অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মেঘালয় চৰকাৰ

মেঘালয় চৰকাৰ (Government of Meghalaya) বা মেঘালয় ৰাজ্য চৰকাৰ হ'ল ভাৰতৰ মেঘালয় ৰাজ্য আৰু ইয়াৰ ১২খন জিলাৰ সৰ্বোচ্চ শাসক কৰ্তৃপক্ষ৷ ইয়াত মেঘালয়ৰ ৰাজ্যপালৰ নেতৃত্বত এটা কাৰ্যবাহী, ন্যায়পালিকাৰ আৰু বিধানসভা শাখা আছে।

হালনাগাদ: ২৯ জুলাই ২০২৪ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

মেঘালয় চৰকাৰ (Government of Meghalaya) বা মেঘালয় ৰাজ্য চৰকাৰ হ'ল ভাৰতৰ মেঘালয় ৰাজ্য আৰু ইয়াৰ ১২খন জিলাৰ সৰ্বোচ্চ শাসক কৰ্তৃপক্ষ৷১ ইয়াত মেঘালয়ৰ ৰাজ্যপালৰ নেতৃত্বত এটা কাৰ্যবাহী, ন্যায়পালিকাৰ আৰু বিধানসভা শাখা আছে।

ভাৰতৰ আন ৰাজ্যৰ দৰে মেঘালয় ৰাজ্যৰ মুৰব্বীজন হ’ল ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰামৰ্শমতে নিযুক্ত কৰা ৰাজ্যপাল। ৰাজ্যপালৰ পদটো বহুলাংশে আনুষ্ঠানিক। মুখ্যমন্ত্ৰী চৰকাৰৰ মুৰব্বী আৰু প্ৰায়বোৰ কাৰ্যকৰী ক্ষমতা তেওঁৰ হাততেই ন্যস্ত থাকে। শ্বিলং, মেঘালয়ৰ ৰাজধানী আৰু ইয়াতেই ৰাজ্যখনৰ বিধানসভা আৰু সচিবালয় আছে। মেঘালয়ৰ শ্বিলঙত অৱস্থিত মেঘালয় উচ্চ ন্যায়ালয়ে মেঘালয় ৰাজ্যত উত্থাপিত গোচৰৰ ক্ষেত্ৰত অধিকাৰ আৰু ক্ষমতা প্ৰয়োগ কৰে।

বৰ্তমানৰ মেঘালয় বিধানসভাখন এক-সদনীয় বিধায়িনীসভা। ই ৬০ গৰাকী বিধানসভাৰ সদস্যৰে গঠিত। ইয়াৰ কাৰ্যকাল ৫ বছৰ, যদিহে সোনকালে ভংগ নহয়।২

তথ্য উৎস

  • Government and politics in Meghalaya, by R. S. Lyngdoh. Sanchar Pub. House, 1996. .

তথ্যসূত্ৰ

  1. ↑ The Government Of Meghalaya. Unacademy
  2. ↑ Meghalaya Legislative Assembly. Legislative Bodies in India. National Informatics Centre, Government of India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেঘালয় চৰকাৰ” প্ৰবন্ধৰ সংশোধন ৪২৭১০১ (২৯ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।