তেজপুৰ চহৰৰ পশ্চিম দিশত, চিত্ৰলেখা উদ্যানৰ কাষতে এক বিস্তৃত অঞ্চল এই পুখুৰীয়ে আৱৰি লৈ তেজপুৰ চহৰৰ সৌন্দৰ্য্য বৰ্দ্ধন কৰিছে। পুখুৰীৰ মাজত এটা গোলাকাৰ সৰু দ্বীপ আছে। বৃটিছসকলৰ দিনত এই পুখুৰীটো তৃতীয় জৰ্জৰ নামেৰে ’জৰ্জ লেক’ নামে পৰিচিত আছিল। এসময়ত ইয়াত প্ৰচুৰ পৰিমানে পদুম ফুল ফুলিছিল বাবে ই পদুম পুখুৰী নামে জনাজাত হৈ পৰে। পুখুৰীৰ মাজৰ দ্বীপটোত অসমৰ চাহ খেতিৰ আৱিস্কাৰক জৰ্জ চাৰ্লচ আলেকজেণ্ডাৰ ব্ৰুচৰ এটি আৱক্ষ মূৰ্তি স্থাপন কৰা আছে। বৰ্তমান এই পুখুৰীৰ মাজৰ দ্বীপটোত এখন সাকোঁ সাজি, নানান ফুল-লতা ৰোপন কৰি উদ্যানখন সুন্দৰকৈ সজাই তোলা হৈছে লগতে শিশু সকলৰ বাবেও এখন খেলা উদ্যান নিৰ্মান কৰা হৈছে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পদুম পুখুৰী” প্ৰবন্ধৰ সংশোধন ৩৮৬৯১১ (১০ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।