চাৰিদুৱাৰ শোণিতপুৰ জিলাৰ উত্তৰ প্ৰান্তত অৱস্থিত এটি অঞ্চল। জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা চাৰিদুৱাৰ অঞ্চলৰ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ। চাৰিদুৱাৰৰ পূৱে জীয়া ভৰলী নদী, পশ্চিমে গাভৰু নদী, দক্ষিণে বালিপৰা আৰু উত্তৰে অসম-অৰুণাচল সীমান্তৰ ভালুকপুং। ভিন্ন জাতি-জনজাতি, ধৰ্ম-সম্প্ৰদায়ৰ লোকৰ বসতি চাৰিদুৱাৰ অঞ্চলৰ সামাজিক-সাংস্কৃতিক-ঐতিহাসিক গুৰুত্ব অপৰিসীম।
চাৰিদুৱাৰ অঞ্চলৰ গাঁও সমূহ:
চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত চাৰিদুৱাৰ অঞ্চলৰ গাঁও সমূহ হ’ল চেঙেলীমাৰী, নঘৰীয়া, চপালগা, গাৰোগাঁও, গামিনী, এৰাললগা, ঢাৰিকাটি, গড়মৰা, আমলগা,চপালগা।
লোকসভা আৰু বিধানসভা সমষ্টি:
বৰ্তমানৰ নদুৱাৰ বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত চাৰিদুৱাৰ অঞ্চলটো তেজপুৰ লোকসভা সমষ্টিৰ অধীনত।
শিক্ষা প্ৰতিষ্ঠান:
- চেঙেলীমাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়
- চেঙেলীমাৰী উচ্চ মাধ্যমিক বিদ্যালয়
- চাৰিদুৱাৰ চৰকাৰী নেভিল মধ্য ইংৰাজী বিদ্যালয়
- চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়
চাৰিদুৱাৰ অঞ্চলটোৰ গুৰুত্ব:
চাৰিদুৱাৰত অসমৰ একমাত্ৰ কপাহী সূতা কটা কল আছিল। পিছে কেঁচা মালৰ অভাৱ আৰু বিভিন্ন প্ৰশাসনিক অসুবিধাৰ বাবে বৰ্তমান কলঘৰটো বন্ধ হৈ আছে। ইয়াৰোপৰি এই চাৰিদুৱাৰ অঞ্চলতেই নামেৰি ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী এই নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনে বিশ্ব মানচিত্ৰত চাৰিদুৱাৰ অঞ্চলৰ যথেষ্ট গুৰুত্ব বঢ়াইছে।
তথ্য সংগ্ৰহ
জলবায়ু
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰিদুৱাৰ” প্ৰবন্ধৰ সংশোধন ৬০১৭৫০ (২১ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।