ঔৰংগাবাদ ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন জিলা। ঔৰংগাবাদ নগৰ এই জিলাখনৰ সদৰ ঠাই।
ভূগোল
ঔৰংগাবাদ জিলাৰ মাটিকালি ৩,৩৮৯ বৰ্গ কিলোমিটাৰ (১,৩০৯ বৰ্গ মাইল)। এই জিলাখন মাগধ সংমণ্ডলৰ অন্তৰ্গত।
জনগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি ঔৰংগাবাদ জিলাৰ জনসংখ্যা ২,৫৪০,০৭৩জন।১ জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ৭৬০জন (২০০০ প্ৰতি বৰ্গ মাইল)। লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯১৬ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৭২.৭৭%।২
২০১১ চনৰ লোকপিয়ল অনুসৰি ঔৰংগাবাদ জিলাৰ জনসংখ্যাৰ ৯৪.৭৮% হিন্দী আৰু ৫.১৭% উৰ্দুভাষী লোক।৩
বাহ্যিক লিংক
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ 2011 Census of India, Population By Mother Tongue
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঔৰংগাবাদ জিলা, বিহাৰ” প্ৰবন্ধৰ সংশোধন ২৫৬৩৪৬ (২৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।