অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কৰ্ণফুলি নদী

কৰ্ণফুলি নদী বা কথলাংতুইপুই নদী (মিজোৰামত প্ৰচলিত নাম) বাংলাদেশ-ভাৰতৰ এখন সীমান্তৱৰ্তী নদী। এই নদীখন বাংলাদেশৰ দক্ষিণ-পূৰ্বাঞ্চলৰ এক প্ৰধান নদী। নদীটোৰ বাংলাদেশ অংশৰ দৈৰ্ঘ্য ১৬১ কিলোমিটাৰ, গড় প্ৰস্থ ৪৫৩ মিটাৰ আৰু ইয়াৰ প্ৰকৃতি সৰ্প আকৃতিৰ। ইয়াৰ উপনদী সমূহ হ'ল - হালদা, বোয়ালখালী, কাসালং আৰু সাহনী।

হালনাগাদ: ২৮ নৱেম্বৰ ২০২৪ ১২২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কৰ্ণফুলি নদী বা কথলাংতুইপুই নদী (মিজোৰামত প্ৰচলিত নাম) বাংলাদেশ-ভাৰতৰ এখন সীমান্তৱৰ্তী নদী। এই নদীখন বাংলাদেশৰ দক্ষিণ-পূৰ্বাঞ্চলৰ এক প্ৰধান নদী।১ নদীটোৰ বাংলাদেশ অংশৰ দৈৰ্ঘ্য ১৬১ কিলোমিটাৰ, গড় প্ৰস্থ ৪৫৩ মিটাৰ আৰু ইয়াৰ প্ৰকৃতি সৰ্প আকৃতিৰ। ইয়াৰ উপনদী সমূহ হ'ল - হালদা, বোয়ালখালী, কাসালং আৰু সাহনী।

নামৰ উৎপত্তি

চট্টগ্ৰামৰ ইতিহাসত আৰবৰ ব্যৱসায়ীসকলৰ বৰ্ধিত উপস্থিতিৰ বাবে এই ঠাইখনৰ বহু অঞ্চলত আৰবী মূলৰ নাম আহিল। এই নদীখনৰ নাম কাৰণাফুল, আৰবী ভাষাৰ শব্দটোৰ অৰ্থ হৈছে লং আৰু লঙেৰে ভৰা এখন আৰবৰ জাহাজ এই নদীত ডুব যোৱা এটা ঘটনাক বুজায়।২

প্ৰবাহ

কৰ্ণফুলি নদী ভাৰতৰ মিজোৰাম ৰাজ্যৰ লুংলেই জিলা (লুছাই পাহাৰ)ৰ পৰা উৎপত্তি হৈ পাৰ্বত্য চট্টগ্ৰাম আৰু চট্টগ্ৰামৰ মাজেদি প্ৰবাহিত হৈ চট্টগ্ৰামৰ পতেঙ্গাৰ ওচৰত বঙ্গোপসাগৰত মিলিত হৈছে। এই নদীৰ মোহনাতে বাংলাদেশৰ প্ৰধান সমুদ্ৰ বন্দৰ চট্টগ্ৰাম বন্দৰ অবস্থিত। এই নদীৰ দৈৰ্ঘ্য ৩২০ কিলোমিটাৰ।

তথ্যসূত্ৰ

  1. ↑ আন্তঃসীমান্ত নদী. বাংলাপেডিয়া
  2. ↑ Chowdhury, Abdul Hoque. (1980). চট্টগ্ৰামেৰ সমাজ ও সংস্কৃতি. J.B. Chowdhury. পৃ. 24

সম্পৰ্কিত শ্ৰেণী

নদী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰ্ণফুলি নদী” প্ৰবন্ধৰ সংশোধন ৪৪৯৩৬২ (২৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।