন্যাসখন সামাজিক উপন্যাস বুলিব পাৰি।১

তথ্যসূত্ৰ

  1. ↑ এশ বছৰৰ অসমীয়া উপন্যাস, সম্পাদনা-নগেন ঠাকুৰ, দ্বিতীয় প্ৰকাশ, ২০১২, পৃষ্ঠা-৩২১

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভানুমতী” প্ৰবন্ধৰ সংশোধন ৩৮৬৮০৩ (১০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।