ডফলা বা ডাফলা পাহাৰ হৈছে পশ্চিম অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমান্তত থকা এটা পাহাৰীয়া অঞ্চল য'ত ডফলা নামৰ এটা স্বতন্ত্ৰ জনগোষ্ঠীয়ে বসবাস কৰিছিল। এই অঞ্চল তেজপুৰ আৰু উত্তৰ লখিমপুৰ মহকুমাৰ উত্তৰে অৱস্থিত আৰু ইয়াৰ পশ্চিমে অকা পাহাৰ আৰু পূবে আবৰ পাহাৰ। ১৮৭২ চনত স্বাধীন ডফলাৰ এটা দলে ব্ৰিটিছ ভূ-খণ্ডৰ আমটোলাত থকা নিজৰ জনজাতিৰ লোকৰ এটা বসতিস্থলত হঠাতে আক্ৰমণ কৰি ৪৪ জন বন্দীক পাহাৰলৈ লৈ যায়। ইয়াৰ ফলত ১৮৭৪ চনত ডফলা অভিযান আৰম্ভ হয় আৰু ইয়াৰপৰা ১০০০ সৈন্যই বন্দীসকলক মুক্ত কৰি জনগোষ্ঠীটোক বশ কৰি পেলায়। ১
তথ্যসূত্ৰ
- ↑ Sharma, N.; Shukla, Surya Pal. (1992-01-01). Geography and Development of Hill Areas: A Case Study of Arunachal Pradesh. Mittal Publications. ISBN 9788170993834
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডফলা পাহাৰ” প্ৰবন্ধৰ সংশোধন ৫৪৭৩১৩ (৪ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।