নেফামিজ বা অৰুণামিজ (Nefamese বা Arunamese) ভাৰতবৰ্ষৰ পূব প্ৰান্তৰ ৮৩,৭৪৩ বৰ্গ কিঃমিঃ ব্যাপ্ত হৈ থকা ৰাজ্য অৰুণাচল প্ৰদেশৰ মিশ্ৰিত (pidgin) ভাষা। পূৰ্বে এই প্ৰদেশখনক উত্তৰ-পূব সীমান্ত অঞ্চল যাক ইংৰাজীত North East Frontier Agency বা চমুকৈ NEFA বুলি জনা গৈছিল।১ ১৯৮৭ চনৰ ২০ ফেব্ৰুৱাৰীত পৃথক ৰাজ্যৰূপে স্বীকৃতি পোৱা এই অৰুণাচল প্ৰদেশখন পূৰ্বতে অসমৰে এটা অংশ আছিল।
অৰুণাচল প্ৰদেশৰ বিভিন্ন ভাষিক জনগোষ্ঠীৰবিলাকৰ মাজত অসমীয়া ভাষাই বিকাশ লাভ কৰে যাক প্ৰথমে 'ভঙা অসমীয়া ভাষা' বুলি ক’লেও তাক পিছলৈ 'নেফামিজ' বুলিহে জনা গ’ল। সম্প্ৰতি প্ৰদেশখনৰ নাম অৰুণাচল হোৱাত ইয়াক 'অৰুণামিজ ভাষা' বুলিও কোৱা হয়।১
ধ্বনি-তত্ব
নেফামিজত ছয়টা স্বৰযুক্ত বিশিষ্ট ধ্বনি, ওঠৰটা ব্যঞ্জনবৰ্ণৰ বিশিষ্ট ধ্বনি আৰু ছয়টা দ্বি-স্বৰ আছে৷২
লগতে চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নেফামিজ” প্ৰবন্ধৰ সংশোধন ৫৪৬৯৬৯ (৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।