ডন বস্কো কলেজ, তুৰা মেঘালয়ৰ জনসাধাৰণক শিক্ষা প্ৰদানৰ বাবে ১৯৮৭ চনত স্থাপন কৰা হৈছিল। মহাবিদ্যালয়খনত ১০০ জনতকৈ অধিক শিক্ষক আৰু সহায়ক কৰ্মী নিয়োজিত হৈ আছে। মহাবিদ্যালয়খনত উত্তৰ-পূব ভাৰতৰ বিভিন্ন ৰাজ্যৰপৰা ২০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰে। সহ-শৈক্ষিক শিক্ষাৰ উপৰি ডন বস্কো কলেজে বিজ্ঞানত স্নাতক, কলাত স্নাতক, বাণিজ্যত স্নাতক আৰু ব্যৱসায় প্ৰশাসনত স্নাতক ডিগ্ৰী প্ৰদান কৰে।১ডন বস্কো কলেজে চেণ্ট জন বস্কোৰ শৈক্ষিক নীতি অনুসৰণ কৰে।
তথ্যসূত্ৰ
- ↑ Don Bosco college Tura. www.shiksha.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডন বস্কো কলেজ, তুৰা” প্ৰবন্ধৰ সংশোধন ৬০২৩০১ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।