অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জ্ঞানোদয় প্ৰাথমিক বিদ্যালয়

জ্ঞানোদয় প্ৰাথমিক বিদ্যালয় (ইংৰাজী: Gyanudoi Lower Primary School) হ’ল অসমৰ চৰাইদেউ জিলাৰ খালৈঘোগুৰা মৌজাৰ অন্তৰ্গত নাহৰতলি গাঁৱৰ কাকৱণীত অৱস্থিত এখন প্ৰাথমিক শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৭৫ চনত স্থাপিত বিদ্যালয়খনে ২০২৫ বৰ্ষত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী অতিক্ৰম কৰে।

হালনাগাদ: ৬ মাৰ্চ ২০২৬ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

জ্ঞানোদয় প্ৰাথমিক বিদ্যালয় (ইংৰাজী: Gyanudoi Lower Primary School) হ’ল অসমৰ চৰাইদেউ জিলা জিলাৰ খালৈঘোগুৰা মৌজাৰ অন্তৰ্গত নাহৰতলি গাঁৱৰ কাকৱণীত অৱস্থিত এখন প্ৰাথমিক শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৭৫ চনত স্থাপিত বিদ্যালয়খনে ২০২৫ বৰ্ষত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী অতিক্ৰম কৰে।

ইতিহাস

বিংশ শতিকাৰ সত্তৰ দশকৰ মাজভাগ পৰ্যন্ত কাকৱণী অঞ্চলটোত কোনোধৰণৰ শিক্ষা প্ৰতিষ্ঠান নাছিল। অনুষ্ঠান দূৰৰে কথা, মানুহ অহা-যোৱা কৰিবলৈ সূচল বাট-পথো নাছিল সেই সময়ত। ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে দূৰ দূৰণিত পঢ়িবলৈ যাওঁতে নানা দুৰ্ভোগ ভুগিব লগা হৈছিল। তেনে সময়তে অঞ্চলটোৰ ভৱিষ্যৎ প্ৰজন্মটোৰ কথা ভাবি কেইগৰাকীমান স্বনামধন্য ব্যক্তি ওলাই আহি ১৯৭৫ চনত স্থাপন কৰিলে অঞ্চলটোৰ প্ৰথমখন শিক্ষানুষ্ঠান জ্ঞানোদয় প্ৰাথমিক বিদ্যালয়। ‘জ্ঞানোদয়’ নামটো দিছিল সেই সময়ৰ অঞ্চলটোৰ এগৰাকী শিক্ষানুৰাগী ব্যক্তি উপেন ফুকনে (মহন)। তেওঁৰে সহধৰ্মিণী বীণা ফুকন মহন বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰী।

বৰ্তমানৰ অৱস্থা

১৯৭৫ চনত স্থাপিত বিদ্যালয়খনে ২০২৫ বৰ্ষত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী অতিক্ৰম কৰে। বিদ্যালয়খনত অধ্যয়ন কৰি যোৱা ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী বৰ্তমান সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈ আছে।

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জ্ঞানোদয় প্ৰাথমিক বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৮৫১৫৪ (৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।