ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মাকচুদান
মাকচুদান (ইংৰাজী: Maksudan) হ'ল ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ চুলতানপুৰ জিলাৰ লম্ভুৱা মণ্ডলৰ ধোপাপৰ সমীপৰ গোমতি নদীৰ পাৰৰ এখন গাঁও। গাঁওখনৰ মুঠ জনসংখ্যা প্ৰায় ১০ হাজাৰ। ইয়াৰে ৫৫০০ জন পুৰুষ আৰু ৪৫০০ জনী মহিলা। মাকচুদান ইয়াৰ মণ্ডল মূল চহৰ লম্ভুৱাৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
-
মাজিভালা
ভাৰতৰ ৰাজস্থান বালোত্ৰা জিলা পাচপদৰা তহচিলৰ মাজিভালা গাঁও। 2011 চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি, গাওঁখনৰ মুঠ জনসংখ্যা হৈছে 5882 জন।
-
মাটিকালি অনুসৰি এছিয়াৰ দেশসমূহৰ তালিকা
তলত মাটিকালি অনুসৰি এছিয়াৰ দেশসমূহৰ তালিকা দিয়া হৈছে। ৰাছিয়া এছিয়াৰ লগতে বিশ্বৰ সৰ্ববৃহৎ দেশ, আনকি ইয়াৰ ইউৰোপীয় অংশটো বাদ দিয়াৰ পিছতো। মালদ্বীপ এছিয়াৰ আটাইতকৈ সৰু দেশ।
-
মাটিকালি অনুসৰি দেশসমূহৰ তালিকা (ভৌগোলিক)
এই তালিকাখনত বিশ্বৰ কেইখনমান দেশৰ মাটিকালি (ৰৈখিক চিত্ৰ)ৰ তালিকা। ১,০০,০০০ বৰ্গ কিঃমিঃতকৈ অধিক মাটিকালিৰ দেশসমূহ সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে। ইয়াৰ উপৰিও গেৰুৱা ৰঙেৰে সাৰ্বভৌম নোহোৱা অঞ্চলসমূহ সমূহ দেখুওৱা হৈছে (তুলনা কৰিবৰ বাবে)। মাটিকালিৰ ভিতৰত আভ্যন্তৰীণ জলভাগ (হ্ৰদ, নদী) অন্তৰ্ভূক্ত কৰা হৈছে।
-
মাত্তুৰ
মাত্তুৰ (ইংৰাজী: Mattur or Mathur) ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ শিৱাম'গা নগৰৰ ওচৰৰ এখন গাঁও। এই গাঁওখনৰ অধিবাসীসকলে তেওঁলোকৰ দৈনিক কথোপকথনৰ বাবে সংস্কৃত ভাষা ব্যৱহাৰ কৰে। মাত্তুৰত এটা ৰাম মন্দিৰ, এটা শিৱালয়, সোমেশ্বৰ মন্দিৰ আৰু লক্ষ্মীকেশৱ মন্দিৰ আছে।
-
মুঠ ঘৰুৱা উৎপাদন অনুসৰি এছিয়াৰ দেশসমূহ
এই তালিকাখন ২০১০ চনত এছিয়াৰ দেশসমূহৰ মুঠ ঘৰুৱা উৎপাদন (Gross domestic product) অনুসৰি বজাৰ অথবা চৰকাৰী বিনিময় হাৰৰ (nominal GDP) আৰু PPP map-ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। তথ্য সমূহ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (International Monetary Fund)-ৰ ২০১০ চনৰ এপ্ৰিল মাহৰ তথ্যৰ পৰা আহৰণ কৰা হৈছে।
-
মূৰাৰা, ৰঙিয়া
মূৰাৰা (ইংৰাজী: Murara, Rangiya) হৈছে ৰঙিয়া চহৰৰ অন্তৰ্গত এখন চুবুৰীয়া গাঁও ই ৰঙিয়া মহকুমাৰ কামৰূপ জিলা আৰু বাক্সা জিলাত পৰে। ই ৰঙিয়া চহৰৰ পৰা প্ৰায় ১ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ২০১১ৰ লোকপিয়ল অনুসৰি মূৰাৰা ৰ মুঠ জনসংখ্যা হৈছে ৩,৭৩০। মূৰাৰা ৰ ওচৰৰ ৰে'ল ষ্টেচন টো হৈছে ৰঙিয়া জংচন ৰেল ষ্টেচন।
-
মূৰ্কংচেলেক ৰেলৱে ষ্টেচন
মূৰ্কংচেলেক ৰেলৱে ষ্টেচন অসমৰ ধেমাজি জিলাৰ এক অন্যতম মূল ৰেলৱে ষ্টেচন। ইয়াৰ ক'ড হৈছে MZS। এই ৰেল ষ্টেচনখনে মূৰ্কংচেলেক অঞ্চল আৰু নিকটৱৰ্তী অৰুণাচল প্ৰদেশৰ কিছু অঞ্চলৰ সেৱা আগবঢ়ায়। ষ্টেচনখনত মুঠ তিনিটা প্লেটফৰ্ম আছে। ষ্টেচনখন ষ্টেণ্ডাৰ্ড ক্লাছ ষ্টেচনলৈ উন্নীত কৰা হৈছে।
-
মেমাগ্লবিন
মেমাগ্লবিন হৈছে ১০ কিলোডাল্টন গ্লাইকোপ্ৰটিন সংকেত কৰা এটা জিন। মানুহৰ ক্ষেত্ৰত, জিনৰ প্ৰকাশ প্ৰাপ্তবয়স্ক স্তনগ্ৰন্থিত সীমাবদ্ধ থাকে, জিনৰ প্ৰকাশ বৃদ্ধি আৰু স্তন কেন্সাৰৰ মাজত এটা সম্পৰ্কৰ বিষয়ে ৰিপৰ্ট কৰা হৈছে।
-
মেৰ বিল
মেৰ বিল (Mer Beel) হʼল অসমৰ নগাঁও জিলাত অৱস্থিত এখন বিল বা হ্ৰদ। মেৰ বিলৰ মুঠ মাটি-কালি ২৫ হেক্টৰ।
-
মেৰুমুখ
বতৰ বিজ্ঞানত মেৰুমুখ বা মেৰু ফ্ৰণ্ট হৈছে মেৰু অঞ্চলৰ ওচৰৰ দুয়োটা গোলাৰ্ধৰ ৬০° অক্ষাংশৰ আশে-পাশে মেৰু কোষ আৰু ফেৰেল কোষৰ মাজৰ বতৰৰ সম্মুখৰ সীমা। এই সীমাত এই দুটা বায়ু ভৰৰ মাজত উষ্ণতাৰ চোকা গ্ৰেডিয়েণ্ট ঘটে, প্ৰত্যেকৰে উষ্ণতা অতি বেলেগ।
-
মোহনপুৰ, উত্তৰ প্ৰদেশ
মোহনপুৰ ভাৰতৰ উত্তৰ প্ৰদেশ ৰাজ্যৰ এটাহ জিলাৰ এখন নগৰ আৰু নগৰ পঞ্চায়ত।
-
মোৱামাৰী
মোৱামাৰী (Muwamari) নগাঁও জিলাৰ ধিংৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ কাষত থকা এখন সৰু গাঁও। ইয়াত মুঠ ১৫৬টা পৰিয়ালৰ লোকে বাস কৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি মোৱামাৰী গাঁৱৰ জনসংখ্যা ৮২৬জন, ইয়াৰ ভিতৰত ৪২৮জন পুৰুষ আৰু ৩৯৮জন মহিলা। মোৱামাৰী গাঁৱৰ ০-৬ বছৰ বয়সৰ শিশু ১৮০জন, মুঠ জনসংখ্যাৰ ২১.৭৯%।
-
মৰিকলং বিল
মৰিকলং বিল (Morikalang Beel) অসমৰ মৰিগাঁও জিলাত অৱস্থিত ইংৰাজী বৰ্ণমালাৰ ইউ-আকৃতি (U-shaped)ৰ এখন বিল বা হ্ৰদ। এই বিলখন ৰাইনা পথাৰ গাঁও আৰু বুঢ়াগাঁওদ্বাৰা পৰিবেষ্টিত হৈ আছে।
-
যোগীজান
যোগীজান হৈছে অসমৰ হোজাই জিলাৰ অন্তৰ্গত এখন গাঁও। এই গাঁওখন কপিলী নদীৰ পাৰত অৱস্থিত। শিলালিপি তাম্ৰলিপিসমূহত ভূমিদান প্ৰসংগত সিদ্ধযোগীসকলৰ প্ৰসংগৰ অৱতাৰণা কৰিছে। এসময়ত কপিল মুনিয়ে মধ্যঅসমত আশ্ৰম প্ৰতিষ্ঠা কৰিছিল বুলি প্ৰবাদ প্ৰচলিত আছে।
-
লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা
ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা লখিমপুৰ জিলাৰ মুক্তিযুঁজাৰুসকলৰ তালিকা তলত দিয়া হৈছে। এই তালিকাত কাৰাবাস খটা আৰু নখটা সকলো অংশগ্ৰহণকাৰীৰ নাম অন্তৰ্ভুক্ত হৈছে।
-
লাগ'চ
লাগ'চ হৈছে নাইজেৰিয়াৰ আটাইতকৈ ডাঙৰ মহানগৰ আৰু অৰ্থনৈতিক কেন্দ্ৰ। ই পশ্চিম আফ্ৰিকাৰ অন্যতম বৃহৎ মহানগৰ আৰু নাইজেৰিয়াৰ বাণিজ্যিক আৰু সাংস্কৃতিক কেন্দ্ৰ হিচাপে জনাজাত।
-
লাগুনা ডেল মাউলে (আগ্নেয়গিৰি)
লাগুনা ডেল মাউলে (Laguna del Maule) হৈছে চিলিৰ এণ্ডিজ পৰ্বতমালাৰ এক আগ্নেয়ক্ষেত্ৰ। ই আৰ্জেণ্টিনা-চিলি সীমান্তৰ ওচৰত অৱস্থিত, আৰু আংশিকভাৱে এই সীমান্ত অতিক্ৰমো কৰিছে। আগ্নেয়ক্ষেত্ৰৰ বেছিভাগ চিলিৰ মাউলে অঞ্চলৰ টালকা প্ৰদেশত আছে। ই দক্ষিণ আগ্নেয়গিৰি অঞ্চলৰ এটা অংশ, এণ্ডিয়ান আগ্নেয়গিৰি বেল্টৰ অংশ।
-
লাজাৰাচ দ্বীপ
লাজাৰাচ দ্বীপ, যাক পুলাউ চেকিজাং পেলেপাহ বুলিও কোৱা হয়, ছিংগাপুৰৰ দক্ষিণ দ্বীপসমূহৰ ভিতৰত অন্যতম। ই ছিংগাপুৰৰ মূল দ্বীপৰ দক্ষিণে, ছিংগাপুৰ জলদ্বীপৰ ওচৰত আৰু ইয়াত জনবসতি নাই। ইয়াক এটা সৰু স্থলপথেৰে চেণ্ট জনছ দ্বীপৰ সৈতে সংযোগ কৰা হৈছে, য’লৈ ফেৰীৰে যাব পাৰি।
-
লুছাই পাহাৰ
লুছাই পাহাৰ (বৰ্তমান মিজো পাহাৰ বুলি কোৱা হয়) উত্তৰ-পূব ভাৰতৰ পাটকাই-আৰাকান যোমা পৰ্বতমালাত এটা পাহাৰীয়া অঞ্চল গঠন কৰা এটা পাহাৰ। এই পাহাৰটো বৰ্তমান মিজোৰাম ৰাজ্যত অৱস্থিত।
-
শঁলাল গাঁও
শঁলাল গাওঁ অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত এখন গাঁও। উত্তৰ লখিমপুৰ, বিহপুৰীয়া, ঢকুৱাখনা, নাওবৈচা, নাৰায়ণপুৰ আদি শলাল গাঁৱৰ নিকটবৰ্তী চহৰ।
-
শিমলাবাৰী
শিমলাবাৰী (যাক শিমলুবাৰী বুলিও জনা যায়) ভাৰতৰ অসম ৰাজ্যৰ বাক্সা জিলাৰ অন্তৰ্গত এখন লোকপিয়ল গাঁও। ২০১১ চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য অনুসৰি, শিমলাবাৰী গাঁৱৰ মুঠ জনসংখ্যা আছিল ৪,৩৫৭ জন; যাৰ ভিতৰত ২,২০৬ জন পুৰুষ আৰু ২,১৫১ গৰাকী মহিলা। গাঁওখনৰ সাক্ষৰতাৰ হাৰ ৫৪.৫৬%।
-
শৰাইঘাট ৰণ স্মৃতি উদ্যান
শৰাইঘাট ৰণ স্মৃতি উদ্যান উত্তৰ গুৱাহাটীৰ আগিয়াঠুৰিত আছে। উদ্যানখন ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে লাগি আছে। এই উদ্যানখন গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সজোৱা। এই উদ্যানখন শৰাইঘাট ৰণৰ স্মৃতিত সজোৱা যিখন ৰণ আহোম আৰু মোগলৰ মাজত ১৬৭১ চনত হৈছিল। উদ্যানখনৰ ভিতৰত চাৰিজন যুঁজাঁৰুৰ ব্ৰঞ্জৰ মূৰ্তি আছে।
-
সাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা
ভাৰতৰ বিভিন্ন প্ৰান্তত সাক্ষৰতাৰ হাৰ অসমান। তলৰ তালিকাখনত ২০১১ আৰু ২০০১ চনৰ জনগণনা অনুযায়ী সাক্ষৰতাৰ হাৰ, সকলো মিলাই, পুৰুষ আৰু মহিলাৰ বাবে দেখুৱা হৈছে। তদুপৰি দশকত পৰিলক্ষিত সাল-সলনি উল্লেখ কৰা হৈছে। ২০১১ৰ জনগণনা অনুযায়ী কেৰালা এই তালিকাৰ শীৰ্ষত- সমগ্ৰ জনসংখ্যা আৰু মহিলাৰ মাজত।
-
সাতপখলী
সাতপখলী (Satpakhali) অসমৰ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এখন আদৰ্শ গাঁও। ২০১৪ চনত গুৱাহাটী লোকসভা সমষ্টিৰ তেতিয়াৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত সাতপখলীক এখন আদৰ্শ গাঁও হিচাপে নিৰ্বাচন কৰে। জনশ্ৰুতিমতে, গাঁওখনৰ দক্ষিণে বৰভিঠা নামেৰে ঠাইত সাতটা পখলী আছিল।
-
সীতাভোগ
সীতাভোগ ( Sitabhog ) ভাৰতৰ পশ্চিম বংগৰ বৰ্ধমানৰ এবিধ বিখ্যাত মিঠাই। সীতাভোগ হৈছে এবিধ সুস্বাদু মিঠাই, যি দেখিবলৈ বগা ভাত বা চেৱৈৰ দৰে আৰু গোলাপ জামুনৰ সৰু সৰু টুকুৰা দি তৈয়াৰ কৰা হয়। কটেজ চীজ বা চানা, চাউল, আটা আৰু চেনিৰ পৰা তৈয়াৰী সীতাভোগ প্ৰায় পোলাওৰ ৰূপ পায়, যাক খাবলৈ মিঠা লাগে।
-
সোংখ
সৌংখ বা সততে সোংখ বুলি বানান কৰা (অসমীয়া উচ্চাৰণ চৌংখ বা চোংখ), ভাৰতৰ উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ এখন চহৰ আৰু নগৰ পঞ্চায়ত।
-
সৰলপাৰা
সৰলপাৰা এফ.ভি (Saralpara) অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন গাঁও। এই গাঁওখন কোকৰাঝাৰ চহৰৰ পৰা ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰৈত, ভাৰত-ভূটান সীমান্তৰ ওচৰত অৱস্থিত। সৰলপাৰা ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে পৰিচিত।
-
হʼপটুন জলপ্ৰপাত
হʼপটুন জলপ্ৰপাত (Hopetoun Falls) হʼল অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াৰ অটৱেজ অঞ্চলত অৱস্থিত আয়াৰ নদীৰ ওপৰত থকা এটা জলপ্ৰপাত।
-
হৰিশিঙা
হৰিশিঙা ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ উত্তৰ-পূব দিশত অৱস্থিত ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত এখন ক্ষুদ্ৰ নগৰ।