হামৰেণ(Hamren)(IPA: ˈhæmrən)অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন পৰ্বতীয়া ঠাই।
জনসংখ্যা
২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি হামৰেণৰ মুঠ জনসংখ্যা ৮২৭৮ জন। ইয়াৰে ৫৩% পুৰুষ তথা ৪৭% মহিলা। হামৰেণৰ গড় সাক্ষৰতাৰ হাৰ ৬৪%। পুৰুষ আৰু মহিলাৰ পৃথকভাৱে সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭১% আৰু ৫৬%। হামৰেণৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৮% ছয় বছৰৰ অনুৰ্ধৰ।
শিক্ষা
হামৰেণ নগৰত এখন মহাবিদ্যালয়, দুখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পাচখন উচ্চ মাধ্যমিক বিদ্যালয় আছে। এইকেইখন হৈছে-
- Waisong College,Hamren
- Govt Higher Secondary School,
- Presbyterian Mission High School,
- Jirsong Gov't High School,
- Don Bosco High School,
- Girls' Higher Secondary School,
- RongKarbi High School,
- Church of God High School.
পৰ্যটনস্থলী
- কপিলী নৈ
- বৰাপানী হ্ৰদ
- বৈঠালাংছ'
- ডংকা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হামৰেণ” প্ৰবন্ধৰ সংশোধন ৪০৩৩৫৭ (২৪ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।