কমনৱেলথ গেমছত ভাৰতে ১৯৩৪ চনৰ দ্বিতীয় কমনৱেলথ গেমছৰ পৰা আৰম্ভ কৰি কেৱল চাৰিখন কমনৱেলথ গেমছৰ বাহিৰে সকলোতে প্ৰতিদ্বন্দ্বিতা কৰিছে। ২০১০ চনত ভাৰতে এবাৰ কমনৱেলথ গেমছৰ আয়োজনো কৰিছে। এই প্ৰতিযোগিতাসমূহত ভাৰতৰ বাবে আটাইতকৈ সফল খেলবিধ হৈছে শ্বুটিং।১২
২০২২ চনৰ কমনৱেলথ গেমছত ভাৰতে মুঠ ৬১টা পদক (২২টা সোণ, ১৬টা ৰূপ, ২৩টা ব্ৰঞ্জ) অৰ্জন কৰে। বৰ্তমানলৈকে কমনৱেলথ গেমছত ভাৰতে মুঠ ৫৬৪টা পদক (২০৩টা সোণ, ১৯০টা ৰূপ, ১৭১টা ব্ৰঞ্জ) অৰ্জন কৰিছে আৰু কমনৱেলথ গেমছৰ পদক তালিকাত ৪ৰ্থ স্থান লাভ কৰিছে। ভাৰতৰ প্ৰথমটো কমনৱেলথ পদক লাভ কৰিছিল মল্লযোদ্ধা ৰছিদ আনোৱাৰে (ব্ৰঞ্জৰ পদক) ১৯৩৪ চনত।৩
আয়োজক দেশ
২০১০ চনত ভাৰতে দিল্লীত এই কমনৱেলথ গেমছ অনুষ্ঠিত কৰিছিল। সেইবাৰ ভাৰতীয় খেলুৱৈয়ে ৩৮টা সোণ, ২৭টা ৰূপ আৰু ৩৬টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল।৪ এয়া আছিল বৰ্তমানলৈকে ভাৰতৰ সৰ্বাধিক সফল কমনৱেলথ গেমছ।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমনৱেলথ গেমছত ভাৰতবৰ্ষ” প্ৰবন্ধৰ সংশোধন ৩৮০৩৬০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।