চান্দমাৰী (Chandmari) হৈছে অসমৰ গুৱাহাটীত থকা পুৰণি বসতিস্থলৰ ভিতৰত অন্যতম৷ চান্দমাৰী কামৰূপ মহানগৰ জিলাৰ পৰা পূব দিশত অৱস্থিত৷ অল ইণ্ডিয়া ৰেডিঅ', গুৱাহাটীৰ লগতে কেইখনমান শৈক্ষিক প্ৰতিষ্ঠান চান্দমাৰীত আছে৷ তাৰে ভিতৰত হ'লি চাইল্ড কনভেণ্ট, গৌহাটী বাণিজ্য মহাবিদ্যালয়ৰ সমীপত অৱস্থিত ভাস্কৰ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নাম ল'ব পাৰি৷ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান হৈছে চান্দমাৰীত থকা অন্যতম গুৰুত্বপূৰ্ণ শৈক্ষিক প্ৰতিষ্ঠান৷১২ ১৯৬১ চনৰ পৰাই ব'হাগ বিহুকে ধৰি একাধিক উৎসৱ-পাৰ্বন চান্দমাৰীত সময়ে সময়ে উদযাপিত হৈ থাকে৷৩ ইয়াৰ বাবে অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰখন সততে ব্যৱহাৰ কৰা হয়৷ এইখন পথাৰক সেয়ে চান্দমাৰী বিহুতলী বুলিও জনা যায়৷ ৪ পূব গুৱাহাটী বিহু সন্মিলনৰ দ্বাৰা বিহুৰ সময়ৰ সাংস্কৃতিক অনুষ্ঠানটিৰ আয়োজন কৰা হয়৷ ইয়াৰ লগতে চান্দমাৰী সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে নিয়মীয়াকৈ দুৰ্গা পূজা পাতি থাকে৷ চান্দমাৰীৰ প্ৰতিৱেশী ঠাইসমূহ হৈছে মিলনপুৰ, নিজৰাপাৰ, বামুণীমৈদাম, পূব-শৰণীয়া, ভাস্কৰ নগৰ আদি৷ ৫ অসমৰ পুৰণি ছবিগৃহৰ ভিতৰত অন্যতম অনুৰাধা ছবিগৃহ চান্দমাৰীতেই আছে৷৬
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Assam Engineering Institute at Chandmari. assamspider.com
- ↑ Chandmari Locality. locationary.com
- ↑ Staff Reporter. (16 April 2012). Bohag Bihu celebrated. The Assam Tribune
- ↑ (18 April 2011). Artistes performing Bihu at Chandmari Bihutoli. The Assam Tribune. পৃ. 1
- ↑ Goswami, Manashree (Compiled by). (13 April 2012). Prize catch. The Telegraph
- ↑ Staff Reporter. (9 March 2010). State Film Fest on March 10–18. The Assam Tribune
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চান্দমাৰী” প্ৰবন্ধৰ সংশোধন ৩৮৫০৪০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।