তাম্ৰেশ্বৰ দেৱালয় হৈছে অসমৰ ওদালগুৰি জিলাৰ খৈৰাবাৰী অঞ্চলৰ এক অন্যতম পৌৰাণিক স্থান। প্ৰত্নতত্ত্ব বিভাগৰ গৱেষণা মতে তাম্ৰেশ্বৰ দেৱালয় আনুমানিক ১১-১২ শতিকাৰ ভিতৰত ওদালগুৰি জিলাৰ খৈৰাবাৰীত নিৰ্মাণ কৰা হৈছিল। জনশ্ৰুতি অনুসৰি এই প্ৰাচীন শৈৱপীঠ সপ্তম- নৱম শতিকাৰ ভিতৰত নিৰ্মাণ কৰা বুলি ধাৰণা কৰা হয়। প্ৰকৃতিৰ নান্দনিক পৰিৱেশৰ মাজত অৱস্থিত উক্ত দেৱালয়ত তামৰ ফলি,পুৰণি দেৱালয়ৰ ভগ্নাৱশেষ, শিৱ -পাৰ্বতীৰ মূৰ্তি আৰু এটি প্ৰাচীন পুখুৰী আছে। ঐতিহাসিক গুৰুত্ব থকা দেৱালয়খনত ঈশ্বৰিক শক্তি বিৰাজিত বুলি বিশ্বাস কৰা হয়। তাম্ৰেশ্বৰ দেৱালয় অসমৰ ঐতিহাসিক পৰিচয় বহনকাৰী এক সম্পদ হিচাপে পৰিগণিত।
তথ্য সংগ্ৰহ: দৈনন্দিন বাৰ্তা কাকতৰ ডিজিটেল সংস্কৰণ ইন্টাৰনেট পেজত প্ৰচাৰিত বাতৰিৰ পৰা-https://www.dainandinbartagroup.in/tamreswar-temple-through-the-path-of-history/
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তাম্ৰেশ্বৰ দেৱালয়” প্ৰবন্ধৰ সংশোধন ৩৩১৮৯৩ (৩০ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।