অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নতুন শৰাইঘাট দলং

নতুন শৰাইঘাট দলং বা শৰাইঘাটৰ দ্বিতীয় দলং অসমৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী এখন এখলপীয়া পথ দলং। এই দলং খন পুৰণি শৰাইঘাট দলঙৰ কাষতে ব্ৰহ্মপুত্ৰ নদৰ ওপৰত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁও আৰু দক্ষিণপাৰৰ পাণ্ডুৰ মাজত সংযোগ স্থাপন কৰিছে। ইয়াৰ নিৰ্মান কাৰ্য ২০০৭ চনত আৰম্ভ হৈছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

নতুন শৰাইঘাট দলং বা শৰাইঘাটৰ দ্বিতীয় দলং অসমৰ উত্তৰ আৰু দক্ষিণ পাৰ সংযোগী এখন এখলপীয়া পথ দলং।১ এই দলং খন পুৰণি শৰাইঘাট দলঙৰ কাষতে ব্ৰহ্মপুত্ৰ নদৰ ওপৰত অৱস্থিত। ই ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ আমিনগাঁও আৰু দক্ষিণপাৰৰ পাণ্ডুৰ মাজত সংযোগ স্থাপন কৰিছে। ইয়াৰ নিৰ্মান কাৰ্য ২০০৭ চনত আৰম্ভ হৈছিল। ইয়াৰ মুঠ দৈৰ্ঘ্য ১,৪৯৩.৫৯ মিটাৰ তথা মুঠ ব্যয় প্ৰায় ₹৪৭৫ কোটি।

তিনি লেন যুক্ত এই দলং ২০১৭ চনৰ ২৮ জানুৱাৰী তাৰিখে কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাজমাৰ্গ মন্ত্ৰী নিতিন গাডকাৰীয়ে চৰকাৰী ভাবে উদ্বোধন কৰে। উদ্বোধন কাৰ্যসূচীত কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁই, অসম চৰকাৰৰ উদ্যোগ আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত আছিল।২

তথ্যসূত্ৰ

  1. ↑ Assam: A reason to cheer! After 10 years of waiting, 2nd Saraighat Bridge finally inaugurated. The Northeast Today
  2. ↑ (19 January 2017). Second Saraighat Bridge over river Brahmaputra to open on January 28. The News Mill

সম্পৰ্কিত শ্ৰেণী

অসমৰ দলংব্ৰহ্মপুত্ৰৰ ওপৰত দলং

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নতুন শৰাইঘাট দলং” প্ৰবন্ধৰ সংশোধন ৫৯৭১৮৮ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।