বৰগাং অসমৰ শোণিতপুৰ জিলাত অৱস্থিত এখন গাঁও। ২০০৬ চনত ই চহৰাঞ্চলৰ মৰ্যাদা লাভ কৰে। উইলিয়ামচন মেগৰৰ চাহ খেতিয়ে ঠাইখন আগুৰি আছে। বৰগাং নদী এই গাঁওখনৰ মাজেৰে বৈ গৈছে।১ বৰগাঙৰ কেথলিক গীৰ্জা আৰু চিকিৎসালয় ১৯৭৮ চনত নিৰ্মাণ কৰা হৈছিল২ আৰু ইয়াক খ্ৰীষ্টান মিছনাৰীসকলে পৰিচালনা কৰে। গীৰ্জাটোৰ ভিতৰৰ গম্বুজত জেনেৰেল ৰিজাৰ্ভ ইঞ্জিনিয়াৰ ফৰ্চৰ সেৱাকৰ্মী এ. ৰবাৰ্ট চন্দ্ৰৰ চিত্ৰ আছে।
তথ্যসূত্ৰ
- ↑ Massive erosion takes place at Borgang and Kumalia in Biswanath district. The sentinel
- ↑ Borgang Catholic Hospital. AIFO. Amici di Raoul Folleraeu India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰগাং” প্ৰবন্ধৰ সংশোধন ৪৪২৭৩১ (৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।