ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ
নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱ হৈছে অসম চৰকাৰৰ দ্বাৰা আয়োজিত এক আধ্যাত্মিক অনুষ্ঠান। এই অনুষ্ঠানত ব্ৰহ্মপুত্ৰ নদীক আৰাধনা কৰা হৈছিল। অনুষ্ঠানটি ২০১৭ চনৰ ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিল তাৰিখলৈকে অনুষ্ঠিত হৈছিল। ব্ৰহ্মপুত্ৰ নদীয়ে চুই যোৱা অসমৰ ২১ খন জিলাত এই উৎসৱ অনুষ্ঠিত হৈছিল।
-
নাগাৰকইলৰ মন্দিৰৰ গহনা
টেম্পল গহনা বা নাগাৰকইলৰ মন্দিৰৰ গহনা (Temple Jewellery of Nagercoil) হৈছে ভাৰতৰ তামিলনাডু ৰাজ্যৰ নাগাৰকইল অঞ্চলৰ একপ্ৰকাৰৰ সোণৰ গহনা। ২০০৭–০৮ চনত ইয়াক ভৌগোলিক ইংগিত হিচাপে ঘোষণা কৰা হয়। বহুমূলীয়া পাথৰৰ মাজত সোণ খটুৱাই গহনা তৈয়াৰ কৰা হয়।
-
নিউ বঙাইগাঁও ৰেলৱে কলনী
নিউ বঙাইগাঁও ৰেলৱে কলনী ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ এখন লোকপিয়ল চহৰ৷ ২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি নিউ বংগাইগাঁও ৰেলৱে কলনীৰ জনসংখ্যা আছিল ১৫,৮৪৭ জন। জনসংখ্যাৰ ৫৪% পুৰুষ আৰু ৪৬% মহিলা।
-
নীলফামাৰী জিলা
নীলফামাৰী জিলা হৈছে বাংলাদেশৰ উত্তৰে অৱস্থিত ৰংপুৰ বিভাগৰ এখন জিলা। ভাৰতৰ সীমাত থকা এই জিলাখন ছখন উপজিলাত ভাগ কৰা হৈছে। নীলফামাৰী এই জিলাৰ সদৰ।
-
নৰকান্দ
নৰকান্দ ভাৰতৰ হিমাচল প্ৰদেশৰ চিমলা জিলাৰ এখন চহৰ।
-
পদুমণি থান
পদুমণি থান লখিমপুৰ জিলাৰ উত্তৰ দিশত লখিমপুৰ চহৰ পৰা ২৫ কিলোমিটাৰ নিলগত অৱস্থিত। ই এটা হিন্দু ধৰ্মৰ মন্দিৰ। ইয়াক ১৯৫২ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ইয়ালৈ প্ৰতিদিনে বহু লোকৰ আগমণ হয়। দুলুং সংৰক্ষিত বনাঞ্চলৰ একেবাৰে সমীপত থকা এই মন্দিৰত বছৰি হাজাৰ হাজাৰ ভক্ত আগমন ঘটে।
-
পাটাবাৰী
পাটাবাৰী, যাক সাধাৰণতে পাটাবাৰী দ্বীপ বা পাটাবাৰী গাঁও বুলি জনা যায়, ভাৰতৰ অসম ৰাজ্যৰ চিৰাং জিলাৰ বেংতল মহকুমাৰ অন্তৰ্গত এখন গাঁও। পাটাবাৰীৰ জিলা আৰু মহকুমা সদৰ স্থানসমূহ ক্ৰমে কাজলগাঁও আৰু বেংতল। ইয়াৰ নিকটৱৰ্তী চহৰখন হৈছে বঙাইগাঁও, যি পাটাবাৰীৰপৰা প্ৰায় ৩৭ কিলোমিটাৰ নিলগত অৱস্থিত।
-
পাদাৰ দ্বীপ
পাদাৰ, বা পাদা হৈছে ইণ্ডোনেছিয়াৰ ইষ্ট নুছা টেঙ্গগাৰাৰ ৱেষ্ট মাংগাৰাই ৰিজেঞ্চীৰ অংশভুক্ত কমোডো দ্বীপপুঞ্জৰ অন্তৰ্গত কমোডো আৰু ৰিঞ্চা দ্বীপৰ মাজত অৱস্থিত এটা সৰু দ্বীপ। এইটো কমোডো ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত তৃতীয় বৃহৎ দ্বীপ। কমোডো দ্বীপপুঞ্জ কমোডো ড্ৰেগনৰ বাবে বিখ্যাত।
-
বকো, কামৰূপ
বকো হৈছে ভাৰতৰ অসম ৰাজ্যৰ কামৰূপ জিলাত অৱস্থিত এখন চহৰ। চহৰখন ১৩৯ খন গাঁওৰে গঠিত। ই গুৱাহাটী পৰা প্ৰায় ৬০ কিলোমিটাৰ পশ্চিমে অৱস্থিত।
-
বগা বাবাৰ মাজাৰ
বগা বাবাৰ মাজাৰ ( Boga Baba Mazhar) বা বগা ফকীৰৰ মাজাৰ অসমৰ ডিব্ৰুগড় জিলাৰ ডিব্ৰুগড় চহৰৰ মাজ-মজিয়াৰ পাঁচআলি অঞ্চলত অৱস্থিত ইছলাম ধৰ্মালম্বীৰ উপাসনাস্থলী। ইয়াত চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টিৰ মাজাৰ। চুফী সন্ত চৈয়দ ৰশ্বন আলি চিষ্টি স্থানীয়ভাৱে বগা বাবা হিচাপে বিখ্যাত আছিল।
-
বঙ্গবন্ধু এভিনিউ
বঙ্গবন্ধু এভিনিউ (Bangabandhu Avenue; বঙ্গবন্ধু অ্যাভিনিউ) হৈছে ঢাকাৰ গুলিস্তানত অৱস্থিত এটা নগৰীয়া পথ। ইয়াৰ পূৰ্বৰ নাম আছিল জিন্না এভিনিউ বাংলাদেশৰ স্বাধীনতাৰ পিছত ইয়াৰ নাম সলনি কৰি বঙ্গবন্ধু এভিনিউ কৰা হয়। বাংলাদেশ আৱামী লীগৰ কেন্দ্ৰীয় কাৰ্যালয় বঙ্গবন্ধু এভিনিউত অৱস্থিত।
-
বসুধৰা জলপ্ৰপাত
উত্তৰাখণ্ডৰ বদ্ৰীনাথৰ সমীপত ৪০০ ফুট উচ্চতাৰ জলপ্ৰপাত হৈছে বসুধৰা জলপ্ৰপাত। এই জলপ্ৰপাতটোৰ পৌৰাণিক কাহিনীৰ বাবে বিখ্যাত যে এই জলপ্ৰপাতৰ পানীয়ে কেৱল বিশুদ্ধ আত্মা থকা লোকসকলকহে স্পৰ্শ কৰে। বিখ্যাত বদ্ৰীনাথ মন্দিৰৰ ওচৰত ই অন্যতম প্ৰধান আকৰ্ষণ।
-
বাকু পাপেট থিয়েটাৰ
বাকু পাপেট থিয়েটাৰ বা বাকু পুতলা থিয়েটাৰৰ (Baku Puppet Theatre) পূৰ্বৰ নাম আছিল আজাৰবাইজান ৰাজ্যিক পুতলা থিয়েটাৰ। আব্দুলা শেইখৰ নামত ইয়াৰ নাম ৰখা হৈছিল, যাক আজাৰবাইজানী ভাষাত Abdulla Şaiq adına Azərbaycan Dövlət Kukla Teatrı বোলা হৈছিল। বাকুৰ নেফ্চিলা এভিনিউত এই থিয়েটাৰটো অৱস্থিত।
-
বাকোটা, ইউক্ৰেইন
বাকোটা ( Bakota) হৈছে পশ্চিম ইউক্ৰেইনৰ খ্মেলনিটস্কি অব্লাষ্টৰ এখন ঐতিহাসিক ডুব যোৱা গাওঁ। ডনিষ্টাৰ নদীৰ তলত অৱস্থিত এই গাঁওখন পড’লিয়াৰ ঐতিহাসিক অঞ্চলৰ অন্তৰ্গত। বাকোটাত এটা গুহাৰ মঠ আছে, য'ত দ্বাদশ–১৪ শতিকাৰ ফ্ৰেস্কো আৰু চিত্ৰকলা আছে, গাঁওখনৰ ওচৰতে এটা পুৰাপাথৰ যুগৰ প্ৰত্নতাত্ত্বিক স্থানও অৱস্থিত।
-
বাটালি পাহাৰ
বাটালি পাহাৰ বাংলাদেশৰ চিটাগং চহৰ থকা সৰ্বোচ্চ পাহাৰ। চহৰৰ মাজ-মজিয়াৰপৰা প্ৰায় ১ কিলোমিটাৰ নিলগত টাইগাৰ পাছ ক্ৰছিঙৰ ওচৰত অৱস্থিত আৰু খুলশী থানাৰ অন্তৰ্গত। প্ৰায় ২৮০ ফুট উচ্চতাত এই পাহাৰটো অবৈধ পাহাৰ খননৰ বাবে খহনীয়া আৰু ভূমিস্খলনৰ ভয়াবহতাৰ সন্মুখীন হয়।
-
বিৰিণাশায়েক গাঁও
বিৰিণাশায়েক (Birinasayek) যোৰহাট জিলাৰ তিতাবৰ মহকুমাত অৱস্থিত এখন গাঁও। গাঁওখনৰ মুঠ মাটিকালি ৩১৬.৮২ হেক্টৰ (৩.১৬৮২ বৰ্গ কি:মি:)। গাঁওখনৰ নিকটৱৰ্তী চহৰ তিতাবৰলৈ ইয়াৰ দূৰত্ব প্ৰায় ১০ কি:মি:। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুযায়ী বিৰিণাশায়েকৰ মুঠ জনবসতি ১,৭৮০।
-
বেংক অব হিন্দুস্থান
ভাৰতৰ প্ৰথমটো বেংকটোৰ নাম বেংক অব হিন্দুস্থান। প্ৰথম ভাৰতীয় বেংক যিটো হৈছে “বেংক অব হিন্দুস্থান(Bank Of Hindustan)” ১৭৭০ চনত স্থাপন কৰা হৈছিল।আলেকজেণ্ডাৰ এণ্ড কোম্পানীৰ এজেন্সী হাউছে ইয়াক স্থাপন কৰিছিল। ১৮ শতিকাৰ তিনিটা অৰ্থনৈতিক সংকটৰ পৰা এই বেংকটো ৰক্ষা পৰিল:
-
ব্যুনেচ আইৰিচ
ব্যুনেচ আইৰিচ হৈছে আৰ্জেণ্টিনাৰ ৰাজধানী আৰু আটাইতকৈ ডাঙৰ মহানগৰ। ই দক্ষিণ আমেৰিকাৰ অন্যতম গুৰুত্বপূৰ্ণ সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে।
-
ব্ৰিফু
ব্ৰিফু (Brifu) হৈছে গাম্বিয়াৰ এখন চহৰ। ই উজনি নদী বিভাগৰ উলি জিলাত অৱস্থিত। ২০০৯ চন অনুসৰি ইয়াৰ জনসংখ্যা ১৪৪০ জন বুলি অনুমান কৰা হৈছে।
-
ভানোৱাৰাণী
ভাৱৰানী হৈছে ভাৰতৰ ৰাজস্থান ৰাজ্যৰ জালৌৰ জিলা এখন গাঁও।
-
ভাৰতৰ দলংসমূহ
ভাৰতৰ হাওৰা আৰু কলকাতাৰ মাজত সযোগ স্থাপন কৰিছে]] বান্দ্ৰা-ৱৰ্লী চি লিংক (Bandra-Worli Sea Link) ৱাছি দলং (Vashi Bridge) এলিছ দলং (Ellis Bridge) গোল্ডেন দলং (Golden Bridge) নেহৰু দলং (Nehru Bridge) হাওৰা দলং ক'ৰ'নেচন দলং (Coronation Bridge) জুবলী দলং বিদ্যাসাগৰ সেতু বিবেকানন্দ সেতু নিৱেদিতা সেতু…
-
ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহৰ তালিকা
ভাৰতত বৰ্তমান ৮৫ টা ৰামচাৰ ক্ষেত্ৰ আছে। এইবোৰ ৰামচাৰ সন্মিলনৰ অধীনত "আন্তৰ্জাতিক গুৰুত্ব"ৰ আৰ্দ্ৰভূমি হিচাপে স্বীকৃতিপ্ৰাপ্ত। ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ইৰানৰ ৰামচৰ চহৰত অনুষ্ঠিত ‘ৰামচৰ সন্মিলন’ৰ যোগেদি বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ আইন প্ৰণয়ন কৰা হয়।
-
ভিণ্ড
ভিণ্ড (Bhind) ভাৰতৰ মধ্য প্ৰদেশ ৰাজ্যৰ এখন চহৰ। ই ভিণ্ড জিলাৰ সদৰ চহৰ।
-
ভৌগলিক স্বীকৃতি বা জি আই টেগ লাভ কৰা অসমৰ সম্পদসমূহ
{| ! নাম !! চমু টোকা !! জি আই টেগ লাভ কৰা বৰ্ষ !! জাতি/জনগোষ্ঠী !! স্থান |- | তেজপুৰৰ লিচু || অসমৰ শোণিতপুৰ জিলাৰ তেজপুৰত উৎপাদিত এবিধ ৰসযুক্ত ফল। তেজপুৰ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থকা কাৰ্বহাইড্ৰেটৰ মাত্ৰাই ইয়াক অন্য লিচুতকৈ পৃথক কৰি তুলিছে।
-
ভৌগোলিক তথ্য ব্যৱস্থা
ভৌগোলিক তথ্য ব্যৱস্থা (Geographic information system) হৈছে এনে এক ব্যৱস্থা যাৰ সহায়ত ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়,সংৰক্ষণ কৰা হয়, বিশ্লেষণ কৰা হয় আৰু উপস্থাপন কৰা হয়। ইয়াক চমুকৈ জি আই এছ (GIS) বুলি কোৱা হয়।
-
ভৌগোলিক স্থানাঙ্ক প্ৰণালী
ভৌগোলিক স্থানাংক পদ্ধতি হৈছে এটা স্থানাংক পদ্ধতি যাৰ সহায়ত পৃথিৱীৰ প্ৰতিটো স্থানৰ অৱস্থান এলানি সংখ্যা বা আখৰৰ সহায়ত বিশেষভাৱে প্ৰদৰ্ষণ কৰা হয়। স্থানাংক সমূহৰ এটা সংখ্যাই প্ৰায়ে লম্ব অৱস্থান, আৰু দুটা বা তিনিটা সংখ্যাই হেলনীয়া অৱস্থান বুজায়।
-
মনসা চালি
মনসা চালি বা মনসা বাৰী ( Manasa chali ) দেৱী মনসাৰ এক অনন্য মাটিৰ প্ৰতিমা, যি ভাৰতৰ পশ্চিম বংগৰ পাঁচমুৰাৰ পোৰামাটিৰ শিল্পকলাৰ তথা পশ্চিম বংগৰ শিল্পকলাৰ উত্তম নিদৰ্শন। দেৱী প্ৰতিমাৰ চালচিত্ৰৰ দৰে ইয়াৰ মনসাৰ চালিত দেৱী মনসাৰ প্ৰতীকিস্বৰূপ অৰ্ধচন্দ্ৰাকৃতিৰ ৰূপত ফণা মেলি থকা সৰ্পৰ শাৰী থাকে।
-
মমতা সোধা
মমতা সোধা ( Mamta Sodha) এগৰাকী ভাৰতীয় ক্ৰীড়াবিদ, ২০১০ চনত মাউণ্ট এভাৰেষ্ট স্কেল কৰাৰ সফল প্ৰচেষ্টাৰ বাবে পৰিচিত। পৰ্বতাৰোহণ ক্ৰীড়াৰ ক্ষেত্ৰত কৰা সেৱাৰ বাবে ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী প্ৰদান কৰি সন্মানিত কৰে।
-
মল্লভূম
মল্লভূম বৰ্তমান ভাৰতৰ পশ্চিমবংগ ৰাজ্যৰ বাংকুৰা জিলাৰ বিষ্ণুপুৰ চহৰৰ পৰা মল্লবংশৰ দ্বাৰা শাসিত প্ৰাচীন ৰাজ্য।
-
মাঅ কায় নাম জিলা
মাঅ কায় নাম (Mỏ Cày Nam) ভিয়েটনামৰ মেকং ব-দ্বীপত থকা বিন চ্চে' প্ৰদেশৰ এখন গ্ৰামীণ জিলা। ২০০৯ চনৰ মাৰ্চত এই জিলাখনৰ স্থাপন কৰা হৈছিল। মাঅ কায় নামৰ পূবে জওং চ্চ'ম জিলা, পশ্চিমে চ্চা ভিন্ প্ৰদেশ, পূব আৰু উত্তৰ-পূবে মাঅ কায় বাক আৰু থাইন ফু জিলা; দক্ষিণ আৰু দক্ষিণ-পশ্চিমে চ্চা ভিন্ প্ৰদেশ অৱস্থিত।