সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
তিয়ঁহৰ চুপ
টিয়ঁহৰ চুপ পোলেণ্ড আৰু লিথুৱেনিয়ানৰ এবিধ পৰম্পৰাগত খাদ্য আৰু চূপ (পোলেণ্ডৰ ভাষাত Zupa ogórkowa), ইয়াক পলিচ শৈলীত সংৰক্ষিত কৰি ৰখা টিয়ঁহ আৰু আলু বা মাজে মাজে আলুৰ সলনি চাউল ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হয়।
-
তিয়ঁহৰ ৰাইতা
তিয়ঁহৰ ৰাইতা, ৰাইতাৰ এটা প্ৰকাৰ, যিটো আন উপাদানত ডুবাই বা চালাড হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াক লগে লগে কটা তিয়ঁহ, কেঁচা জলকীয়া আৰু দৈৰ সৈতে তেয়াৰ কৰা হয় আৰু ইচ্ছা কৰিলে মিহিকৈ কটা বিলাহী আৰু পিয়াঁজ একেলগে মিহলায়ো তৈয়াৰ কৰিব পাৰি।
-
থাংগল (জনগোষ্ঠী)
থাংগল জনগোষ্ঠী উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ সেনাপতি জিলাত বসবাস কৰা এহ তিব্বত-বৰ্মন মূলৰ জনগোষ্ঠী। তেওঁলোকে মাৰামৰ সৈতে মিল থকা থাংগল ভাষা আৰু ৰংমেই ভাষা কয়। নৃতাত্ত্বিক গ্ৰন্থ অনুসৰি তেওঁলোকে মেইটেই ভাষাক দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে। বৰ্তমান ১৩খন থাংগল গাঁও আছে।
-
দাড়ি থকা মেৰী
দাড়ি থকা মেৰী হৈছে মধ্যযুগীয় আইকনগ্ৰাফীৰ (কেৰ'লিঞ্জিয়ান বংশৰ সময়ৰ) এক বিৰল ধৰণৰ ছবি য'ত যীচুৰ মাতৃ মেৰীক দাড়িৰে চিত্ৰিত কৰা হৈছে। কেৰ’লিন ৱাকাৰ বাইনামৰ মতে এই পৰম্পৰাক (পূৰ্বৰ) মধ্যযুগীয় ধাৰণাটোৰ সৈতে সংযোগ কৰিব পাৰি যে যৌন সতী মহিলাসকল পুৰুষৰ দৰে হ'ব পাৰে, যাৰ বিষয়ে জোআন মেকনামাৰাই বিতংভাৱে…
-
দুধনৈ মহাবিদ্যালয়
দুধনৈ মহাবিদ্যালয় (Dudhnoi College) হৈছে ১৯৭২ চনত স্থাপিত অসমৰ গোৱালপাৰা জিলাৰ দুধনৈত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ধিক্ৰি
ধিক্ৰি প্ৰধানকৈ দক্ষিণ নেপালৰ থাৰু লোকসকলে প্ৰস্তুত কৰা নেপালী ভাপত সিজোৱা চাউলৰ পিঠা। মাঘী উৎসৱৰ বাবে ই এক অপৰিহাৰ্য খাদ্য। ইয়াৰ উপৰি আন আন উৎসৱ যেনে দশাইন আৰু ছঠত ইয়াক পৰিৱেশন কৰা হয়। গৰম পানী আৰু চাউলৰ গুড়ি দি মথি এই পিঠা প্ৰস্তুত কৰা হয়। পিঠাগুৰিটোক চচ্চেজৰ আকৃতি দিয়া হয়।
-
ধুবুৰী ছোৱালী মহাবিদ্যালয়
ধুবুৰী ছোৱালী মহাবিদ্যালয় (Dhubri Girls' College) ১৯৮৩ চনত স্থাপিত অসমৰ ধুবুৰীত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ মহিলা শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷ এই মহাবিদ্যালয়খনে কলা শাখাৰ বিভিন্ন স্নাতক ডিগ্ৰী পাঠ্যক্ৰম আগবঢ়ায়।
-
নগা চাদৰ
নগা চাদৰ (Naga shawl) হৈছে নগালেণ্ড আৰু উত্তৰ-পূব ভাৰতৰ ইয়াৰ কাষৰীয়া অঞ্চলৰ বিভিন্ন নগা জনগোষ্ঠীয়ে তৈয়াৰ কৰা এক সুকীয়া আৰ্হিৰ (মূলতঃ ৰঙা আৰু ক’লা ঊলৰ) পৰম্পৰাগত চাদৰ।
-
নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল
নাছিৰনগৰ আশুতোষ পাইলট হাইস্কুল (নাসিব়নগব় আশুতোষ পাইলট উচ্চ বিদ্যালয়, Nasirnagar Ashutosh Pilot High School) বাংলাদেশৰ নাছিৰনগৰ, ব্ৰাহ্মণবাড়িয়াৰ পুৰণি শিক্ষানুষ্ঠানসমূহৰ ভিতৰত অন্যতম। ১৯৩৭ চনত এইখন স্থাপন কৰা হৈছিল।
-
নানপিয়ে
নানমি বা নানপিয়ে (; তাই নুয়া: TaiLe / ᥢᥣᥢᥙᥥ) হৈছে বিভিন্ন সতেজ উপাদান, বনৌষধি আৰু মচলাৰে প্ৰস্তুত কৰা দাই জনগোষ্ঠীৰ এবিধ পৰম্পৰাগত চাটনি সদৃশ আনুষংগিক খাদ্য পদ।
-
নাহৰকটীয়া মহাবিদ্যালয়
নাহৰকটীয়া মহাবিদ্যালয় (Naharkatiya College) কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। নাহৰকটীয়া মহাবিদ্যালয়খন ১৯৬৪ চনত স্থানীয় জনসাধাৰণৰ উদ্যোগত প্ৰতিষ্ঠিত হৈছিল। চহৰৰ শান্তিময় পৰিৱেশত থকা এই মহাবিদ্যালয়খন নাহৰকটীয়াৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দূৰত অৱস্থিত৷
-
নিভি (বস্ত্ৰ)
নিবী (নিভি, নিবি, নিবি) আছিল মহিলাই পৰিধান কৰা এক বস্ত্ৰ বিশেষ। এয়া আছিল কঁকালত মেৰিয়াই বা পিন্ধি শৰীৰৰ তলৰ অংশটো ঢাকিবলৈ লোৱা সাধাৰণ কাপোৰৰ টুকুৰা।
-
নিশলদা
নিশলদা( Nisholda ), এবিধ মিঠা সোৱাদ যুক্ত খাদ্য। দেখাত স্ফটিক-সদৃশ বগা জেলি বা জেমৰ নিচিনা যদিও, কিন্তু ই তাতকৈও বহু বেছি ঘন। ইয়াক ঠাই ভেদে নিশল্লো, নিশাল্ডো বা নিশলদা (ফাৰ্ছী: نشلا; বুক্হাৰিয়ান উপভাষা: Нишалло; তাজিক: Нишолло; উজবেক: Nisholda) বুলিও জনা যায়।
-
নীলা ইব্ৰাহীমী
নীলা ইব্ৰাহিমী (Nila Ibrahimi. জন্ম ২০০৬ বা ২০০৭) আফগানিস্তানৰ এগৰাকী জনগোষ্ঠীয় হাজাৰা আফগান কিশোৰী কৰ্মী৷ তেওঁ মহিলাৰ অধিকাৰৰ পোষকতা কৰে। ২০২১ চনৰ মাৰ্চ মাহত আফগানিস্তানে ১২ বছৰৰ ঊৰ্ধৰ ছোৱালী আৰু মহিলাক ৰাজহুৱাভাৱে গান গোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত ইব্ৰাহিমীয়ে এটা প্ৰতিবাদী গীত ৰেকৰ্ডিং কৰি…
-
নু কং হক হুই
নু কং হক হুই (ভিয়েটনামীজ: Nữ công Học hội; অৰ্থ: "মহিলা শ্ৰম অধ্যয়ন গোট") আছিল ১৯২৬ চনত প্ৰতিষ্ঠিত ভিয়েটনামৰ এটা মহিলা সংগঠন। এইটো ভিয়েটনামৰ প্ৰথমটো মহিলা সংগঠন আছিল।
-
নৰ্থ ইষ্টাৰ্ণ ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী
নৰ্থ ইষ্টাৰ্ন ইনষ্টিটিউট অৱ আয়ুৰ্বেদ এণ্ড হোমিঅ'পেথী (NEIAH) ভাৰত চৰকাৰৰ ভিতৰত আয়ুস মন্ত্ৰ্যালয়ৰ অধীনত এটা স্বায়ত্তশাসিত প্ৰতিষ্ঠান। এইখন মাওডিয়াংডিয়াং, শ্বিলং, মেঘালয়ত অৱস্থিত।
-
নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেলথ অণ্ড মেণ্টেল ছায়েন্স
নৰ্থ ইষ্টাৰ্ণ ইন্দিৰা গান্ধী ৰিজনেল ইনষ্টিটিউট অৱ হেলথ অণ্ড মেণ্টেল ছায়েন্স (NEIGRIHMS) ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ শ্বিলংত অৱশ্থিত এখন চিকিৎসা প্ৰতিষ্ঠান। শৈক্ষিক কেন্দ্ৰ পাহাৰ অঞ্চলৰ ভিতৰত উত্তৰ-পূব ভাৰতৰ চহৰ শ্বিলংত "পূবৰ স্কটলেণ্ড" অৱস্থিত।
-
নৱন্যাসবাদ
নৱন্যাসবাদ মূলতঃ এনে এক সাহিত্যিক দৃষ্টিভংগী যি যুক্তিবাদী চিন্তাতকৈ ভাববাদী চিন্তাক অধিক প্ৰাধান্য দিয়ে, আৰু জগৎ-সংসাৰৰ কেন্দ্ৰত ব্যক্তিক নিদিষ্টকৈ স্থাপন কৰে। আধুনিক গণতান্ত্ৰিক সমাজ-ৰচনাত নৱন্যাসবাদী চিন্তাৰ অৱদান নগণ্য নহয়।
-
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়
পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয় (Pandit Deendayal Upadhyaya Adarsha Mahavidyalaya) অসমৰ গোৱালপাৰা জিলাৰ আমজোঙ্গাত অৱস্থিত এখন বিজ্ঞান শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
পলিফেজ
পলিফেজ একাধিক ভাইৰাছৰ সকলোবোৰ কণা ইটোৰ পিছত সিটোকৈ একোটা কোট প্ৰ’টিনৰ গোটৰ ভিতৰত আবদ্ধ হৈ থকা বেক্টেৰিয়াফেজৰ জিন’মিক মাল্টিমাৰ। এই পৰিঘটনা ফিলামেণ্টাছ ফেজৰ বৈশিষ্ট্য।
-
পশ্চিম গুৱাহাটী মহাবিদ্যালয়
পশ্চিম গুৱাহাটী মহাবিদ্যালয় (Paschim Guwahati Mahavidyalaya) খন অসমৰ গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিত অৱস্থিত এক মুখ্য স্নাতক, সহশিক্ষামূলক মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত হয়, যাক পিজিএম বুলিও কোৱা হয়, মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব
পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব (ইংৰাজী: West Rahmanpur Jamalia Muktab) হল আৰবী আৰু উৰ্দু ভাষীক শিক্ষা প্ৰতিষ্ঠান। এই প্ৰতিষ্ঠানটো ঢেকীয়াজুলি, চক্ৰবিয়া। ইয়াত প্ৰাথমিক শিক্ষা, সামাজিক শিক্ষা, লিখন আৰু পঠন পদ্ধতি চৰ্চিত। এই প্ৰতিষ্ঠানটো ২০০৫ চনত স্থাপিত কৰা হয়।
-
পালোপা
পালোপা হ'ল পাপুয়া নিউ গিনি আৰু প্ৰব্ৰজনকাৰী অঞ্চলত এনে লোকৰ বাবে অ-হেটেৰ'নৰ্মেটিভ শব্দ হিচাপে ব্যৱহৃত শব্দ যিসকলক পশ্চিমীয়া নামকৰণত সমকামী, হিজড়া বা তৃতীয় লিংগৰ ভূমিকা থকা বুলি চিনাক্ত কৰিব পাৰি।
-
পিছাং চকোলেট
পিছাং ক'কেলাট বা ইণ্ডোনেছিয়ান ভাষাত, চকলেট কল বা কেতিয়াবা কথিত ভাষাত পিস্কক বুলি সংক্ষিপ্তকৰণো কৰা হয়, হ’ল গলি যোৱা চকলেট বা চকলেট চিৰাপৰ সৈতে কলৰ টুকুৰাৰে তৈয়াৰী ইণ্ডোনেছিয়ান মিঠা জলপান। ইয়াক পাতল ক্ৰেপৰ দৰে পেষ্ট্ৰিৰ বাকলিৰ ভিতৰত মেৰিয়াই গাঢ়কৈ ভাজি লোৱা হয়।
-
পুনুকুলু
পুনুকুলু বা পুনুগুলু(Punukulu) ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ এটা জলপান আৰু সাধাৰণ ৰাজপথৰ খাদ্য। পুনুকুলু হৈছে চাউল, উৰাদ দালি আৰু অন্যান্য মছলাৰে তৈয়াৰী ডিপ ফ্ৰাইড জলপান।
-
পোগোজ স্কুল
পোগোজ স্কুল (Pogose School) বাংলাদেশৰ প্ৰাচীনতম বিদ্যালয়ৰ ভিতৰত অন্যতম। ১৮৪৮ চনৰ ১২ জুনত প্ৰতিষ্ঠাত এই বিদ্যালয়খন ঢাকা চহৰত স্থাপিত দেশখনৰ প্ৰথম বেচৰকাৰী বিদ্যালয়। পোগোজ স্কুলৰ প্ৰতিষ্ঠা কৰে এন. পি. পোগোজ বা নিকি পোগোজ, যি আছিল এজন আৰ্মেনীয় ব্যৱসায়ী, জমিদাৰ তথা ঢাকাৰ এজন প্ৰভাবশালী ব্যক্তি।
-
প্ৰতিমা গাওঁকাৰৰ মৃত্যু
২০০১ চনৰ ৯ অক্টোবৰ মাহত ভাৰতীয় আন্তঃলিংগ খেলুৱৈ আৰু সাঁতোৰবিদ প্ৰতিমা গাওঁকাৰক গোৱাৰ এটা কুঁৱাত মৃত অৱস্থাত উদ্ধাৰ কৰা হয়। আত্মহত্যাৰ ফলত মৃত্যু হোৱা বুলি চিনাক্ত কৰা হৈছে; লিংগ পৰীক্ষণ পৰীক্ষাৰ ব্যৰ্থতা সম্পৰ্কে প্ৰকাশ আৰু ৰাজহুৱা মন্তব্যৰ প্ৰতিক্ৰিয়াৰ কাৰণে গাওঁকাৰে এই ঘটনা সংগঠিত কৰিছিল।
-
পৰিয়াল (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)
পৰিয়াল বুলিলে তলৰ পৃষ্ঠা কেইখন বুজাব পাৰে: পৰিয়াল পৰিয়াল (জীৱবিদ্যা)
-
ফলৰ ৰস
ফলৰ ৰস বা জুছ বুলিলে বিভিন্ন ফল-মূল আৰু পাচলিত মজুত হৈ থকা প্ৰাকৃতিক জুলীয়া পদাৰ্থ বা ৰসকে বুজা যায়। ফল বা অন্যান্য জৈৱিক উপাদান যেনে মাংস আৰু সাগৰীয় খাদ্যসামগ্ৰীৰ সোৱাদযুক্ত পানীয়কো জুছ বোলা হয়। জুছসমূহ শীতল পানীয় অথবা আন খাদ্যৰ উপকৰণ হিচাপে ব্যৱহৃত হয়।
-
ফানং
ফানং (Panung) বা ফা নুং (থাই: ผ้านุ่ง) হৈছে থাইলেণ্ডৰ (পূৰ্বৰ শ্যাম দেশ) লোকসকলে পৰিধান কৰা শৰীৰৰ নিম্নভাগৰ এক পৰম্পৰাগত সাজ-পাৰ।