অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জেংৰাইমুখ মহাবিদ্যালয়

জেংৰাইমুখ মহাবিদ্যালয় (Jengraimukh College) কলা আৰু বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এই মহাবিদ্যালয়খন বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীত অৱস্থিত।

হালনাগাদ: ২১ মে’ ২০২৫ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

জেংৰাইমুখ মহাবিদ্যালয় (Jengraimukh College) কলা আৰু বিজ্ঞান শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল।১২ এই মহাবিদ্যালয়খন বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলীত অৱস্থিত।৩

ইতিহাস

জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ
জেংৰাইমুখ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষছবি: Nayan j Nath · CC BY-SA 4.0

মূলতঃ মিছিং আৰু দেউৰী জনজাতি বাস কৰা অসমৰ মাজুলী জিলাৰ জেংৰাইমুখ আছিল শিক্ষা আৰু অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চল।৩ প্ৰাকৃতিক সীমাৰ লগতে পৰিবহণ আৰু যোগাযোগৰ ব্যৱধানৰ বাবে এই স্থানৰ লোকসকলে তেওঁলোকৰ সন্তানক উচ্চ শিক্ষাৰ বাবে প্ৰেৰণ কৰিব নোৱাৰিছিল। স্থানীয় কিছুমান অগ্ৰণী ব্যক্তিৰ প্ৰচেষ্টাত ১৯৭৩ চনত জেংৰাইমুখ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়ৰ পৰা অনুমতি লাভ কৰে। প্ৰতিষ্ঠানটো বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপৰ শিক্ষাৰ এক প্ৰতীক হৈ পৰিছিল। শ্ৰীইন্দ্ৰেশ্বৰ পেগুৱে প্ৰথম অধ্যক্ষ হিচাপে মহাবিদ্যালয়খনত কাৰ্যনিৰ্বাহ কৰে।২৩

শাখা আৰু বিষয়সমূহ

কলা শাখা

  • অৰ্থনীতি
  • ইংৰাজী
  • ইতিহাস
  • ৰাজনীতি বিজ্ঞান
  • সমাজবিজ্ঞান২

বিজ্ঞান শাখা

  • উদ্ভিদবিজ্ঞান
  • ৰসায়ন বিজ্ঞান
  • গণিত
  • পদাৰ্থ বিজ্ঞান
  • প্ৰাণী বিজ্ঞান৪

তথ্যসূত্ৰ

  1. ↑ Release of fund for opening of science stream. Directorateofhighereducation.assam.gov.in
  2. ↑ Jengraimukh College. Jengraimukhcollege.org
  3. ↑ Jengraimukh College. Jengraimukhcollege.org
  4. ↑ 16 govt colleges in assam to start science stream/. Jengraimukhcollege.org/

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেংৰাইমুখ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫১০৯৩৬ (২১ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।