চলন্তপাৰা ভাৰতৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ অভয়াপুৰী মহকুমাৰ অন্তৰ্গত এখন সৰু চহৰ। বঙাইগাঁও চহৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ (১৯ মাইল) দূৰত্বত অৱস্থিত আৰু ই বইটামাৰী উন্নয়ন ব্লকৰ অংশ। চলন্তপাৰাৰ পৰা মাত্ৰ ৪ কিলোমিটাৰ দূৰত্বত ব্ৰহ্মপুত্ৰ নদ অৱস্থিত।
চলন্তপাৰাত অৱস্থিত আটাইতকৈ পুৰণি বিদ্যালয় হৈছে চলন্তপাৰা এম ভি স্কুল। চলন্তপাৰাৰ ছেইণ্ট জেভিয়াৰ স্কুলে ভাৰতত চিবিএছই ব’ৰ্ডৰ অধীনত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা প্ৰদান কৰে। চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন প্ৰতিষ্ঠান, যিয়ে মাধ্যমিক শিক্ষা ব’ৰ্ড, অসম, আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত উচ্চতৰ মাধ্যমিক শিক্ষাৰ অধীনত সেই স্থানত মাধ্যমিক আৰু হাইস্কুল শিক্ষা প্ৰদান কৰে। মহাত্মা গান্ধী মহাবিদ্যালয়ত কলাৰ স্নাতক পাঠ্যক্ৰম প্ৰদান কৰা হৈছে।১
চলন্তপাৰাৰ বাবে পিন (ডাক সূচকাংক নম্বৰ) হৈছে ৭৮৩৩৮৮। প্ৰায় ৩ কিলোমিটাৰ ব্যাসাৰ্ধৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰ চলন্তাপাৰা এম পি এইচ চি। জীৱ-জন্তুৰ চিকিৎসাৰ বাবে উপস্থিত আছে এখন পশু চিকিৎসালয়।
তথ্যসূত্ৰ
- ↑ Assam Higher Secondary Education. i-innovation Technologies
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চলন্তপাৰা” প্ৰবন্ধৰ সংশোধন ৫৬৩৪৭৮ (১৩ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।