বৰাইল পৰ্বত (Barail Range) উত্তৰ-পূব ভাৰতৰ এখন অন্যতম বিশাল পৰ্বতমালা। এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত (দ্ৰাঘিমাংশ ৯৩.১৫০০°, অক্ষাংশ ২৫.১৫০০°)। এই পৰ্বত প্ৰধানতঃ অসমৰ ডিমা হাছাও জিলাত অৱস্থিত আৰু ই হৈছে অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ (বা পৰ্বত)। এই পৰ্বত হৈছে বিশাল হিমালয় পৰ্বতমালাৰ অংশ বিশেষ।১২ বৰাইল পৰ্বত মালাৰ সৰ্বোচ্চ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ১৯০০ মিটাৰতকৈও অধিক আৰু সৰ্বনিম্ন উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ১০০ মিটাৰতকৈও কম। ইয়াৰ সৰ্বোচ্চ শৃংগ লাইকেইৰ উচ্চতা ১৯৫৯ মিটাৰ।৩
এই বৰাইল পৰ্বততে বিয়পি আছে সমগ্ৰ বৰাইল অভয়াৰণ্য। বৰাইল পৰ্বত হৈছে বিভিন্ন জীৱ-জন্তু আৰু উদ্ভিদৰ আৱাসস্থল। জৈৱ-বৈচিত্ৰ্যৰ বাবে বিখ্যাত এই সমগ্ৰ অঞ্চল। বৰাইল পৰ্বতৰ প্ৰাকৃতিক আভাই বিভিন্ন দেশী-বিদেশী পৰ্যটকক আকৰ্ষিত কৰি আহিছে। এই পৰ্বতৰ পৰা নিকটতম ডাঙৰ চহৰ হৈছে হাফলং (দূৰত্ব ১৭.২ কিঃ মিঃ)। ইয়াৰ পৰাই উৎপত্তি হৈছে দক্ষিণ অসমৰ বৃহৎ নদী বৰাকৰ।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰাইল পৰ্বত” প্ৰবন্ধৰ সংশোধন ৬১১৩৫০ (৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।