ঢলাই নদী (Dhalai River) হৈছে ভাৰত আৰু বাংলাদেশৰ সীমান্তত অৱস্থিত নদী। এই নদীখনক ঢলা নদী নামেৰেও জনা যায়। ত্ৰিপুৰাৰ পাৰ্বত্য অঞ্চলত ঢলাই নদীৰ উৎপত্তি হৈছে। এই নদীখনে বাংলাদেশৰ মৌলবী বজাৰ জিলাত প্ৰৱেশ কৰিছে। তাৰ পিছত এই নদীখন বাংলাদেশৰ ৰাজনগৰ উপজিলাত মনু নদীৰ লগত মিলি গৈছে।১২
তথ্যসূত্ৰ
- ↑ Dhala River. banglapedia
- ↑ Rivers of Tripura. Tripura State Pollution Control Board
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঢলাই নদী” প্ৰবন্ধৰ সংশোধন ২৩৫০৮৮ (৩ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।