অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চোলাপুৰী চাদ্দৰ

চোলাপুৰ চাদ্দৰ বা চাদৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ চোলাপুৰত তৈয়াৰী কপাহী কম্বল। এই কম্বলসমূহ ভাৰতত জনপ্ৰিয়; ইয়াক পূৰ্বতে হস্ত-তাঁতশালৰদ্বাৰা নিৰ্মাণ কৰা হয় কিন্তু এতিয়া জেকাৰ্ড মেচিনৰদ্বাৰা আৰু ইয়াৰ অনন্য ডিজাইন আৰু স্থায়িত্বৰ বাবে জনাজাত।

হালনাগাদ: ২১ আগষ্ট ২০২৫ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

চোলাপুৰ চাদ্দৰ বা চাদৰ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন চহৰ চোলাপুৰত তৈয়াৰী কপাহী কম্বল।১ এই কম্বলসমূহ ভাৰতত জনপ্ৰিয়; ইয়াক পূৰ্বতে হস্ত-তাঁতশালৰদ্বাৰা নিৰ্মাণ কৰা হয় কিন্তু এতিয়া জেকাৰ্ড মেচিনৰদ্বাৰা আৰু ইয়াৰ অনন্য ডিজাইন আৰু স্থায়িত্বৰ বাবে জনাজাত।২ চোলাপুৰী চাদৰ মহাৰাষ্ট্ৰৰ সোলাপুৰৰ প্ৰথম উৎপাদন যিয়ে ভৌগোলিক সূচক (GI) মৰ্যাদা লাভ কৰিছিল।৩

ইতিহাস

বস্ত্ৰ উদ্যোগৰ বাবে চোলাপুৰ পৰিচিত। এসময়ত এই চহৰখনত এছিয়াৰ আটাইতকৈ ডাঙৰ বয়ন যন্ত্ৰ (স্পিনিং মিল) আছিল।১ চোলাপুৰত হস্ততাঁত বোৱা উদ্যোগৰ বিকাশ পেছৱাসকলৰ শাসনকালৰ পৰাই আৰম্ভ হোৱা যেন লাগে।২ উদ্যোগটোত অসংখ্য সৰু সৰু স্বতন্ত্ৰ শিল্পী শিপিনী আছিল। প্ৰতিখন শিল্পী-ঘৰতে এখন বা দুখন তাঁতশাল আছিল, যিবোৰ সাধাৰণতে পৰিয়ালৰ মুৰব্বীয়ে চম্ভালিছিল। পৰিয়ালটোৱেই আছিল কামৰ এটা গোট আৰু মহিলা আৰু শিশুসকলে শিপিনীক প্ৰস্তুতি প্ৰক্ৰিয়াত আৰু কিছুমান ক্ষেত্ৰত ৰং কৰাত সহায় কৰিছিল। ১৯৭০ চনত ভাৰতত আধুনিক কাৰখানাৰ উত্থানে স্থানীয় হাতেৰে তাঁতশাল বোৱা উদ্যোগৰ সংগঠন সলনি কৰি পেলায়।২৪ ১৯৫০ চনত চোলাপুৰত উপস্থিত থকাৰ পৰাই দক্ষিণ ভাৰতৰ পদ্মশালি শিপিনীসকলে এইবোৰ নিৰ্মাণ কৰি আহিছে। চোলাপুৰ জিলাত বহু কোম্পানীয়ে চাদৰ নিৰ্মাণ কৰে।৫

ৰপ্তানি

মহাৰাষ্ট্ৰৰ উপৰিও ভাৰতৰ ভিতৰত কৰ্ণাটক, তেলংগানা, অন্ধ্ৰপ্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থানত চোলাপুৰী চাদ্দৰৰ চাহিদা আছে, আনহাতে সংযুক্ত আৰব আমিৰশ্বাহী, কুৱেইট, দক্ষিণ আফ্ৰিকা, আমেৰিকা যুক্তৰাষ্ট্ৰ, যুক্তৰাজ্য আৰু কানাডাতো ইয়াৰ চাহিদা আছে।৪

তথ্যসূত্ৰ

  1. ↑ Srivastava, Roli. (12 October 2014). Shindes losing ground like chaddar in Solapur.. The Times of India
  2. ↑ Cottage Industry in Solapur. Official Website of Solapur District
  3. ↑ Gurubal Mali. (25 June 2015). Kolhapuri Masalyala 'GI' chi Phodani. Maharashtra Times
  4. ↑ अभय दिवाणजी. (19 January 2013). আৰ্কাইভ কপি. Saptahik Sakal
  5. ↑ Welcome to Pulgam Textiles, Solapur. Pulgam textiles

সম্পৰ্কিত শ্ৰেণী

বস্ত্ৰভৌগোলিক স্বীকৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চোলাপুৰী চাদ্দৰ” প্ৰবন্ধৰ সংশোধন ৫৩৪২০২ (২১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।