ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পানীৰ উৰ্ধগতি
পানীৰ উৰ্ধগতি বা আপৱেলিং এক সাগৰীয় পৰিঘটনা, এই ঘটনাত গভীৰ পানীৰপৰা সাগৰৰ পৃষ্ঠৰফালে ঘন, শীতল আৰু সাধাৰণতে পুষ্টিকৰ পানীৰ বতাহৰদ্বাৰা পৰিচালিত গতি জড়িত। ই উষ্ণ আৰু সাধাৰণতে পুষ্টিকৰ উপাদান ক্ষয় হোৱা পৃষ্ঠীয় পানীৰ ঠাই লয়।
-
পাৰো (ভূটান)
পাৰো(Paro) (জোংখা: སྤ་རོ་) ভূটানৰ পাৰো উপত্যকাৰ পাৰো জিলাৰ এখন মুখ্য চহৰ। পাৰো সমগ্ৰ অঞ্চলটোত সিঁচৰতি হৈ থকা বহুতো পৱিত্ৰ স্থান আৰু ঐতিহাসিক অট্টালিকা সমৃদ্ধ এখন ঐতিহাসিক চহৰ। ইয়াৰ উপৰিও ইয়াত ভূটানৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ইয়াতে আছে।
-
পিপলান্ত্ৰি
পিপলান্ত্ৰি ভাৰতৰ ৰাজস্থান ৰাজ্যৰ ৰাজসমন্দ জিলাত অৱস্থিত এখন গাঁও। গাঁওখন ছোৱালী সন্তানৰ জন্ম উদ্যাপনৰ সৈতে গছপুলি ৰোপণৰ এক অভিনৱ সামাজিক আৰু পৰিৱেশ সংৰক্ষণমূলক উদ্যোগৰ বাবে পৰিচিত। প্ৰতিগৰাকী ছোৱালী সন্তান জন্ম হ'লে গাঁওবাসীয়ে তেওঁৰ নামত ১১১টা গছপুলি ৰোপণ কৰে আৰু সেইবোৰৰ যত্ন লয়।
-
প্ৰতাপগড়
প্ৰতাপগড় হৈছে পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ সতৰা জিলাত অৱস্থিত এটা পাহাৰীয়া দুৰ্গ। মহাবলেশ্বৰ পাহাৰীয়া ষ্টেচনৰ পৰা ২৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই দুৰ্গটো। দুৰ্গটো এতিয়া পৰ্যটনস্থলী হৈ পৰিছে।
-
প্ৰাচীৰ দ্বীপ
প্ৰাচীৰ দ্বীপ (Barrier islands) এক বিশেষপ্ৰকাৰৰ উপকূলীয় অবয়ৱ। ই মূলতঃ একপ্ৰকাৰৰ বালিয়া পাহাৰ বা বালিয়াড়ী প্ৰণালী আৰু বালিৰ দ্বীপ। তৰংগ বা ঢৌ আৰু জোৱাৰ-ভাটাৰ ক্ৰিয়াৰ ফলত উপকূলৰ ওচৰৰ বালি জমা হৈ মূল ভূ-খণ্ডৰ সমান্তৰালভাৱে এই দ্বীপসমূহ গঠিত হয়।
-
ফিফা বিশ্বকাপৰ আয়োজক দেশসমূহ
আগৰ বিশ্বকাপ বিলাক স্থান নিৰ্বাচনৰ কামতো ফিফা কংগ্ৰেছৰ সভা বিলাকতে সম্পন্ন কৰা হৈছিল। কিন্তু স্থান বিলাকক লৈ বহুত বিতৰ্ক হোৱা দেখা গৈছিল, কাৰণ ফুটবলৰ কেন্দ্ৰ হিচাপে চিহ্নিত ইউৰোপ আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰৰ মাজত যাতায়তৰ নাৱেৰে বাবে ৩ সপ্তাহ মান সময়ৰ প্ৰয়োজন হৈছিল।
-
ফৰাচী ভাৰত
ফৰাচী ভাৰত ( French India) এখন ফৰাচী উপনিবেশ আছিল, যি ভাৰতীয় উপমহাদেশৰ পাঁচটা ভৌগোলিকভাৱে পৃথক ছিটমহলেৰে (enclave) গঠিত আছিল। এইবোৰ প্ৰথমতে ফৰাচী ইষ্ট ইণ্ডিয়া কোম্পানীৰ কাৰখানা আছিল। ১৯৫০ আৰু ১৯৫৪ চনত ফৰাচীৰ দখলত থকা অঞ্চলবোৰ ভাৰতীয় গণৰাজ্যত অন্তৰ্ভুক্ত কৰি লোৱা হয়।
-
বঘৰা
বঘৰা, মৰিগাঁও জিলাৰ মধ্য ভাগত অৱস্থিত এখন অতি পুৰণি জনবসতি অঞ্চল। বঘৰা বুলিলে সধাৰণতে শিলসাঁকো, সোণাৰীগাঁও, অনন্তপুৰ (শালিকাবড়ি), মাজগাঁও, কল্যাণপুৰ (কাইণ্ডাগুৰি), উলুবাৰী, হাতীগড়, পানীবঘৰা, ঔজাৰী, ঘূলীগাঁও, যোৰআঁহত, শুখনাগোগ, মাণিপুৰ আৰু বাচনাঘাট নামৰ এই বাৰটা চুবুৰীক বুজায়।
-
বাখচিছাৰাই
বাখচিছাৰাই, ইউক্ৰেইনৰ ক্ৰিমিয়াৰ স্বায়ত্তশাসিত গণৰাজ্য এখন চহৰ। ই বাখচিছাৰাই ৰায়নৰ প্ৰশাসনিক কেন্দ্ৰ, লগতে পূৰ্বৰ ক্ৰিমিয়ান খানাতৰ ৰাজধানী। ইয়াৰ মুখ্য আকৰ্ষণ হৈছে হানছাৰাই, ক্ৰিমিয়ান খানসকলৰ একমাত্ৰ বৰ্তমানলৈ সংৰক্ষিত প্ৰাসাদ, যিটো বৰ্তমান সংগ্ৰহালয় হিচাপে পৰ্যটকৰ বাবে মুকলি।
-
বালেশ্বৰ
বালেশ্বৰ বা বালাচোৰ ( Balasore ) ভাৰতৰ ওড়িশা ৰাজ্যৰ বালেশ্বৰ জিলাৰ এখন চহৰ আৰু পৌৰসভা অঞ্চল৷ ইংৰাজীত বালাচোৰ যদিও ওড়িয়া ভাষাত বালেশ্বৰ নামেৰে পৰিচিতি।
-
বাৰ্বাডোচ
বাৰ্বাডোচ (Barbados) কেৰিবিয়ান সাগৰৰ দক্ষিণ-পূৱ অঞ্চলত অৱস্থিত এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ দৈৰ্ঘ্য ৩৪ কিলোমিটাৰ (২১ মাইল), প্ৰস্থ ২৩ কিমি (১৪ মাইল) পৰ্যন্ত আৰু ই ৪৩২ বৰ্গ কিমি (১৬৭ বৰ্গ মাইল) এলেকা আৱৰি আছে।
-
বিজয় সাগৰ
বিজয়সাগৰ(Bijoy Sagar) উত্তৰ-পূব ভাৰতৰ উদয়পুৰৰ এটি হ্ৰদ। ইয়াক মহাদেৱ দিঘী বুলিও কোৱা হয়। ত্ৰিপুৰাৰ উদয়পুৰৰ অন্যতম বৃহৎ হ্ৰদ। এই বিলৰ দৈৰ্ঘ্য ৭৫০ ফুট আৰু প্ৰস্থ ৪৫০ ফুট। বিলখনৰ চাৰিওফালৰ অঞ্চলটো ঘনকৈ বসতিপূৰ্ণ।
-
বিদৰ্ভ ৰাজ্য
সংস্কৃত মহাকাব্য মহাভাৰতৰ বিদৰ্ভ ৰাজ্য যদু ৰজাই (ভোজ যাদৱ) শাসন কৰা বহু ৰাজ্যৰ ভিতৰত অন্যতম। ই মধ্য ভাৰতৰ বৰ্তমান মহাৰাষ্ট্ৰত এতিয়াও বিদৰ্ভ নামেৰে জনাজাত অঞ্চলত অৱস্থিত আছিল। নলৰ পত্নী দময়ন্তী আছিল বিদৰ্ভৰ ৰাজকুমাৰী। একেদৰে বাসুদেৱ কৃষ্ণৰ জ্যেষ্ঠ পত্নী ৰুক্মিণী বিদৰ্ভৰ আছিল।
-
বিন্ধ্যা পৰ্বতমালা
বিন্ধ্যা পৰ্বতমালা ( বিন্ধ্যাচল নামেৰেও জনাজাত) হৈছে পশ্চিম-মধ্য ভাৰতৰ পৰ্বতমালা, পাহাৰ, উচ্চভূমি আৰু মালভূমিৰ ঢালৰ এক বিচ্ছিন্ন শৃংখল। কাৰিকৰী দিশৰপৰা বিন্ধ্যা ভাৰতৰ সৰ্বোচ্চ পৰ্বতমালা।
-
বিশ্ব চিলেট সন্মিলন
বিশ্ব চিলেট সন্মিলন (World Sylhet Convention) হৈছে আমেৰিকা, কানাডা, যুক্তৰাজ্য, জাপান, ভাৰত, বাংলাদেশ আৰু অন্যান্য ঠাইত বাস কৰা চিলেটিসকলৰ বাৰ্ষিক সাংস্কৃতিক সংবহন।
-
বিহাৰ প্ৰদেশ
বিহাৰ প্ৰদেশ (Bihar Province) ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ১৯৩৬ চনত বিহাৰ আৰু উৰিষ্যাৰ বিভাজন ঘটি এই প্ৰদেশখনৰ সৃষ্টি হৈছিল।
-
বুনেৰ জিলা
বুনেৰ জিলা (بونېر ولسوالۍ, ) পাকিস্তানৰ খাইবাৰ পাখতুঁখোৱা প্ৰদেশৰ মালাকান্দ সংমণ্ডলৰ এখন জিলা। বুনেৰ হস্পিটেলিটিৰ বাবে বিখ্যাত আৰু ইয়াক হস্পিটেলিটিৰ দেশ বুলিও কোৱা হয়। ১৯৯১ চনত জিলাৰ মৰ্যাদা লাভ কৰাৰ আগতে ই স্বাট জিলাৰ ভিতৰতে এখন তহচিল আছিল।
-
ব্ৰাহ্মণবাড়িয়া
ব্ৰাহ্মণবাড়িয়া বা ব্ৰাহ্মণবাৰিয়া (Brahmanbaria, ব্ৰাহ্মণবাড়িয়া) হৈছে বাংলাদেশৰ চিটাগং বিভাগৰ এখন চহৰ। ই ব্ৰাহ্মণবাড়িয়া জিলা আৰু ব্ৰাহ্মণবাড়িয়া সদৰ উপজিলাৰ সদৰ ঠাই। কুমিল্লাৰ পিছতে ই পূব বাংলাদেশৰ দ্বিতীয় বৃহত্তম চহৰ।
-
ভাইপিন
ভাইপিন (Vypin,, কোচিন পৰ্তুগীজ: ইছলা ছান্তা) ভাৰতৰ কেৰালা ৰাজ্যৰ কোচি চহৰৰ অন্তৰ্ভুক্ত এক দ্বীপপুঞ্জ। ভাইপিন এটা প্ৰাচীৰ দ্বীপ হিচাপে অৱস্থিত। ইয়াৰ পশ্চিম দিশত আৰৱ সাগৰ আৰু পূব দিশত পেৰিয়াৰ নদীৰ বিভিন্ন শাখা নদীৰদ্বাৰা গঠিত কেৰালাৰ কায়াল (কোচিন কায়াল) আছে।
-
ভাৰতীয় অন্তৰীক্ষ ষ্টেচন
ভাৰতীয় অৰ্বিটেল স্পেচ ষ্টেচন, যাক ভাৰতীয় অন্তৰীক্ষ ষ্টেচন বুলিও কোৱা হয়, ভাৰতৰ দ্বাৰা নিৰ্মাণ হ’বলগীয়া আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ৰ দ্বাৰা পৰিচালিত পৰিকল্পিত মডিউলাৰ মহাকাশ কেন্দ্ৰ।
-
ভুৰিশ্ৰেষ্ঠ
ভুৰশুত বা ভুৰিশ্ৰেষ্ঠ ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ বৰ্তমানৰ হাওৰা আৰু হুগলী জিলাত বিয়পি থকা মধ্যযুগীয় বঙালী হিন্দু ৰাজ্য আছিল।
-
ভূৰাগাঁও-খাৰুপেটিয়া দলং
ভূৰাগাঁও-খাৰুপেটীয়া দলং, অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ৰাষ্ট্ৰীয় ঘাইপথ ৭১৫এ ৰ ওপৰত ৭.৬৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ (৪.৭৪ মাইল) প্ৰস্তাৱিত পকী পথ দলং ৷ ইয়াৰ জৰিয়তে উত্তৰ পাৰৰ দৰং জিলাৰ খাৰুপেটীয়াক দক্ষিণ পাৰৰ মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ সৈতে সংযোগ কৰা হ’ব।
-
ভেল্লায়নী হ্ৰদ
ভেল্লায়নী হ্ৰদ বা ভেল্লায়নী কায়াল (Vellayani Lake, or Vellayani Kayal) কেৰালা ৰাজ্যৰ দ্বিতীয় বৃহত্তম মিঠা পানীৰ হ্ৰদ আৰু এই হ্ৰদ ভাৰতৰ কেৰালাৰ তিৰুৱনন্তপুৰমত অৱস্থিত। ভেল্লায়নী পদুম ফুলৰ বাবে জনাজাত আৰু ইয়াক অলপ ইক’-হেভেন বুলি গণ্য কৰা হয়।
-
মংগল শোভাযাত্ৰা
মংগল শোভাযাত্ৰা বা মংগোল শোভাযাত্ৰা, বাংলাদেশত বাংলা নৱবৰ্ষৰ প্ৰথম দিনটোত সম্পন্ন হোৱা এক গণ শোভাযাত্ৰা। ঢাকা বিশ্ববিদ্যালয়ৰ সূক্ষ্ম কলা অনুষদৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে এই শোভাযাত্ৰাৰ আয়োজন কৰে। এই উৎসৱক বাংলাদেশী জনসাধাৰণৰ ধৰ্মনিৰপেক্ষ পৰিচয়ৰ প্ৰকাশ আৰু একতা বৃদ্ধিৰ উপায় হিচাপে গণ্য কৰা হয়।
-
মণিমহেশ হ্ৰদ
মণিমহেশ হ্ৰদক হিন্দু ধৰ্মত পবিত্ৰ হ্ৰদ বুলি গণ্য কৰা হয়। এই হ্ৰদটো সনাতন ধৰ্মত উল্লেখ কৰা পঞ্চ কৈলাশ পৰ্বতসমূহৰ ভিতৰত অন্যতম মণিমহেশ কৈলাশ পৰ্বতত অৱস্থিত।
-
মহীশূৰ প্ৰাসাদ
মহীশূৰ প্ৰাসাদ, ( Mysore Palace যাক আম্বা বিলাস প্ৰাসাদ বুলিও কোৱা হয়, ভাৰতৰ কৰ্ণাটকৰ মহীশূৰত অৱস্থিত এক ঐতিহাসিক প্ৰাসাদ আৰু ৰাজবাসগৃহ। এইটো ৱাডিয়াৰ বংশৰ চৰকাৰী বাসগৃহ আৰু মহীশূৰ ৰাজ্যৰ মুখ্য কাৰ্যালয় হিচাপে কাম কৰিছিল।
-
মাইদানেটস্কে
মাইদানেটস্কে (ইউক্ৰেইনীয়ান: Майданецьке) হৈছে ইউক্ৰেইনৰ চেৰকাচি অব্লাষ্ট (প্ৰভিন্স)ৰ জভেনিহোৰোডকা ৰায়ন (জিলা)ৰ অন্তৰ্গত এখন গাঁও। এই গাঁওখন ৰাজধানী কিয়েভৰপৰা প্ৰায় ২৩৫ কিলোমিটাৰ (১৪৬ মাইল) দক্ষিণে অৱস্থিত। ই ইউক্ৰেইনৰ অন্যতম এক স্থানীয় প্ৰশাসনিক গোট টালনে নগৰীয়া হ্ৰমাডাৰ অন্তৰ্ভুক্ত।
-
মাওফ্লাং
মাওফ্লাং উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব খাচি পাহাৰ জিলাত অৱস্থিত এখন গাঁও। ই শ্বিলংৰপৰা প্ৰায় ২৫ কিলোমিটাৰ দূৰত অৱস্থিত। খাচি ভাষাত মাও শব্দৰ অৰ্থ "শিল" আৰু মাও ফ্লাংৰ অৰ্থ "ঘাঁহনি থকা শিল।" খাচি পাহাৰৰ বহুতো বসতিৰ নাম একশিলাৰ নামেৰে ৰখা হৈছে।
-
মাটিয়াবগ হাৱাখানা
মাটিয়াবগ হাৱাখানা (Matiabag Palace বা Matiabag Hawakhana) অসমৰ ধুবুৰী জিলাৰ গৌৰীপুৰৰ ওচৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। এই ঐতিহ্যপূৰ্ণ প্ৰসাদটো গদাধৰ নদীৰ পাৰত মাটিয়াবগ টিলাৰ ওপৰত গৌৰীপুৰৰ জমিদাৰ ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱাই নিৰ্মাণ কৰাইছিল।
-
মাণিকপুৰ
মাণিকপুৰ (Manikpur) অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ এখন সৰু চহৰ আৰু গাওঁ পঞ্চায়ত৷ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে ইয়াক চুই গৈছে৷ ই বঙাইগাঁও চহৰৰ পৰা ২৪.৭ কিল'মিটাৰ আৰু ৰাজ্যৰ ৰাজধানী দিছপুৰৰ পৰা ১৫৫ কিল'মিটাৰ আতৰত অৱস্থিত। ঐতিহাসিক মানাহ নদী মাণিকপুৰৰ কাষেৰে বৈ গৈছে৷