মৰাণ স্বায়ত্বশাসিত পৰিষদ (Moran Autonomous Council) মৰাণ জনগোষ্ঠীৰ উন্নয়ত আৰু সুৰক্ষাৰ বাবে ২০২০ চনত গঠন কৰা অসমৰ এক স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ বা স্বায়ত্বশাসিত পৰিষদ।১
বিৱৰণ
মৰাণসকল সাধাৰণতে তিনিচুকীয়া জিলাত বসবাস কৰা অসমৰ এক খিলঞ্জীয়া জনগোষ্ঠী।২ মৰাণ স্বায়ত্বশাসিত পৰিষদ বিল ২০২০খন ২৪ মাৰ্চ ২০২০ত অসম বিধানসভাত দাখিল কৰা হয় আৰু ই বিৰোধী দলসমূহৰ কোনো আপত্তি নোহোৱাকৈ ছেপ্টেম্বৰ ২০২০ত গৃহীত হয়।১
প্ৰশাসন
মৰাণ স্বায়ত্বশাসিত পৰিষদৰ মুঠ সদস্য ২৫জন। ইয়াৰে ২২জন সদস্য পোনপতীয়াকৈ নিৰ্বাচিত হয় আৰু ৩জন সদস্য ৰাজ্যপালে মনোনীত কৰে।৩
২০২১ৰ জানুৱাৰীত চৰকাৰে ঘোষণা কৰে যে ২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে মৰাণ স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰা সম্ভৱ নোহোৱা বাবে এখন অন্তৰ্ৱতীকালীন পৰিষদ গঠন কৰা হ’ব।৪
তথ্যসূত্ৰ
- ↑ (4 September 2020). Assam Assembly Passes Bills To Create Three Separate Autonomous Councils. The wire
- ↑ Arunabh Saikia. (24 March 2020). Assam’s small ethnic groups dumped BJP over CAA. The party wooed them back – not just for elections. Scroll
- ↑ (20 October 2020). Formation of 3 autonomous councils: Dispur in dilemma. Sentinelassam
- ↑ (9 January 2021). Assam Government To Form Four Interim Councils Soon. Sentinelassam
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰাণ স্বায়ত্বশাসিত পৰিষদ” প্ৰবন্ধৰ সংশোধন ৪০৩৫৪০ (২৫ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।