ভাৰতে ২০১৬ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ ব্ৰাজিলৰ ৰিঅ' দি জেনেৰিঅ'ত অনুষ্ঠিত ২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিক ক্ৰীড়াত অংশগ্ৰহণ কৰে। ১৯৬৮ চনৰ পেৰালিম্পিক ক্ৰীড়াৰ পৰা ভাৰতীয় খেলুৱৈ সকলে গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ১৯৭৬ আৰু ১৯৮০ চনৰ সংস্কৰণক বাদ দি প্ৰতিটো সংস্কৰণত যোগদান কৰি আহিছে।
২০১৬ চনৰ ৮ আগষ্ট তাৰিখে ভাৰতীয় পেৰালিম্পিক সন্থায়ে ১৯ জনীয়া (১৬জন পুৰুষ আৰু ৩ গৰাকী নাৰী) প্ৰতিনিধিৰ দল ৰিঅ' পেৰালিম্পিকৰ ৫তা খেলৰ বাবে ঘোষণা কৰে।১
পেৰালিম্পিকৰ ইতিহাসত ভাৰতে গ্ৰীষ্মকালীন পেৰালিম্পিকলৈ পঠিওৱা ইয়ে আটাইতকৈ বেছি সংখ্যক প্ৰতিযোগী। লগতে এইবাৰ ভাৰতে নিজৰ উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰে। ভাৰতে ২টা সোণ, ১টা ৰূপ আৰু ১টা ব্ৰঞ্জৰ পদকৰে পিডক তালিকাৰ ৪৩তম স্থান অধিকাৰ কৰে। এইবাৰ ভাৰতীয় পেৰা খেলুৱৈ দেৱেন্দ্ৰ ঝাঝাৰীয়াই জেভলীন থ্ৰোত বিশ্ব ৰেকৰ্ড গঢ়ি সোণৰ পদক লাভ কৰে।২
প্ৰতিযোগিতা
| ক্ৰীড়া | পুৰুষ | মহিলা | মুঠ | ইভেণ্ট |
|---|---|---|---|---|
| আৰ্চাৰী | ০ | ১ | ১ | ১ |
| এথলেটিকছ | ১৩ | ২ | ১৫ | ১১ |
| ভাৰোলত্তন | ১ | ০ | ১ | ১ |
| সাঁতোৰ | ১ | ০ | ১ | ১ |
| শ্বুটিং | ১ | ০ | ১ | ১ |
| মুঠ | ১৬ | ৩ | ১৯ | ১৫ |
পদক বিজয়ী
সৰ্বমুঠ
| পদক | নাম | খেল | ইভেণ্ট | তাৰিখ |
|---|---|---|---|---|
| মাৰীয়াপ্পান থানগাভেলু | এথলেটিকছ | পুৰুষৰ হাই জাম্প এফ৪২ | ৯ ছেপ্টেম্বৰ | |
| দেৱেন্দ্ৰ ঝাঝাৰীয়া | এথলেটিকছ | জেভলীন থ্ৰো এফ৪৬ | ১৪ ছেপ্টেম্বৰ | |
| দীপা মালিক | এথলেটিকছ | মহিলাৰ শ্বট পুত এফ৫৩ | ১২ ছেপ্টেম্বৰ | |
| বৰুণ সিং ভাটী | এথলেটিকছ | পুৰুষৰ হাই জাম্প এফ৪২ | ৯ ছেপ্টেম্বৰ |
ক্ৰীড়া অনুযায়ী পদক
| ক্ৰীড়া | মুঠ | |||
|---|---|---|---|---|
| এথলেটিকছ | ২ | ১ | ১ | ৪ |
লগতে চাওক
তথ্যসূত্ৰ
- ↑ (8 August 2016). LIST OF PLAYERS SELECTED TO REPRESENT INDIA AT THE RIO PARALYMPIC GAMES 2016. Paralympic Committee of India
- ↑ (2016-09-14). Paralympics 2016 · Devendra Jhajharia breaks World Record to win Gold at Paralympics
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰীষ্মকালীন পেৰালিম্পিক ২০১৬ত ভাৰত” প্ৰবন্ধৰ সংশোধন ৬১৩৩৭০ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।