সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চান্দেৰী শাৰী
চান্দেৰি শাৰী ভাৰতৰ মহিলাই পৰিধান কৰা এক বস্ত্ৰ আৰু ই ভাৰতৰ মধ্যপ্ৰদেশৰ চান্দেৰিত নিৰ্মিত পৰম্পৰাগত কোলি শাৰী।
-
চিকিৎসা শিক্ষা সঞ্চালকালয়, অসম
চিকিৎসা শিক্ষা সঞ্চালকালয়,অসম (Directorate of Medical Education,Assam) ১৯৮৪ চনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, অসম চৰকাৰৰ অধীনত প্ৰতিষ্ঠা হোৱা এখন স্বতন্ত্ৰ পৰিষদ।
-
চিলাপথাৰ টাউন মহাবিদ্যালয়
চিলাপথাৰ টাউন মহাবিদ্যালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। মহাবিদ্যালয়খন ১৯৯৩ চনত স্থাপিত কৰা হৈছে। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ আছে। মহাবিদ্যালয়খন অসমত ধেমাজী জিলাৰ চিলাপথাৰত অৱস্থিত।
-
চিলাপথাৰ মহাবিদ্যালয়
চিলাপথাৰ মহাবিদ্যালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। ১৯৭৯ চনত স্থাপিত মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ আছে। মহাবিদ্যালয়খন অসমত ধেমাজী জিলাৰ চিলাপথাৰত অৱস্থিত।
-
চুমিয়া টোৰা
চুমিয়া টোৰা (Summia Tora) মহিলা আৰু শৰণাৰ্থীৰ অধিকাৰৰ দিশত কাম কৰি থকা এগৰাকী আফগান প্ৰচাৰক আৰু সামাজিক উদ্যোগী। ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁক বিবিচিৰ ১০০ মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।
-
চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন
চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন (ইংৰাজী: Centre of Indian Trade Unions চমুকৈ, CITU) ভাৰতৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰেড ইউনিয়ন। ই ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ লগত জড়িত। ইয়াৰ উপস্থিতি বেছিভাগেই ভাৰতৰ ৰাজ্য ত্ৰিপুৰা, পশ্চিমবংগ, কেৰালা, তামিলনাডু, কৰ্ণাটক, অসম আৰু অন্ধ্ৰপ্ৰদেশত।
-
চোলাপুৰী চাদ্দৰ
চোলাপুৰ চাদ্দৰ বা চাদৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ চোলাপুৰত তৈয়াৰী কপাহী কম্বল। এই কম্বলসমূহ ভাৰতত জনপ্ৰিয়; ইয়াক পূৰ্বতে হস্ত-তাঁতশালৰদ্বাৰা নিৰ্মাণ কৰা হয় কিন্তু এতিয়া জেকাৰ্ড মেচিনৰদ্বাৰা আৰু ইয়াৰ অনন্য ডিজাইন আৰু স্থায়িত্বৰ বাবে জনাজাত।
-
ছা জা
ছা জা (Chhaa Jaa) (গ’ ফৰ্থ এণ্ড শ্বাইন) হ'ল ভাৰতৰ ডিজিটেল-প্ৰথম যুৱ ব্ৰেণ্ড যিয়ে ছোৱালীসকলক তেওঁলোকৰ জীৱনত বাছনি আৰু পৰিৱৰ্তন কৰিবলৈ প্ৰয়োজনীয় আত্মবিশ্বাস গঢ়ি তোলাত সহায় কৰাৰ লক্ষ্য ৰাখে।
-
ছাব্ৰিনা ছাকিব
ছাব্ৰিনা ছাকিব (Sabrina Saqeb) এগৰাকী আফগান ৰাজনীতিবিদ যিয়ে ২০০৫ চনৰ পৰা ২০১০ চনলৈকে সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনত আফগান ৰাষ্ট্ৰপতি হামিদ কাৰ্জাইয়ে শ্বিয়া ব্যক্তিগত আইন সম্পৰ্কীয় আইনখনৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ আৰু আয়োজন কৰাত তেওঁ সহায় কৰে৷ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে তেওঁ…
-
ছাহাৰ ফেট্ৰট
ছাহাৰ ফেট্ৰাট (Sahar Fetrat) এগৰাকী আফগান কৰ্মী, চিত্ৰনাট্যকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা। আফগানিস্তানত জন্মগ্ৰহণ কৰা ছাহাৰে প্ৰথম তালিবান শাসনৰ সময়ত ইৰাণ আৰু পাকিস্তানত যুৱ শৰণাৰ্থী হিচাপে বাস কৰিছিল।
-
ছিডোনিয়া ডি বাৰ্চি
ছিডোনিয়া ডি বাৰ্চি (জন্ম: ১ মাৰ্চ, ১৮৬৬ চন – মৃত্যু: ৩১ জুলাই, ১৯২৫ চন) হাংগেৰীৰ এগৰাকী বেৰনেছ আৰু দাড়ি থকা নাৰী আছিল। তেওঁৰ একমাত্ৰ পুত্ৰ সন্তান জন্মৰ পিছত মুখত দাড়ি গজিছিল, আৰু পিছলৈ পশ্চিম ইউৰোপ আৰু আমেৰিকাত অনুষ্ঠান পৰিৱেশন কৰিছিল।
-
ছুইতা নুৰী
ছুইতা নুৰী (Sweeta Noori, জন্ম:১৯৭৩) আফগানিস্তানৰ মহিলা অধিকাৰৰ সমৰ্থক।তেওঁ বেচৰকাৰী সংস্থা ৱমেন ফৰ ৱমেন ইণ্টাৰনেশ্যনেলৰ আফগানিস্তান অধ্যায়ৰ দেশীয় পৰিচালক।
-
ছুমায়া আলী ৰাজা
ছুমায়া আলী ৰাজা (Sumaya Ali Raja, জন্ম-প্ৰায় ১৯৫৪) এগৰাকী য়েমেনী সাংবাদিক আৰু ৰাজনৈতিক কৰ্মী।২০০৫ চনৰ ডিচেম্বৰ মাহত তেওঁ য়েমেনৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে নিজকে ঘোষণা কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।
-
ছেইণ্ট জেভিয়াৰ কলেজ, কলকাতা
ছেইন্ট জেভিয়াৰ'ছ কলেজ হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ কলিকতা মহানগৰত অৱস্থিত ব্যক্তিগত খণ্ডৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়। এই শিক্ষানুষ্ঠানখন কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত এখন স্বায়ত্তশাসিত মহাবিদ্যালয়।
-
ছেদিকা বালখী
ছেদিকা বালখী (Sediqa Balkhi) এগৰাকী আফগান ৰাজনীতিবিদ আৰু হামিদ কাৰ্জাই চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী।
-
ছোইলা
ছোইলা , কেতিয়াবা ছাভেলা বা ছোয়লা বুলিও কোৱা হয়। এয়া হৈছে নেপালৰ নেৱাৰ সম্প্ৰদায়ৰ মচলাযুক্ত গ্ৰীল কৰা ম'হৰ মাংসৰে ৰন্ধা একপ্ৰকাৰ ব্যঞ্জন। যদিও পৰম্পৰাগতভাৱে ম'হৰ মাংসৰে তৈয়াৰ কৰা হয়, সমসাময়িক সংস্কৰণত ছাগলীৰ মাংস, কুকুৰা, হাঁহ, আৰু কাঠফুলা আদিও ব্যৱহাৰ কৰা দেখা যায়॥ সাধাৰণতে চাউলৰ গুৰিৰ…
-
ছোৱালী ইছলামিক সংস্থা
ছোৱালী ইছলামিক সংস্থা বা চমুকৈ জিআইঅ’ ভাৰতৰ ছোৱালীৰ বাবে এটা ছাত্ৰ সংগঠন। জামাত-ই-ইছলামী হিন্দৰ ৰাজ্যিক সমিতিৰ পৃষ্ঠপোষকতাত ই তেওঁলোকৰ ছোৱালীৰ শাখা হিচাপে অস্তিত্ব লাভ কৰিছিল। জিআইঅ’ই ৰাজস্থান, পশ্চিমবংগ, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, কেৰেলা, দিল্লী, গুজৰাট আৰু কৰ্ণাটক।
-
জাকিয়া ৱাৰডাক
জাকিয়া ৱাৰডাক (Jakia Wardak) এগৰাকী আফগান স্থপতিবিদ, ৰাজনীতিবিদ আৰু ব্যৱসায়ী। তেওঁ মুম্বাইত আফগানিস্তানৰ প্ৰথমগৰাকী মহিলা কনছুল জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৱাৰডাকে অন্তৰ্ভুক্তি আৰু মহিলাৰ অধিকাৰৰ পোষকতা কৰে।
-
জাজিম
জাজিমক জেলিম বা জাজিম-বাফি বুলিও লিখা হয়, ই হৈছে ইৰাণৰ বেছিভাগ গাঁও আৰু গ্ৰাম্য অঞ্চলত সৃষ্টি আৰু ব্যৱহাৰ কৰা ৰঙীন প্ৰাকৃতিক আঁহৰদ্বাৰা তৈয়াৰী হাতেৰে নিৰ্মিত, সমতল বোৱা বস্ত্ৰ। জাজিম আজাৰবাইজান, তুৰস্ক, ভাৰত আদি ঠাইত পোৱা যায়।
-
জেংৰাইমুখ মহাবিদ্যালয়
জেংৰাইমুখ মহাবিদ্যালয় (Jengraimukh College) কলা আৰু বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এই মহাবিদ্যালয়খন বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীত অৱস্থিত।
-
জ্ঞানপীঠ স্নাতক মহাবিদ্যালয়, বাক্সা
জ্ঞানপীঠ স্নাতক মহাবিদ্যালয় অসমৰ বাক্সা জিলাৰ নিকাচিত অৱস্থিত এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। ১৯৯৩ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়। মহাবিদ্যালয়খন পূৰ্বে গুৱাহাটী বিশ্ববিদ্যালয় আৰু বৰ্তমান বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে।
-
জ্ঞানোদয় প্ৰাথমিক বিদ্যালয়
জ্ঞানোদয় প্ৰাথমিক বিদ্যালয় (ইংৰাজী: Gyanudoi Lower Primary School) হ’ল অসমৰ চৰাইদেউ জিলাৰ খালৈঘোগুৰা মৌজাৰ অন্তৰ্গত নাহৰতলি গাঁৱৰ কাকৱণীত অৱস্থিত এখন প্ৰাথমিক শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৭৫ চনত স্থাপিত বিদ্যালয়খনে ২০২৫ বৰ্ষত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী অতিক্ৰম কৰে।
-
ঝুংকা
ঝুংকা বা জুংকা পলেণ্টাৰ দৰেই ঘেঁহু গুড়িৰ মণ্ড বা ঘেঁহু গুড়িৰ তৰকাৰী। ই মহাৰাষ্ট্ৰ, উত্তৰ কৰ্ণাটক, আৰু গোৱাত প্ৰস্তুত কৰা এক পৰম্পৰাগতভাৰতীয় খাদ্য। ইয়াক পিথলা বা পিথলে নামেৰেও জনা যায়। ভাকৰিৰ লগত পৰিবেশন কৰিলে এই ব্যঞ্জনক ঝুংকা ভাকৰ বা পিথলা ভাকৰি বুলি কোৱা হয়।
-
টাংলা মহাবিদ্যালয়, টাংলা (ওদালগুৰি)
টাংলা কলেজ অসমৰ ওদালগুৰি জিলাৰ টাংলাৰ চামুৱাপাৰাত অৱস্থিত এটা সাধাৰণ ডিগ্ৰী (স্নাতক) আৰু সহশিক্ষামূলক মহাবিদ্যালয়। ১৯৭০ চনত স্থাপিত এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ সৈতে সংলগ্ন হৈ আছে।
-
টাকাম মিচিং পৰিন কেবাং
টাকাম মিচিং পৰিন কেবাং (টিএমপিকে) হৈছে অসমৰ মিচিং জনগোষ্ঠীৰ এটা ছাত্ৰ সংগঠন। ১৯৭১ চনত উচ্চতৰ মাধ্যমিক বিদ্যালয় জোনাইত এই সংগঠনক প্ৰতিষ্ঠা কৰা হৈছিল আৰু ২০২১ চনত জোনাই বজাৰত মাধ্যমিক ক্ষেত্ৰত ইয়াৰ ৫০ বছৰীয়া সোণালী জয়ন্তী উদযাপন কৰা হয়।
-
ডন বস্কো কলেজ, তুৰা
ডন বস্কো কলেজ, তুৰা মেঘালয়ৰ জনসাধাৰণক শিক্ষা প্ৰদানৰ বাবে ১৯৮৭ চনত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খনত ১০০ জনতকৈ অধিক শিক্ষক আৰু সহায়ক কৰ্মী নিয়োজিত হৈ আছে। মহাবিদ্যালয়খনত উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা ২০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে।
-
ডাফাৰ
ডাফাৰ ভাৰতৰ গুজৰাট ৰাজ্যৰ সৌৰাষ্ট্ৰ অঞ্চলত পোৱা এটা জন-সম্প্ৰদায়। সিন্ধৰপৰা কুচ্চৰ মাজেৰে সৌৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰা বুলি দাবী কৰে। এইসকলৰ মাজত মুছলমান ডাফাৰ আৰু হিন্দু ডাফাৰো আছে। ডাফাৰৰ বংশ কম, ইয়াৰে কিছুমান হ’ল: নাথৱানী, লাডাক, নাগৰী, মৰি, সোমমা, খাৰৱা, ছাৰ, কেৰ, ৰাথোৰ, লখা, খৰিয়া আদি।
-
ডীল (পৰিধান)
ডিল ( Deel) হৈছে মংগোলীয়, তুৰ্কী আৰু টুংগুচিক জনগোষ্ঠীৰ লোকসমূহে সাধাৰণতে শতিকাজুৰি পিন্ধা পৰম্পৰাগত সাজ-পোছাকৰ এটা প্ৰকাৰ আৰু ইয়াক কপাহ, ৰেচম, উল বা ব্ৰকেডৰ পৰা তৈয়াৰ কৰিব পাৰি৷ ডিল এতিয়াও প্ৰধান চহৰসমূহৰ বাহিৰত সাধাৰণতে পুৰুষ আৰু মহিলা উভয়ে পিন্ধে, বিশেষকৈ পশুপালকসকলে।
-
ঢাকানে
ঢাকানে ( ढकने), এক প্ৰকাৰৰ মিঠা পোলাও, নেপালত উৎপত্তি হোৱা চাউলৰ পৰা তৈয়াৰী খাদ্য। নেপালৰ সকলো ঠাইতে ইয়াৰ জনপ্ৰিয়তা, পূব নেপালত যথেষ্ট বেছি আৰু ঠাই অনুসৰি ইয়াক বিভিন্ন নামেৰে জনা যায়। যদিও ই মিঠা খাদ্য, তথাপিও ইয়াক ডেজাৰ্ট হিচাপে পৰিৱেশন কৰিব নোৱাৰি, কাৰণ ই এক গধুৰ খাদ্য।
-
তিয়ঁহৰ কেক
তিয়ঁহৰ কেক হৈছে তিয়ঁহক প্ৰাথমিক উপাদান হিচাপে ব্যৱহাৰ কৰি প্ৰস্তুত কৰা এবিধ কেক। অতিৰিক্ত উপাদানসমূহৰ ভিতৰত সাধাৰণ কেকৰ উপাদান যেনে, আটা, চেনি, কণী আৰু বেকিং পাউদাৰ আদি থাকিব পাৰে। ইয়াক ডেজাৰ্ট কেক হিচাপে পৰিৱেশন কৰিব পাৰি আৰু কিছুমান প্ৰকাৰৰ ওপৰত আইচিং দিয়া হয়।