

ডিল ( Deel) হৈছে মংগোলীয়, তুৰ্কী আৰু টুংগুচিক জনগোষ্ঠীৰ লোকসমূহে সাধাৰণতে শতিকাজুৰি পিন্ধা পৰম্পৰাগত সাজ-পোছাকৰ এটা প্ৰকাৰ১ আৰু ইয়াক কপাহ, ৰেচম, উল বা ব্ৰকেডৰ পৰা তৈয়াৰ কৰিব পাৰি৷
ডিল এতিয়াও প্ৰধান চহৰসমূহৰ বাহিৰত সাধাৰণতে পুৰুষ আৰু মহিলা উভয়ে পিন্ধে, বিশেষকৈ পশুপালকসকলে।২ চহৰ অঞ্চলত ডিল বেছিভাগেই কেৱল বৃদ্ধ লোকেহে পিন্ধে বা উৎসৱমুখৰ অনুষ্ঠানত। ডিল দেখাত কাফটান বা পুৰণি ইউৰোপীয় ভাঁজ কৰা টিউনিকৰ দৰেই দেখা যায়।২ ডিল সাধাৰণতে পিন্ধোতাজনৰ আঁঠুৰ তললৈ ওলমি থাকে আৰু তলেৰে বতাহ চলাচল কৰে। ইহঁতৰ ৰং বিভিন্ন ধৰণৰ যদিও বেছিকৈ নীলা, জলফাই বা বাৰ্গেণ্ডী ৰঙৰ হয়।
বৰ্ণনা
ডিল পিন্ধিলে এটা ডাঙৰ অভাৰকোট পিন্ধাৰ দৰে দেখা যায়। মাজত একেলগে বুটাম লগোৱাৰ পৰিৱৰ্তে দুয়োকাষ পিন্ধাজনৰ শৰীৰৰ ওপৰত টানি লোৱা হয়৷ সোঁফালৰ কাপোৰৰ টুকুৰাটো বাওঁফাললৈ টানি শৰীৰটো ঢকা হয়৷ সাধাৰণতে পিন্ধাজনৰ সোঁফালে ওপৰৰ ফ্লেপটো ঠাইতে ধৰি ৰাখিবলৈ ৫ বা ৬টা বুটাম থাকে। কাষলতিৰ তলত এটা, কান্ধত তিনিটা আৰু ডিঙিৰ ৰেখাত হয় এটা বা দুটা বুটাম বা বান্ধ দিব পৰা ফিটা থাকে৷
ডিল পৰম্পৰাগতভাৱে ৰেচম বা চামৰাৰ বেল্টৰ সৈতে তৈয়াৰ কৰা ডাঙৰ কমৰবন্ধ(sash)ৰ পিন্ধা হয়; অলংকৃত বেল্ট আধুনিক যুগত অধিক সাধাৰণ ব্যৱহাৰ্য হৈ পৰিছে। ফ্লেপৰ মাজৰ আৰু বেল্টৰ ওপৰৰ অংশই এটা ডাঙৰ পকেটৰ সৃষ্টি কৰে, য’ত পিন্ধাজনে বস্তু জমা কৰিব পাৰে; মংগোলীয় পুৰুষে মাজে মাজে আনকি ৰূপৰ বাটি বা কাপ এটা, আনকি ডিলত স্নাফ বাকচ এটাও লৈ যাব পাৰে। যদিও পুৰুষ আৰু মহিলাৰ ডিলৰ মাজত বস্তুগত বা ৰূপৰেখাৰ কোনো ডাঙৰ পাৰ্থক্য নাই, মহিলাসকলে "পকেট"টো ওচৰতে পিন্ধি লয় (অৰ্থাৎ মহিলাসকলে প্ৰায়ে অধিক লিপিট খাই থকা ডিল পছন্দ কৰে), আনহাতে পুৰুষৰ পকেট ডাঙৰ হ'ব পাৰে, যিটো ঢিলাকৈ ফিট, আৰু আহল-বহল হাতৰ আঁচলেৰে তৈয়াৰী হয়।
মংগোলিয়াত ডিল শব্দটোৰে বৰ্তমান অন্যান্য দীঘলীয়া শীতকালীন কোটকো সামৰি লৈছে। উদাহৰণস্বৰূপে, পশ্চিমীয়া ডিজাইনৰ পছমী আৰু চামৰাৰ অভাৰকোটক ক্ৰমে নেখিই ডিল আৰু ছাউকিন ডিল বুলি কোৱা হয়, যাৰ অৰ্থ হৈছে "ফাৰ ডিল", "চামৰাৰ ডিল" আৰু "কাশ্মীৰী ডিল", যিটো কাশ্মীৰী বিলাসী সামগ্ৰীৰ পৰা তৈয়াৰ কৰা হয়। তথাপিও আন মংগোলীয় অঞ্চল, যেনে জিনজিয়াঙৰ বৰ্টলাত ডিল শব্দটোৰ নিৰ্দিষ্ট অৰ্থ পৰম্পৰাগত কাপোৰ হিচাপে ধৰি ৰাখিছে আৰু অন্যান্য অভাৰকোটক অলণ্ডোই বুলিও উল্লেখ কৰিছে।
প্ৰকাৰ
বিভিন্ন সংস্কৃতি আৰু জনগোষ্ঠীৰ মাজত ডিলৰ ডিজাইন কিছু পৰিমাণে ভিন্ন হয় আৰু সময়ৰ লগে লগে ইয়াৰ ভিন্নতা বাঢ়িছে। আনকি বিভিন্ন মংগোল জনগোষ্ঠীৰ মাজতো সুকীয়া ভিন্নতা দেখা গৈছে,৩ এই ভিন্নতা বেছিভাগেই বুকুৰ ওপৰৰ মুকলি প্ৰান্তৰ ডিজাইনৰ বাবে। উদাহৰণস্বৰূপে, খালখা মংগোলীয় ডিলৰ মুকলি প্ৰান্তবোৰ ঘূৰণীয়া, আনহাতে এটা বুৰিয়াত ডিলৰ ডিজাইন বৰ্গক্ষেত্ৰাকাৰ। আন জনগোষ্ঠী যেনে চাখৰ, টৰগুড, উজেমচিন আদিৰ মাজতো ইয়াৰ ভিন্নতা থাকিব পাৰে। ডিল বিভিন্ন অনুষ্ঠান, ঋতু,৪ আৰু কাৰ্যৰ বাবে ডিজাইন কৰা হয়। বিয়া আৰু বন্ধৰ দিন আদি অনুষ্ঠানৰ বাবে ডিল আৰু দৈনন্দিন পৰিধানৰ বাবে বেলেগ ডিল থাকে। বিশেষ অনুষ্ঠানৰ বাবে ডিলৰ বাহিৰৰ তৰপটো ৰেচমৰ পৰা তৈয়াৰ কৰা হয় আনহাতে সাধাৰণ ডিলবোৰ সাধাৰণতে উল, কপাহ আৰু অন্যান্য তুলনামূলকভাৱে কম খৰচী সামগ্ৰীৰে তৈয়াৰ কৰা হয়।
তথ্যসূত্ৰ
- ↑ Cartwright, Mark. (14 October 2019). Clothing in the Mongol Empire. World History Encyclopedia. World History Publishing
- ↑ Sabloff, Paula L. W. (2001). Modern Mongolia: Reclaiming Genghis Khan. UPenn Museum of Archaeology. পৃ. 66–68. ISBN 978-0-924171-90-1
- ↑ Culture of the Mongol Deel. UNESCO Video and Sound Collections. UNESCO
- ↑ Mongolian Traditional Clothes. Discover Mongolia. Discover Mongolia Travel Co
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডীল (পৰিধান)” প্ৰবন্ধৰ সংশোধন ৫২৭৬০৫ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।