উমিয়াম হ্ৰদ (অন্য নাম বৰাপানী হ্ৰদ) মেঘালয় ৰাজ্যৰ শ্বিলং নগৰৰ ১৫ কিলোমিটাৰ উত্তৰে অৱস্থিত এক জলাধাৰ। ১৯৬০-ৰ দশকত উমিয়াম নদীত বান্ধ দি ইয়াৰ সৃষ্টি কৰা হৈছিল। হ্ৰদ আৰু বান্ধৰ অৱবাহিকা অঞ্চল প্ৰায় ২২০ কিলোমিটাৰ বিস্তৃত।
ইতিহাস
হ্ৰদটোক আবদ্ধ কৰা উমিয়াম বান্ধ ১৯৬০-ৰ দশকত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ-এ সাজি উলিয়াইছিল। হ্ৰদটো সৃষ্টিৰ উদ্দেশ্য আছিল জলবৈদ্যুতিক শক্তিৰ উৎপাদন। হ্ৰদটোৰ উত্তৰে থকা উমিয়াম ষ্টেজ I পাৱাৰহাউচত চাৰিটা 9-MW টাৰ্বাইন জেনেৰেটৰ আছে য'ত ১৯৬৫ চনত ব্যৱসায়িক উৎপাদন আৰম্ভ হয়। উমিয়াম ষ্টেজ I উত্তৰ-পূব ভাৰতত অনুমোদিত প্ৰথম জলাধাৰ জলবিদ্যুৎ প্ৰকল্প। পাছলৈ উমিয়াম প্ৰকল্পৰ আৰু তিনিটা পৰ্যায় নামনি অঞ্চলত সজা হয়।১
পৰ্যটনস্থলী
মেঘালয়ত উলিয়াম হ্ৰদ এক অন্যতম পৰ্যটনস্থলী। পৰ্যটকসকলে কায়াকিং, ৱাটাৰ চাইক্লিং, স্কুটিং, নাও চলোৱা আদিৰ বাবে ইয়াত ভিৰ কৰে।

বাহ্যিক সংযোগ
- Umiam lake faces toxic threat
- Umiam Dam satellite map
- Umiam Lake Details
- Siltation and Pollution Contribute to Power Crisis in Shillong
- Pollution of Umiam Lake
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমিয়াম হ্ৰদ” প্ৰবন্ধৰ সংশোধন ৩৮০২০১ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।