ছেদিকা বালখী (Sediqa Balkhi) এগৰাকী আফগান ৰাজনীতিবিদ আৰু হামিদ কাৰ্জাই চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী।১
প্ৰাথমিক জীৱন
১৯৫০ চনত আফগানিস্তানৰ বালখ প্ৰদেশৰ মাজাৰ-ই-শ্বৰীফত বালখীয়ে জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ পিতৃ ইছমাইল বালখীক আফগানিস্তানত বহুবাৰ কাৰাগাৰত ভৰাই থোৱা হৈছিল আৰু শেষত বিষাক্ত দ্ৰব্য খুৱাইছিল।২ তেওঁ বি.এ. ইছলামিক অধ্যয়নত স্নাতক ডিগ্ৰী লাভ কৰে আৰু ইৰাণত থাকি অধিক শিক্ষা গ্ৰহণ কৰে। তেওঁ কিছুদিন শিক্ষকতা কৰিছিল আৰু মেনেজাৰ হিচাপে কাম কৰিছিল।৩ কম বয়সতে বিয়া হৈ তেওঁ ছটা সন্তান জন্ম দিছিল। তেওঁৰ ভাতৃ ছেইয়েদ আলী বালখী আছিল এজন অৰ্থনীতিবিদ যাক আফগানিস্তানৰ কমিউনিষ্ট পিপলছ ডেম'ক্ৰেটিক পাৰ্টিৰ ৰাজত্বকালত হত্যা কৰা হৈছিল।২
কৰ্মজীৱন
ইৰাণৰ খোৰাছান প্ৰদেশত ভিত্তি কৰি তালিবান শাসনৰ সময়ত আফগান মহিলাৰ ৰাজনৈতিক আৰু সাংস্কৃতিক কাৰ্য্যকলাপৰ ইছলামিক চেণ্টাৰৰ বালখীয়ে নেতৃত্ব দিছিল। ১৯৯১ চনত তেওঁ আফগানিস্তানলৈ যায় আৰু তাতেই তেওঁ গোপনে নিজৰ কাম অব্যাহত ৰাখে।৪ ২০০১ চনৰ ডিচেম্বৰ মাহত বন চুক্তিত অংশগ্ৰহণ কৰা তিনিগৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম।৫ মেশ্ৰানো জিৰ্গা (আফগান দ্বি-সদস্যৰ সংসদৰ উচ্চ সদন)লৈ দুবাৰকৈ নিৰ্বাচিত হৈছিল। মেশ্ৰানো জিৰ্গাত মহিলা পৰিক্ৰমা সমিতিৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২ ২০০৪ চনৰ পৰা ২০০৯ চনলৈকে হামিদ কাৰ্জাই চৰকাৰত শ্বহীদ আৰু প্ৰতিবন্ধী মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।২২০০৫ চনত বালখী আৰু আফগান সেনা প্ৰধান বিছমিল্লা খান মহম্মদী হেলিকপ্টাৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। ঘটনাটো দুৰ্ঘটনা বুলি ভবা হয়৷৬৭
তথ্যসূত্ৰ
- ↑ Ngunjiri, Faith Wambura; Madsen, Susan R.; Longman, Karen A. (2015). Women and Leadership around the World. IAP. পৃ. 10. ISBN 9781681231518
- ↑ (2 April 2014). Sediqa Balkhi: 'He Said I Would Die If I Went to School Again'. Huffington Post
- ↑ Database. afghan-bios.info
- ↑ Kitch, Sally L. (2014). Contested Terrain: Reflections with Afghan Women Leaders. University of Illinois Press. পৃ. 75. ISBN 9780252096648
- ↑ Skaine, Rosemarie. (2008). Women of Afghanistan in the Post-Taliban Era: How Lives Have Changed and Where They Stand Today. McFarland. পৃ. 8. ISBN 9780786437924
- ↑ (10 September 2005). Afghan minister survives attack. BBC
- ↑ Afghan Minister Escapes Gunmen. CBS
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেদিকা বালখী” প্ৰবন্ধৰ সংশোধন ৪৮৩৪১৬ (২৭ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।