অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জামবাৰী

জামবাৰী অসমৰ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বনগাঁও মৌজাৰ এখন অন্যতম গাঁও৷ জামবাৰীত এছিয়াৰ প্ৰথমটো বাঁহ উদ্যোগ স্থাপন কৰা হৈছে৷ মামণি ৰয়ছম গোস্বামীৰ উপৰি পুৰুষে আমৰাঙাত বসতি স্থাপন কৰাৰ পূৰ্বে জামবাৰীত বসবাস কৰিছিল৷ জামবাৰীত তেওঁলোকৰ উপৰি পুৰুষৰ সত্ৰ জামবাৰী সত্ৰৰ নিশ্চিহ্ন ৰূপ বৰ্তমানেও…

হালনাগাদ: ৯ ডিচেম্বৰ ২০২২ ৭৩ শব্দ · ১ মিনিট সংগৃহীত ২৮
সংশোধনৰ পৰামৰ্শ

জামবাৰী অসমৰ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বনগাঁও মৌজাৰ এখন অন্যতম গাঁও৷ জামবাৰীত এছিয়াৰ প্ৰথমটো বাঁহ উদ্যোগ স্থাপন কৰা হৈছে৷ মামণি ৰয়ছম গোস্বামীৰ উপৰি পুৰুষে আমৰাঙাত বসতি স্থাপন কৰাৰ পূৰ্বে জামবাৰীত বসবাস কৰিছিল৷ জামবাৰীত তেওঁলোকৰ উপৰি পুৰুষৰ সত্ৰ জামবাৰী সত্ৰৰ নিশ্চিহ্ন ৰূপ বৰ্তমানেও বিদ্যমান৷ এই সত্ৰৰ বৰ্তমান ৰূপ গোপীনাথ আশ্ৰিত গোঁসাইঘৰত প্ৰতি বছৰে মাঘ মাহৰ অমাৱশ্যা তিথিত ঐতিহাসিক পৰম্পৰাগত সভা অনুষ্ঠিত হয়৷ 'দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা' উপন্যাসতো জামবাৰীৰ কথা উল্লেখ কৰা হৈছে৷

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামবাৰী” প্ৰবন্ধৰ সংশোধন ৩৪০০৩৯ (৯ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।