অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মৃত্যুঞ্জয়

মৃত্যুঞ্জয় (Mrityunjay) অসমীয়া সাহিত্য জগতত লেখত ল’বলগীয়া উপন্যাসসমূহৰ ভিতৰত অন্যতম। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক ১৯৭৯ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১১৬ শব্দ · ১ মিনিট সংগৃহীত ৯২
সংশোধনৰ পৰামৰ্শ

মৃত্যুঞ্জয় (Mrityunjay) অসমীয়া সাহিত্য জগতত লেখত ল’বলগীয়া উপন্যাসসমূহৰ ভিতৰত অন্যতম। এই গ্ৰন্থখনৰ বাবে ঔপন্যাসিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যক ১৯৭৯ চনত জ্ঞানপীঠ বঁটা প্ৰদান কৰা হৈছিল। উপন্যাসখনৰ প্ৰথম প্ৰকাশ জুলাই, ১৯৭০ চনত হৈছিল। তাৰপাছত ক্ৰমে দ্বিতীয় প্ৰকাশ: জুন, ১৯৮০ চন; তৃতীয় প্ৰকাশ: জুলাই, ১৯৮০ চন; চতুৰ্থ প্ৰকাশ: ছেপ্টেম্বৰ, ১৯৮৫ চন; পঞ্চম প্ৰকাশ: জুলাই, ১৯৯২ চন; ষষ্ঠ প্ৰকাশ: জুলাই, ১৯৯৮; সপ্তম প্ৰকাশ: জুলাই, ২০০৫ চনত কৰা হয়১।

লেখকৰ পৰিচয়

মূল প্ৰবন্ধ: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (জন্ম:১৮ অক্টোবৰ, ১৯২৪ - মৃত্যু:৬ আগষ্ট, ১৯৯৭) অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। তেওঁ ১৯৭৯ চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া আছিল। তেওঁ ১৯৬১ চনত ঈয়াৰুইঙ্গম গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। ২০০৫ চনত Love in the Time of Insurgency নামেৰে ইয়াৰুইঙ্গম গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়। ১৯৮৩-৮৫ বৰ্ষৰ বাবে তেওঁ অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।১

উপন্যাসৰ চৰিত্ৰসমূহ

উপন্যাসখনত কাহিনীৰ প্ৰয়োজনত অলেখ চৰিত্ৰৰ সমাবেশ ঘটিলেও ধনপুৰ, গোঁসাই, ৰূপনাৰায়ণ, মধু কেওঁট, মাণিক বৰা, ভিভিৰাম, জয়ৰাম, দধি মাষ্টৰ, আহিনা কোঁৱৰ, ডিমি, গোঁসানী, অনুপমা, শইকীয়া দাৰোগা, টিকৌ আদিয়ে মূল কাহিনীটো আগুৱাই যোৱাত আঁত ধৰিছে১

উপন্যাসৰ কাহিনীৰ সাৰাংশ

মৃত্যুঞ্জয় উপন্যাসত বৰ্ণোৱা ঘটনাৰ কাল ১৯৪২ চন। ইয়াত এই সময়ছোৱাৰ ভাৰতৰ স্বাধীনতা আন্দোলনৰ চিৰস্মৰণীয় ঘটনাৱলীৰ আভাস আৰু চিত্ৰন আছে। সেই সময়ৰ সমাজ, মানুহৰ চিন্তাধাৰা, ৰীত-নীতিৰ বৈশিষ্ট্য, স্বাধীনতাৰ প্ৰভাৱে মানুহৰ জীৱনক কিদৰে প্ৰাভাৱাম্বিত কৰিছিল তাৰ নিৰ্মোহ প্ৰতিফলন উপন্যাসখনত পোৱা যায়। স্বাধীনতা আন্দোলনত মোহনদাস কৰমচান্দ গান্ধীৰ অহিংস আন্দোলনৰ বিপৰীতে দেশজুৰি গা কৰি উঠিছিল সশস্ত্ৰ সংগ্ৰাম। সশস্ত্ৰ সংগ্ৰামত বিশ্বাসী কৰ্মীসকলে আন্দোলনৰ কাৰ্যৱলীৰ লগতে সংগতি ৰাখি উপৰৰ নিৰ্দেশক্ৰমে ৰেলগাড়ী বগৰোৱাৰ ঘটনা এটাক আলম কৰিয়েই গোটেই উপন্যাসখনে গতি কৰিছে। মূল ৰেলগাড়ী বগৰোৱাৰ ঘটনাটোক প্ৰতিফলন কৰিবলৈকে আন্দোলনৰ সমৰ্থনত গোঁসাই, কোঁচ, কেওঁত, গাৰো, নেপালী নিৰ্বিশেষে পাহাৰ ভৈয়াম মিলি সকলোৰে প্ৰাণত দেশ স্বাধীন কৰাৰ যি ঐক্যন তাক ঔপন্যাসিকে নিখুঁটভাৱে ফুটাই তুলিছে। প্ৰতীকিগত ভাৱে কানিৰ বিৰূপ প্ৰভাৱ, জাতিগতভাৱে সমাজত থকা উচ্চ-নীচ ভেদাভেদৰ অৱসান, সেনাবহিনীৰ অবৰ্ণনীয় অত্যাচাৰ, স্বাধীনতাৰ বাবে উন্মুখ চহা সহজ সৰল প্ৰাণে মৃত্যু ভয়কো জিনি দেশৰ বাবেই আত্মবলিদান দিয়াৰ কথাই সেই সময়ৰ বা-মাৰলিৰ চিন দাঙি ধৰিছে। সামাগ্ৰিকভাৱে এই উপন্যাসখনক ৪২ৰ স্বাধীনতা আন্দোলনৰ এখন জীৱন্ত দলিল বুলিব পাৰি। এই উপন্যাসত ফুটি উঠা ৰূপ স্বাধীনতাৰ সাধনা-কালৰ। সেই সাধনাৰ মহত্ত্ব, আৰু একক অনুভূতিৰ যিসকল অধিকাৰী হৈছিল সেই সকলৰ আত্মাৰ যৎ‌সামান্য চিনাকি ইয়াত আছে১।

অনুবাদ

  • বাংলা: মৃত্যুঞ্জয় (অনুবাদক: উষাৰঞ্জন ভট্টাচাৰ্য)২
  • ইংৰাজী: Mrityunjay (অনুবাদক: ধীৰেন্দ্ৰনাথ বেজবৰুৱা)৩
  • হিন্দী: মৃত্যুঞ্জয় (অনুবাদক: দৃষ্ণপ্ৰসাদ সিং মগধ)৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ মৃত্যুঞ্জয়, লেখক: বীৰেন্দ্ৰ কুমাৰ ভাট্টাচাৰ্য, প্ৰথম প্ৰকাশ: জুলাই, ১৯৭০, প্ৰকাশক: সাহিত্য প্ৰকাশ, ট্ৰিবিউন বিল্ডিংছ, গুৱাহাটী, মুদ্ৰক: ট্ৰিবিউন প্ৰেছ
  2. ↑ worldcat.org-ত সন্নিবিষ্ট তথ্য (বাংলা). আহৰণ কৰা তাৰিখ: ১১-০৭-২০১২
  3. ↑ worldcat.org-ত সন্নিবিষ্ট তথ্য (ইংৰাজী). আহৰণ কৰা তাৰিখ: ১১-০৭-২০১২
  4. ↑ worldcat.org-ত সন্নিবিষ্ট তথ্য (হিন্দী). আহৰণ কৰা তাৰিখ: ১১-০৭-২০১২

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থঅসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৃত্যুঞ্জয়” প্ৰবন্ধৰ সংশোধন ৩৮৫৭৫৩ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।