ছেইন্ট জেভিয়াৰ'ছ কলেজ হৈছে ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ কলিকতা মহানগৰত অৱস্থিত ব্যক্তিগত খণ্ডৰ এখন ঐতিহ্যমণ্ডিত মহাবিদ্যালয়। এই শিক্ষানুষ্ঠানখন কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত এখন স্বায়ত্তশাসিত মহাবিদ্যালয়। ১৮৬০ চনত স্থাপিত এই মহাবিদ্যালয়ৰ নামকৰণ কৰা হৈছিল ষোড়শ শতিকাৰ জেচুইট সন্ত ছেইণ্ট ফ্ৰান্সিছ জেভিয়াৰৰ নামেৰে। ২০০৬ চনত স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি লাভ কৰাৰ ফলত ই পশ্চিমবংগ ৰাজ্যৰ প্ৰথমখন স্বায়ত্তশাসিত মহাবিদ্যালয় হিচাপে পৰিণত হয়।১
তথ্যসূত্ৰ
- ↑ St Xavier's rides high on autonomy · Kolkata News. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছেইণ্ট জেভিয়াৰ কলেজ, কলকাতা” প্ৰবন্ধৰ সংশোধন ৫৫২৭০৬ (১৭ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।