ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত চাৰছিপ জিলা অন্যতম। জিলাখনৰ আয়তন হৈছে ১৪২১.৬০ কিলোমিটাৰ। চাৰছিপ চহৰখন জিলাখনৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়। এই জিলাখন ১৯৯৮ চনৰ ১৫ ছেপ্টেম্বৰত বৃহত্তৰ আইজল জিলাৰ পৰা পৃথক কৰাত অস্তিত্ব লাভ কৰে। ইয়াৰ সৃষ্টিৰ ধৰণৰ বাবে ইয়াত পূব লুংদাৰ তহচিলৰ এটা অংশ আৰু থিংছল্টলিয়া তহচিলৰ এটা অংশ অন্তৰ্ভুক্ত কৰা হৈছে।১২
ভৌগোলিক অৱস্থান
জিলাখনৰ উত্তৰ আৰু উত্তৰ-পশ্চিমে আইজল জিলা; পশ্চিম আৰু দক্ষিণে লুংলেই জিলা; দক্ষিণ-পূবে ম্যানমাৰ (বাৰ্মা), আৰু পূবে ছাম্ফাই জিলা।
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ Bhatt, S. C. (2006). Land and People of Indian States and Union Territories, volume 19 Mizoram. Kalpaz Publications. পৃ. 65– 70, page 69. ISBN 81-7835-375-X
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰছিপ জিলা” প্ৰবন্ধৰ সংশোধন ৩৭০৭৪৫ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।