ভাৰতৰ অসম ৰাজ্যৰ ব্ৰহ্মপুত্ৰ নদীৰ এখন সৰু উপনৈ টুনি নদী ৷ বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপ মাজুলীৰ মাজভাগেৰে টুনি নদী বৈ গৈছে ৷ অসমৰ কেইবাখনো প্ৰাচীন সত্ৰৰ ভিতৰত অন্যতম শ্ৰী শ্ৰী ভোগপোৰ সত্ৰ টুনি নদীৰ ওচৰত অৱস্থিত। টুনি নদীক বশিষ্ঠ গংগা বুলিও কোৱা হয় ৷ ১
টুনি নদীখন মাজুলী জিলাৰ ১ নং মহখুটিৰ পৰা উৎপত্তি হোৱা প্ৰাকৃতিক শাখা নদী ৷ টুনি নদীখনক এতিয়া অৱৰোধ কৰি স্থবিৰ কৰি পেলোৱাৰ ফলত ই এক পানীৰ বৃহৎ পুখুৰীত পৰিণত হৈছে। মাজুলীৰ ভোগপোৰ সত্ৰৰ ওচৰত ব্ৰহ্মপুত্ৰ নদীৰ সৈতে টুনি নদীৰ লগ হয় ৷ ২
তথ্যসূত্ৰ
- ↑ Bhogpur Satra Details. Majuli Cultural Landscape Management Authority
- ↑ Erosion activity on Majuli – the largest river island of the world. India Environment Portal
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টুনি নদী” প্ৰবন্ধৰ সংশোধন ৫৪৭৮১৫ (৫ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।