অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

জুনাগড়

জুনাগড় গুজাৰাট ৰাজ্যত অৱস্থিত এখন জিলা। ‘জুনা’ শব্দৰ অৰ্থ প্ৰাচীন আৰু ‘গড়’ মানে দুৰ্গ। নবাবৰ শাসনাধীন জুনাগড় ১৯৪৮ চনত গণভোটৰ জৰিয়তে ভাৰতৰ অন্তৰ্ভুক্ত কৰা হয়। এই জুনাগড়তে আছে ইতিহাস প্ৰসিদ্ধ জুনাগড় দুৰ্গ। গিৰিনাৰ নামৰ এটা অনুচ্চ পাহাৰৰ ওপৰত জুনাগড় দুৰ্গ অৱস্থিত।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

জুনাগড় গুজৰাটত অৱস্থিত এখন জিলা। ‘জুনা’ শব্দৰ অৰ্থ প্ৰাচীন আৰু ‘গড়’ মানে দুৰ্গ। নবাবৰ শাসনাধীন জুনাগড় ১৯৪৮ চনত গণভোটৰ জৰিয়তে ভাৰতৰ অন্তৰ্ভুক্ত কৰা হয়। এই জুনাগড়তে আছে ইতিহাস প্ৰসিদ্ধ জুনাগড় দুৰ্গ। গিৰিনাৰ নামৰ এটা অনুচ্চ পাহাৰৰ ওপৰত জুনাগড় দুৰ্গ অৱস্থিত। ঐতিহাসিক সকলৰ মতে খ্ৰীষ্টপূৰ্ব ৩১৯ত চন্দ্ৰগূপ্ত মৌৰ্যই ইয়াক নিৰ্মাণ কৰোৱাইছিল। পিছত কেইবাবাৰো ইয়াৰ সংস্কাৰ কৰা হয় আৰু এই দুৰ্গৰ পৰিসীমাও বৃদ্ধি পায়। জুনাগড় দুৰ্গৰ ভিতৰত আছে নবাবৰ প্ৰসাদ। ইয়াৰ স্থাপত্য আৰু ভাস্কৰ্য্যত সমসাময়িক কালৰ স্থাপত্য-ভাস্কৰ্য্যৰ নৈপুণ্যৰ স্বাক্ষৰ পৰিলক্ষিত হয়। প্ৰসাদটোৰ বিপৰীত দিশত আছে দৰবাৰ মহল। ইয়াতে নবাবৰ ঘাই সভা অনুষ্ঠিত হৈছিল। প্ৰসাদটোত থকা গোলাকাৰ স্তম্ভবোৰত শিলত কটা বহু দৃষ্টিনন্দন নক্সা আছে। দুৰ্গটোৰ অভ্যন্তৰত কেইবাটাও বৌদ্ধ গুহা আৱিষ্কাৰ হৈছে। ঐতিহাসিকসকলৰ মতে মনোমুগ্ধকৰ শিল্পসম্ভাৰেৰে সমৃদ্ধ এই বৌদ্ধ গুহাবোৰ প্ৰায় ডেৰ হাজাৰ বছৰৰ আগেয়ে নিৰ্মিত। ১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ শান্তনু কৌশিক বৰুৱা, জ্ঞানাঞ্জন, প্ৰান্তিক, সংখ্যা: ১-১৫ ছেপ্টেম্বৰ, ২০১৪, পৃষ্ঠা: ৩০

সম্পৰ্কিত শ্ৰেণী

গুজৰাটভাৰতৰ নগৰ মহানগৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুনাগড়” প্ৰবন্ধৰ সংশোধন ৪৪৫৯৮২ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।