অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ঢাকানে

ঢাকানে ( ढकने), এক প্ৰকাৰৰ মিঠা পোলাও, নেপালত উৎপত্তি হোৱা চাউলৰ পৰা তৈয়াৰী খাদ্য। নেপালৰ সকলো ঠাইতে ইয়াৰ জনপ্ৰিয়তা, পূব নেপালত যথেষ্ট বেছি আৰু ঠাই অনুসৰি ইয়াক বিভিন্ন নামেৰে জনা যায়। যদিও ই মিঠা খাদ্য, তথাপিও ইয়াক ডেজাৰ্ট হিচাপে পৰিৱেশন কৰিব নোৱাৰি, কাৰণ ই এক গধুৰ খাদ্য।

হালনাগাদ: ৩ ডিচেম্বৰ ২০২৫ ৯৫ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ঢাকানে ( ढकने), এক প্ৰকাৰৰ মিঠা পোলাও, নেপালত উৎপত্তি হোৱা চাউলৰ পৰা তৈয়াৰী খাদ্য। নেপালৰ সকলো ঠাইতে ইয়াৰ জনপ্ৰিয়তা, পূব নেপালত যথেষ্ট বেছি আৰু ঠাই অনুসৰি ইয়াক বিভিন্ন নামেৰে জনা যায়। যদিও ই মিঠা খাদ্য, তথাপিও ইয়াক ডেজাৰ্ট হিচাপে পৰিৱেশন কৰিব নোৱাৰি, কাৰণ ই এক গধুৰ খাদ্য। সাধাৰণতে উৎসৱ বা বিশেষ অনুষ্ঠানৰ সময়ত ইয়াক ৰাতিৰ আহাৰ বা দুপৰীয়াৰ আহাৰ হিচাপে পৰিৱেশন কৰা হয়।.১ ইয়াক প্ৰায়ে পায়সৰ সৈতে বা নোহোৱাকৈয়ো পৰিৱেশন কৰা হয়।২

ইয়াৰ উৎপত্তি পূব নেপালত আৰু ইয়াৰ উৎপত্তি নেপালৰ ঢাকাল জাতিৰ পৰা হোৱা বুলি দাবী কৰা হয়। এতিয়াও নেপালৰ ঢাকালৰ মাজত ই বহুলভাৱে জনপ্ৰিয়।

তথ্যসূত্ৰ

  1. ↑ Rice Dhakani – Boss Nepal
  2. ↑ Traditional foods in Nepal - We All Nepali

সম্পৰ্কিত শ্ৰেণী

খাদ্যনেপালৰ খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢাকানে” প্ৰবন্ধৰ সংশোধন ৫৬০৭৪৪ (৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।