চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন (ইংৰাজী: Centre of Indian Trade Unions চমুকৈ, CITU) ভাৰতৰ এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ট্ৰেড ইউনিয়ন। ই ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ লগত জড়িত। ইয়াৰ উপস্থিতি বেছিভাগেই ভাৰতৰ ৰাজ্য ত্ৰিপুৰা, পশ্চিমবংগ, কেৰালা, তামিলনাডু, কৰ্ণাটক, অসম আৰু অন্ধ্ৰপ্ৰদেশত।১২
চি.আই.টি. ইউ. গঠনৰ ইতিহাস
মূলতঃ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (CPI)ৰ ভিতৰত বিভাজনৰ ফলত ১৯৭০ চনত কেন্দ্ৰীয় ভাৰতীয় ট্ৰেড ইউনিয়ন (CITU) গঠন হয়।৩ এই বিভাজনসমূহ চীন আৰু ছোভিয়েট ইউনিয়নৰ ওপৰত বিভিন্ন ফৈদৰ স্থিতিৰ পৰাই উদ্ভৱ হৈছিল। যাৰ ফলত ১৯৬৪ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) (CPM) গঠন হৈছিল। এতিয়া চি.আই.টি.ইউ বিশ্ব ট্ৰেড ইউনিয়নৰ সৈতে জড়িত।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেণ্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়ন” প্ৰবন্ধৰ সংশোধন ৫২৭৫৬২ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।