অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শিলপুখুৰী

শিলপুখুৰী হৈছে অসমৰ কামৰূপ জিলাৰ গুৱাহাটীৰ এটি ব্যস্ত আৰু ঘন বসতিপূৰ্ণ অঞ্চল। ১৮৯৯ খ্ৰীষ্টাব্দত শিলপুখুৰী অঞ্চলটো গুৱাহাটী পৌৰসভাৰ অন্তৰ্ভুক্ত হয়। শিলপুখুৰীৰ পুৰণি নাম আছিল কুকুৰমুতা। গুৱাহাটীৰ এটি পুৰণি পুখুৰী 'শিলপুখুৰী'ৰ কাষে-পাজৰে এটি জনবসতি গঢ় লৈ উঠিছিল।

হালনাগাদ: ১৬ জুন ২০২১ ১৪৩ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

শিলপুখুৰী হৈছে অসমৰ কামৰূপ জিলাৰ গুৱাহাটীৰ এটি ব্যস্ত আৰু ঘন বসতিপূৰ্ণ অঞ্চল।১ ১৮৯৯ খ্ৰীষ্টাব্দত শিলপুখুৰী অঞ্চলটো গুৱাহাটী পৌৰসভাৰ অন্তৰ্ভুক্ত হয়। শিলপুখুৰীৰ পুৰণি নাম আছিল কুকুৰমুতা। গুৱাহাটীৰ এটি পুৰণি পুখুৰী 'শিলপুখুৰী'ৰ কাষে-পাজৰে এটি জনবসতি গঢ় লৈ উঠিছিল। এই অঞ্চলটোৱেই পিছলৈ শিলপুখুৰী নামে জনাজাত হয়।

কুকুৰমুতা

মূৰ-ডাঙৰ কাঠফুলাৰে, যাক সেই ঠাইৰ পুৰণি বিহাৰী বাসিন্দাসকলে 'কুক্কুৰমুট্টা' বুলিছিল - সমগ্ৰ অঞ্চলটো ভৰি আছিল। সেয়ে 'কুক্কুৰমুট্টা'ৰ অপভ্ৰংশ 'কুকুৰমুতা' নামেৰে অঞ্চলটোৱে পৰিচিতি লাভ কৰিছিল। এই কুকুৰমুতা অঞ্চলটো পূবে শিলপুখুৰী আৰু পশ্চিমে দীঘলীপুখুৰী পৰ্যন্ত বিয়পি আছিল।১

শিলপুখুৰী

শিলপুখুৰীৰ প্ৰাচীন নাম হ'ল ন-কোণীয়া পুখুৰী। ইংৰাজৰ ৰাজত্বকাললৈকে এই পুখুৰীৰ নাম ন-কোণীয়া পুখুৰী আছিল। পিছত পুখুৰীৰ পাৰত থকা এচটা পুৰণি লিপিখচিত শিলৰপৰাই এই পুখুৰীৰ নাম শিলপুখুৰী হয় বুলি ধৰা হয়। এই শিলালিপিৰ মতে, স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত ১৭৫৩ খ্ৰীষ্টাব্দত তৰুণ দুৱৰা বৰফুকনে এই পুখুৰীটো খন্দাইছিল। পুৰণি শিলপুখুৰীৰ নটা কোণত নটা পাটনাদ আছিল। এই নটা পাদনাদৰ পানীৰে নৱগ্ৰহৰ নজন গ্ৰহ দেৱতাক ধুওৱা হৈছিল বুলি জনপ্ৰবাদ আছে।১

তথ্যসূত্ৰ

  1. ↑ কুমুদেশ্বৰ হাজৰিকা. (ডিচেম্বৰ, ২০০২). ইতিহাসৰ ছাঁ-পোহৰত পুৰণি গুৱাহাটী. অসম পাব্লিচিং কোম্পানী. পৃ. ১৮৩, ১৬৫, ১৮. ISBN ৯৭৮-৮১-৮৬৩৮৪-৯১-X

সম্পৰ্কিত শ্ৰেণী

গুৱাহাটীৰ উল্লেখযোগ্য ঠাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিলপুখুৰী” প্ৰবন্ধৰ সংশোধন ২৮২৩৪৫ (১৬ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।