ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চলন্তপাৰা
চলন্তপাৰা ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী মহকুমাৰ অন্তৰ্গত এখন সৰু চহৰ। বঙাইগাঁও চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ (১৯ মাইল) দূৰত্বত অৱস্থিত আৰু ই বইটামাৰী উন্নয়ন ব্লকৰ অংশ। চলন্তপাৰাৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদী অৱস্থিত।
-
চাও পাওল'
চাও পাওল হৈছে ব্ৰাজিলৰ আটাইতকৈ ডাঙৰ মহানগৰ আৰু অৰ্থনৈতিক কেন্দ্ৰ। ই দক্ষিণ আমেৰিকাৰ অন্যতম ডাঙৰ মহানগৰ আৰু ব্ৰাজিলৰ বাণিজ্য, সংস্কৃতি আৰু শিল্পৰ মুখ্য কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।
-
চাভাক্কাড সমুদ্ৰতট
চাক্কাভাড (Chavakkad Beach) ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিচূৰ জিলাৰ চাভাক্কাড পৌৰসভাৰ এখন সমুদ্ৰতট।
-
চাৰিদুৱাৰ
চাৰিদুৱাৰ শোণিতপুৰ জিলাৰ উত্তৰ প্ৰান্তত অৱস্থিত এটি অঞ্চল। জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা চাৰিদুৱাৰ অঞ্চলৰ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ। চাৰিদুৱাৰৰ পূৱে জীয়া ভৰলী নদী, পশ্চিমে গাভৰু নদী, দক্ষিণে বালিপৰা আৰু উত্তৰে অসম-অৰুণাচল সীমান্তৰ ভালুকপুং।
-
চুৱাৰ, উত্তৰ প্ৰদেশ
চুৱাৰ উত্তৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ ৰামপুৰ জিলাৰ এখন মহানগৰ আৰু পৌৰ সভা।
-
চেণ্ট পিটাৰছবাৰ্গ
চেণ্ট পিটাৰছবাৰ্গ হৈছে ৰাছিয়াৰ এখন বৃহৎ মহানগৰ আৰু চেণ্ট পিটাৰছবাৰ্গ ফেডেৰেল সাৱেকৰ ৰাজধানী। ই বাল্টিক সাগৰৰ তীৰৰ কাষত অৱস্থিত আৰু ৰাছিয়াৰ সাংস্কৃতিক, ঐতিহাসিক আৰু অৰ্থনৈতিক কেন্দ্ৰসমূহৰ ভিতৰত অন্যতম।
-
চেলেম ৰেচম
চেলেম ৰেচম বা চেলেম ভেনপাট্টু ভাৰতৰ তামিলনাডু ৰাজ্যৰ চেলেম অঞ্চলত নিৰ্মিত ৰেচমৰ কাপোৰক বুজায়। ২০০৭–০৮ চনত ইয়াক ভৌগোলিক ইংগিতৰ স্বীকৃতি প্ৰদান কৰা হয়।
-
চেৰ’ ব্লাংকো
চিলিৰ চেণ্টিয়াগো চহৰৰ এটা পাহাৰ আৰু ঐতিহাসিক ল্যাণ্ডমাৰ্ক হৈছে চেৰ’ ব্লাংকো। এই ভৌগোলিক গঠন চাৰিওফালৰ ভূ-খণ্ডৰপৰা ৮৯ মিটাৰ (২৯২ ফুট) ওখ আৰু ইয়াৰ পৃষ্ঠভাগ ২৮ হেক্টৰ (৬৯ একৰ) সামৰি লৈছে। ইয়াৰ পূবে ৰেকোলেটা এভিনিউ, দক্ষিণে ছাণ্টোছ ডুমণ্ট এভিনিউ আৰু উত্তৰে লা ইউনিয়ন ষ্ট্ৰীট আছে।
-
চেৰ’ ৰেংকা
চেৰ’ ৰেংকা (স্পেনিছ ভাষাত:ৰেংকা মানে পাহাৰ) হৈছে চিলিৰ ছাণ্টিয়াগো চহৰত উত্তৰ দিশত কুইলিকুৰা আৰু দক্ষিণে ৰেংকাৰ সীমান্তত থকা এটা পাহাৰ। এই ভৌগোলিক বৈশিষ্ট্য চাৰিওফালৰ ভূ-খণ্ডৰপৰা ৩০০ মিটাৰ (৯৮০ ফুট) ওখত অৱস্থিত।
-
চোলাপুৰ টেৰী টাৱেল
চোলাপুৰ টেৰী টাৱেল ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ চোলাপুৰ জিলাত নিৰ্মিত টেৰী টাৱেল বয়ন বা বোৱা কৰ্ম। টেৰী টাৱেলৰ কামটোক বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ বাণিজ্য সম্পৰ্কীয় দিশৰ চুক্তি (TRIPS) চুক্তিৰ ভৌগোলিক ইংগিত (জি আই)ৰ অধীনত সুৰক্ষিত কৰা হৈছে।
-
ছিলঠীয়া জাতীয়তাবাদ
ছিলেটী জাতীয়তাবাদ বা ছিলঠীয়া জাতীয়তাবাদ হৈছে এক সাংস্কৃতিক আৰু সামাজিক আন্দোলন, যিয়ে ছিলেটৰ ভাষা, ইতিহাস আৰু সংস্কৃতিৰ আধাৰিত এক অনন্য ছিলেটী পৰিচয়ৰ দাবী কৰে। তেওঁলোকে দাবী কৰে যে ছিলেটী বা ছিলঠীয়া ভাষা বাংলাৰ উপভাষা নহয়, ই এটা সুকীয়া ভাষা।
-
জনসংখ্যা অনুসৰি এছিয়াৰ দেশসমূহৰ তালিকা
এইখন এছিয়া মহাদেশৰ বিভিন্ন দেশৰ জনসংখ্যা নিৰ্ভৰ, ৰাষ্ট্ৰসংঘৰ পৰা মুঠ প্ৰক্ষেপিত জনসংখ্যা আৰু শেহতীয়া চৰকাৰী পৰিসংখ্যা অনুসৰি গঠিত তালিকা।
-
জামবাৰী
জামবাৰী অসমৰ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বনগাঁও মৌজাৰ এখন অন্যতম গাঁও৷ জামবাৰীত এছিয়াৰ প্ৰথমটো বাঁহ উদ্যোগ স্থাপন কৰা হৈছে৷ মামণি ৰয়ছম গোস্বামীৰ উপৰি পুৰুষে আমৰাঙাত বসতি স্থাপন কৰাৰ পূৰ্বে জামবাৰীত বসবাস কৰিছিল৷ জামবাৰীত তেওঁলোকৰ উপৰি পুৰুষৰ সত্ৰ জামবাৰী সত্ৰৰ নিশ্চিহ্ন ৰূপ বৰ্তমানেও…
-
জামালপুৰ, বাংলাদেশ
জামালপুৰ (বাংলা: জামালপুব়) হৈছে মৈমনসিং বিভাগৰ পুৰণি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন চহৰ। ই জামালপুৰ জিলা আৰু জামালপুৰ সদৰ উপজিলাৰ মুখ্য কাৰ্যালয়। ২০২২ চনৰ বাংলাদেশৰ লোকপিয়ল অনুসৰি, জামালপুৰৰ জনসংখ্যা ১৫৮,৮৭৩ জন। যাৰ বাবে ই বাংলাদেশৰ ৩১ সংখ্যক বৃহত্তম চহৰ।
-
জুনাগড়
জুনাগড় গুজাৰাট ৰাজ্যত অৱস্থিত এখন জিলা। ‘জুনা’ শব্দৰ অৰ্থ প্ৰাচীন আৰু ‘গড়’ মানে দুৰ্গ। নবাবৰ শাসনাধীন জুনাগড় ১৯৪৮ চনত গণভোটৰ জৰিয়তে ভাৰতৰ অন্তৰ্ভুক্ত কৰা হয়। এই জুনাগড়তে আছে ইতিহাস প্ৰসিদ্ধ জুনাগড় দুৰ্গ। গিৰিনাৰ নামৰ এটা অনুচ্চ পাহাৰৰ ওপৰত জুনাগড় দুৰ্গ অৱস্থিত।
-
টুনি নদী
ভাৰতৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ এখন সৰু উপনৈ টুনি নদী ৷ বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ মাজুলীৰ মাজভাগেৰে টুনি নদী বৈ গৈছে ৷ অসমৰ কেইবাখনো প্ৰাচীন সত্ৰৰ ভিতৰত অন্যতম শ্ৰী শ্ৰী ভোগপোৰ সত্ৰ টুনি নদীৰ ওচৰত অৱস্থিত।
-
ঠেঙ্গা পাৰা
ঠেঙ্গা পাৰা কামৰূপ গ্ৰাম্য জিলাৰ এখন গাঁও, যি কামৰূপৰ ৰাণীত অৱস্থিত।
-
ডফলা পাহাৰ
ডফলা বা ডাফলা পাহাৰ হৈছে পশ্চিম অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমান্তত থকা এটা পাহাৰীয়া অঞ্চল য'ত ডফলা নামৰ এটা স্বতন্ত্ৰ জনগোষ্ঠীয়ে বসবাস কৰিছিল। এই অঞ্চল তেজপুৰ আৰু উত্তৰ লখিমপুৰ মহকুমাৰ উত্তৰে অৱস্থিত আৰু ইয়াৰ পশ্চিমে অকা পাহাৰ আৰু পূবে আবৰ পাহাৰ।
-
ডুমুনী চাহ বাগান
ডুমুনী চাহ বাগান Dumunibagan সাধাৰণতে ডুমনী আৰু ডুমুনী নামেৰে জনাজাত।,২০২৩ চনৰ লোকপিয়ল মতে অসমৰ বাক্সা ৰ গাঁও অঞ্চলত ডুমুনী চাহ বাগান খন অৱস্থিত। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি ডুমুনীবাগান গাঁৱৰ জনসংখ্যা ৬,৮৫৫ জন, য'ত ৩,৪১২ জন পুৰুষ আৰু ৩,৪৪৩ জন মহিলা আৰু সাক্ষৰতাৰ হাৰ ৮০.২৯%।
-
ডেকাৰগাওঁ ৰেলৱে ষ্টেচন
ডেকাৰগাঁও ৰে'লৱে ষ্টেচন ভাৰতৰ অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন অন্যতম ৰে'ল ষ্টেচন। এইখন অসমৰ শোণিতপুৰ জিলা সদৰ তেজপুৰ চহৰৰ পৰা প্ৰায় ১০ কিঃমিঃ দূৰত আৰু তেজপুৰ বিমানবন্দৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত অৱস্থিত।
-
ঢলাই নদী
ঢলাই নদী (Dhalai River) হৈছে ভাৰত আৰু বাংলাদেশৰ সীমান্তত অৱস্থিত নদী। এই নদীখনক ঢলা নদী নামেৰেও জনা যায়। ত্ৰিপুৰাৰ পাৰ্বত্য অঞ্চলত ঢলাই নদীৰ উৎপত্তি হৈছে। এই নদীখনে বাংলাদেশৰ মৌলবী বজাৰ জিলাত প্ৰৱেশ কৰিছে। তাৰ পিছত এই নদীখন বাংলাদেশৰ ৰাজনগৰ উপজিলাত মনু নদীৰ লগত মিলি গৈছে।
-
ঢালিগাঁও
ঢালিগাঁও অসমৰ বঙাইগাঁও আৰু চিৰাং জিলাৰ মাজত অৱস্থিত এখন টাউনশ্বিপ।বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ'কেমিকেলছ লিমিটেড শোধনাগাৰখন এই অঞ্চলত অৱস্থিত।
-
তাম্ৰেশ্বৰ দেৱালয়
তাম্ৰেশ্বৰ দেৱালয় হৈছে অসমৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী অঞ্চলৰ এক অন্যতম পৌৰাণিক স্থান। প্ৰত্নতত্ত্ব বিভাগৰ গৱেষণা মতে তাম্ৰেশ্বৰ দেৱালয় আনুমানিক ১১-১২ শতিকাৰ ভিতৰত ওদালগুৰি জিলাৰ খৈৰাবাৰীত নিৰ্মাণ কৰা হৈছিল। জনশ্ৰুতি অনুসৰি এই প্ৰাচীন শৈৱপীঠ সপ্তম- নৱম শতিকাৰ ভিতৰত নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হয়।
-
দলনী বিল
দলনী বিল ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ বালাপাৰা পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও।
-
দিনজান
দিনজান (বা দিনজয় গাঁও) ডিব্ৰুগড় জিলাৰ এখন সৰু চহৰ। ই অসমৰ চাহ উৎপাদনকাৰী অঞ্চলত অৱস্থিত। তিনিচুকীয়া দিনজানৰ আটাইতকৈ ওচৰৰ চহৰ। দ্বিতীয় বিশ্বযুদ্ধত দিনজান বিমানঘাটৰ পৰা CNAC ৰ C-47 উৰা মাৰি জাপানৰ বিৰুদ্ধে চীনৰ কুনমিংলৈ বিভিন্ন ৰচদ-পাতি লৈ গৈছিল।
-
দুমকা জিলা
দুমকা জিলা (চাওঁতালি: ডুমকৗ) ভাৰতৰ অংগৰাজ্য ঝাৰখণ্ডৰ ২৪খন জিলাৰ ভিতৰত এখন। দুমকা এই জিলাৰ প্ৰশাসনিক সদৰ ঠাই। দুমকা জিলাৰ মুঠ মাটিকালি ৩৭১৬.০২ বৰ্গকিলোমিটা। ২০০০ চনত গঠিত ঝাৰখণ্ড ৰাজ্যৰ দ্বিতীয় ৰাজধানী চহৰ ঘোষণা কৰা হৈছিল।
-
দুলীয়াজান ক্লাব
দুলীয়াজান ক্লাব দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত এটা অনুষ্ঠান। অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত কৰ্মচাৰীসকলে পেচাগত চিন্তাধাৰাৰ পৰা নিজকে নিলগাই ৰাখি মনোৰঞ্জনৰ বাবে আৰু তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ হেতুকে এক উমৈহতীয়া অনুষ্ঠানৰ প্ৰয়োজন আছিল আৰু তাৰেই ফলশ্ৰুতিত…
-
ধূপধৰা
ধূপধৰা নামনি অসমৰ গোৱালপাৰা জিলাৰ পূবে অৱস্থিত এখন গাঁও। ই মেঘালয়ৰ সীমান্তবৰ্তী এখন গাঁও। ইয়াতে ধূপধৰা ষ্টেচন বুলি এখন ৰে'লওয়ে ষ্টেচন আছে। কামাখ্যা জংচন- নিউ বঙাইগাঁও ৰে'ল (গোৱালপাৰায়েদি) লাইনটো ইয়াৰ ওপৰেদি পাৰ হৈছে।
-
নতুন বাটাবাৰী
নতুন বাটাবাৰী কামৰূপ গ্ৰাম্য জিলাৰ এখন গাঁও, যি কামৰূপৰ ৰাণীত অৱস্থিত। গাঁওখন ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ অঞ্চল লগতে অসম মেঘালয় সীমান্তৰ।
-
নতুন শৰাইঘাট দলং
নতুন শৰাইঘাট দলং বা শৰাইঘাটৰ দ্বিতীয় দলং অসমৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী এখন এখলপীয়া পথ দলং। এই দলং খন পুৰণি শৰাইঘাট দলঙৰ কাষতে ব্ৰহ্মপুত্ৰ নদৰ ওপৰত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁও আৰু দক্ষিণপাৰৰ পাণ্ডুৰ মাজত সংযোগ স্থাপন কৰিছে। ইয়াৰ নিৰ্মান কাৰ্য ২০০৭ চনত আৰম্ভ হৈছিল।