ক্ৰা দাদি জিলা (Kra Daadi district) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা। ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত কুৰুং কুমেই জিলাৰ একাংশ পৃথক কৰি এই জিলাখন সৃষ্টি কৰা হৈছিল।১ এই জিলাৰ সদৰ ঠাই পালিন। জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসী নিচি জনজাতিৰ।
ইতিহাস
২০১৩ চনৰ ২১ মাৰ্চত অৰুণাচল প্ৰদেশ (জিলা পুনৰ্সংগঠন) আইন (Arunachal Pradesh (Re-Organization of Districts) Bill) ৰ দ্বাৰা ক্ৰা দাদি জিলা গঠনৰ প্ৰস্তাৱ গৃহীত হয়।২ ২০১৫ চনৰ ৭ ফেব্ৰুৱাৰীত সেইসময়ৰ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী নবাম টুকীয়ে এই নতুন জিলাখন উদ্বোধন কৰে।১
প্ৰশাসন
বৰ্তমান জিলাখনৰ অস্থায়ী সদৰ পালিন। পালিনৰ পৰা ২০ কিমি দুৰত্বত অৱস্থিত জামিন (Jamin) নগৰক জিলাখনৰ সদৰ ঠাই হিচাপে প্ৰস্তাৱ কৰা হৈছে।
ক্ৰা দাদি জিলাত দুটা বিধানসভাৰ সমষ্টি আছে- তালি (Tali) আৰু পালিন (Palin)। তদুপৰি জিলাখন আঠটা প্ৰশাসনিক বৃত্তত বিভক্ত কৰা হৈছে- পালিন, জামিন, য়াংটে (Yangte), চামবাং (Chambang), তৰক লাংডি (Tarak Langdi), গাংটে (Gangte), তালি আৰু পিপচ’ৰাং (Pipsorang)।১
তথ্যসূত্ৰ
- ↑ (9 February 2015). Arunachal Pradesh carves out new district. The Times of India
- ↑ (22 March 2013). Arunachal clears bill for four new districts. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ক্ৰা দাদি জিলা” প্ৰবন্ধৰ সংশোধন ২৩৭৬৩৯ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।