বুৰৈ নদী(ইংৰাজী: Buroi River) ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসমৰ বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ টকৌবাৰী গাওঁ-পঞ্চায়ত অন্তৰ্গত বুৰৈঘাট নামে গাঁৱত অবস্থিত। ব্ৰহ্মপুত্ৰ নদীৰ উপনদীসমূহৰ ভিতৰত বুৰৈ নদীও এক উপনৈ। বুৰৈ নদী ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ বাহিনী উপনৈ। বুৰৈ নদী গহপুৰৰ অন্যতম এক বনভোজস্থলী হিচাপে জনাজাত। বহু দূৰ-দূৰনিৰ পৰা ইয়াত বনভোজ খাবলৈ বিভিন্ন লোকৰ আগমন ঘটে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বুৰৈ নদী” প্ৰবন্ধৰ সংশোধন ৫৬৫৭১৯ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।