হয়বৰগাঁও হৈছে অসমৰ নগাঁও জিলাৰ এখন জনবহুল অঞ্চল। সংস্কৃত ভাষাত 'হয়' মানে 'ঘোঁৰা' আৰু 'বৰ'ৰ অৰ্থ 'ডাঙৰ'।১ তাৰ নামেৰেই ঠাইখন পৰৱৰ্তী কালত হয়বৰগাঁও বুলি জনাজাত হ'ল। ব্ৰহ্মপুত্ৰ নদীৰ এখন উপনৈ কলং নদীৰ পাৰত চহৰখন অৱস্থিত। কলং নদীয়ে নগৰখনক দুটা অংশত বিভক্ত কৰিছে: নগাঁও আৰু হয়বৰগাঁও। এই চহৰখন ৰাজ্যৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীৰ পৰা প্ৰায় ১৩৫ কিলোমিটাৰ পূবে অৱস্থিত।
অঞ্চলটোত থকা উত্তৰ হয়বৰগাঁও বৰনামঘৰখন ১৮২৩ চনৰ ১৬ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা হৈছিল। যি সম্প্ৰতি ২০০ বছৰত ভৰি দিছে।২
যাতায়ত
পথ
হয়বৰগাঁও ঠাইখন নগাঁও জিলাৰ সদৰৰ পৰা প্ৰায় ২-৩ কি.মি. দূৰত্বত অৱস্থিত। হয়বৰগাঁৱৰ ওপৰেদি নগাঁও-মৰিগাঁও ৰাজ্যিক ঘাইপথ পাৰ হৈ গৈছে। বাছ পৰিবহণে ঠাইখনক অসমৰ অন্যান্য অঞ্চলসমূহৰ লগত সংযুক্ত কৰিছে।
ৰে'লপথ
হয়বৰগাঁৱত এটা ৰে’ল ষ্টেচন আছে। হয়বৰগাঁৱৰ পৰা ৰে'ল লাইনটো আগলৈ নগাঁও জিলাৰ মৈৰাবাৰী লৈকে বিস্তৃত। হয়বৰগাঁওৰ ওপৰেদি অসমৰ ৰাজধানী গুৱাহাটীলৈ নিতৌ ৰে'ল চলাচল কৰে। সেই ৰে'ল দুখন হৈছে মৈৰাবাৰী - গুৱাহাটী কলংপাৰ পেছেঞ্জাৰ আৰু হয়বৰগাঁও - গুৱাহাটী কপিলী ডেমু স্পেচিয়েল।৩
তথ্যসূত্ৰ
- ↑ হয় meaning. https://www.wordsense.eu/%E0%A4%B9%E0%A4%AF''
- ↑ উত্তৰ হয়বৰগাঁও বৰনামঘৰৰ ২০০ বছৰীয়া প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা. asomiyapratidin.com
- ↑ haibargaon to guwahati trains. indianrailinfo.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হয়বৰগাঁও” প্ৰবন্ধৰ সংশোধন ৪৬৩৭৬৪ (১৪ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।