অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চেৰ’ ব্লাংকো

চিলিৰ চেণ্টিয়াগো চহৰৰ এটা পাহাৰ আৰু ঐতিহাসিক ল্যাণ্ডমাৰ্ক হৈছে চেৰ’ ব্লাংকো। এই ভৌগোলিক গঠন চাৰিওফালৰ ভূ-খণ্ডৰপৰা ৮৯ মিটাৰ (২৯২ ফুট) ওখ আৰু ইয়াৰ পৃষ্ঠভাগ ২৮ হেক্টৰ (৬৯ একৰ) সামৰি লৈছে। ইয়াৰ পূবে ৰেকোলেটা এভিনিউ, দক্ষিণে ছাণ্টোছ ডুমণ্ট এভিনিউ আৰু উত্তৰে লা ইউনিয়ন ষ্ট্ৰীট আছে।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০২৬ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ
ইগলেচিয়া দে লা ভিনিটা
ইগলেচিয়া দে লা ভিনিটাছবি: Penarc · CC BY-SA 3.0

চিলিৰ চেণ্টিয়াগো চহৰৰ এটা পাহাৰ আৰু ঐতিহাসিক ল্যাণ্ডমাৰ্ক হৈছে চেৰ’ ব্লাংকো। এই ভৌগোলিক গঠন চাৰিওফালৰ ভূ-খণ্ডৰপৰা ৮৯ মিটাৰ (২৯২ ফুট) ওখ আৰু ইয়াৰ পৃষ্ঠভাগ ২৮ হেক্টৰ (৬৯ একৰ) সামৰি লৈছে।১ ইয়াৰ পূবে ৰেকোলেটা এভিনিউ, দক্ষিণে ছাণ্টোছ ডুমণ্ট এভিনিউ আৰু উত্তৰে লা ইউনিয়ন ষ্ট্ৰীট আছে। পিছৰ ৰাস্তাটোৱে পাহাৰটোক চেমেণ্টেৰিয়া জেনেৰেল ডি চেণ্টিয়াগোৰপৰা পৃথক কৰে। চেৰ’ ব্লাংকো (ব্লাংকোৰ স্পেনিছ ভাষাত বগা)ৰ নামকৰণ কৰা হৈছে কাৰণ ঔপনিৱেশিক যুগত এই পাহাৰটোত থকা মাটিৰ মালিক ডমিনিকানসকলে হোৱাইট হেবিট ব্যৱহাৰ কৰিছিল।১

১৮৪০ চনত সম্পূৰ্ণ হোৱা ইগলেচিয়া দে লা ভিনিটা (সৰু আঙুৰৰ বাগিছাৰ গীৰ্জা) চেৰ’ ব্লাংকোৰ তলৰ দক্ষিণ-পূব ফালে অৱস্থিত, যিটো আৱাৰ লেডী অৱ মণ্টচেৰাটৰ নামত সোঁৱৰণ কৰা হৈছে।১

চেৰ’ ব্লাংকোৰ এটা শিলৰ কুৱেৰীৰপৰা উলিওৱা শিল, ছাণ্টিঅ' ডমিংগো গীৰ্জাকে ধৰি চেণ্টিয়াগোৰ কিছুমান ঐতিহাসিক অট্টালিকা নিৰ্মাণত ব্যৱহাৰ কৰা হৈছিল।

এই পাহাৰৰ নামেৰেই চেৰ’ ব্লাংকো মেট্ৰ’ ষ্টেচনৰ নামকৰণ কৰা হৈছে।

তথ্যসূত্ৰ

  1. ↑ Cerro Blanco. National Monuments Council

সম্পৰ্কিত শ্ৰেণী

ভৌগোলিক অঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেৰ’ ব্লাংকো” প্ৰবন্ধৰ সংশোধন ৬৩৫৩৭৩ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।