ভূগোল আৰু ঠাই
দেশ, নগৰ, নদী, পাহাৰ আৰু পৃথিৱীৰ প্ৰাকৃতিক গঠন · ১,৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
আৰাফাত পৰ্বত
আৰাফাতপৰ্বত ( ইংৰাজী:Mount Arafat ) যাক জাবাল আল-ৰহমা ("দয়াৰ পৰ্বত") বুলিও কোৱা হয়। চৌদি আৰৱৰ মক্কা প্ৰদেশত মক্কাৰ পৰা প্ৰায় ২০ কিলোমিটাৰ (১২ মাইল) দক্ষিণ-পূবে অৱস্থিত। আৰাফাত পৰ্বতৰ উচ্চতা প্ৰায় ৭০ মিটাৰ (২৩০ ফুট) আৰু ইয়াৰ সৰ্বোচ্চ বিন্দু ৪৫৪ মিটাৰ (১,৪৯০ ফুট)।
-
ইজৰাইলৰ দখলকৃত অঞ্চলসমূহ
১৯৬৭ চনৰ ছয়দিনীয়া যুদ্ধৰ পাছত ইজৰাইলে পশ্চিম এছিয়াৰ এনে কিছুমান অঞ্চল নিজৰ দখললৈ আনিছিল য'ত পূৰ্বতে বেলেগৰ প্ৰশাসন চলিছিল। এই ঘটনাকে কেন্দ্ৰ কৰি আজিও পশ্চিম এছিয়া অঞ্চল উত্তপ্ত অৱস্থাত থাকে।
-
ইথিক্কাৰা নদী
ইথিক্কাৰা নদী (Ithikkara River) কেৰালা, ভাৰতৰ এখন ৫৬ কিলোমিটাৰ দীঘল নদী। ই পশ্চিমঘাটৰ কুলাথুপুঝা অঞ্চলত উৎপত্তি হৈ কোল্লাম জিলাৰ মাজেৰে বৈ গৈ অৱশেষত পৰাভুৰ হ্ৰদত মিলিত হৈছে। নদীখনৰ পাৰত থকা ইথিক্কাৰা গাঁওখন কোল্লাম বন্দৰৰপৰা প্ৰায় ১৫ কিলোমিটাৰ দূৰত অৱস্থিত।
-
ইমা কৈথেল
ইমা কৈথেল (Ima Keithel) বা নুপি কৈথেল হৈছে ভাৰতৰ মণিপুৰ ৰাজ্যৰ ৰাজধানী ইম্ফলত একমাত্ৰ মহিলাসকলৰ দ্বাৰা পৰিচালিত এখন বজাৰ। ই মণিপুৰ ৰাজ্যৰ এক বাণিজ্যিক কেন্দ্ৰ আৰু এক জনপ্ৰিয় পৰ্যটন আকৰ্ষণ। এই বজাৰখন ইম্ফল চহৰৰ ভিতৰত ইয়াৰ অৱস্থান স্থানান্তৰ কৰিছে আৰু বৰ্তমান খাৱাইৰাবান্দ বজাৰত অৱস্থিত।
-
উৰিষ্যা প্ৰদেশ
উৰিষ্যা প্ৰদেশ ( Orissa Province ) বিহাৰ আৰু উৰিষ্যা প্ৰদেশৰ বিভাজন আৰু মাদ্ৰাজ প্ৰেচিডেঞ্চি আৰু চেণ্ট্ৰেল প্ৰভিঞ্চৰ কিছু অংশ সংযোজন কৰি ১৯৩৬ চনৰ এপ্ৰিল মাহত সৃষ্টি হোৱা ব্ৰিটিছ ভাৰতৰ এখন প্ৰদেশ আছিল। ইয়াৰ ভূখণ্ড বৰ্তমানৰ ওড়িশা ৰাজ্যৰ সৈতে মিল খায়।
-
এক'লেণ্ড
এক'লেণ্ড (Accoland) অসমৰ গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ২১ কি:মি: আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ২ কি:মি: দূৰত্বত পাটগাঁও নামৰ স্থানত অৱস্থিত এখন জল উদ্যান। এইখন ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত অৱস্থিত একমাত্ৰ ৱাটাৰ পাৰ্ক।
-
এলিফেণ্ট জলপ্ৰপাত
এলিফেণ্ট জলপ্ৰপাত (Elephant Falls) ভাৰতৰ মেঘালয়ৰ শ্বিলঙত অৱস্থিত দুই খলপিয়া জলপ্ৰপাত। পাহাৰৰ ধাৰাটো শিলৰ পৃষ্ঠৰ একেৰাহে দুটা জলপ্ৰপাতৰ মাজেৰে নামি গৈছে।
-
এল্পছ
এল্পছ (Alps) ইউৰোপ মহাদেশৰ সৰ্ব্বোচ্চ আৰু বহুলভাৱে বিস্তৃত হৈ থকা পৰ্বতমালা। প্ৰায় ১২০০ কিমি জুৰি থকা এই পৰ্বতমালা আঠখন দেশ ফ্ৰান্স, ম’নাক’,ছুইজাৰলেণ্ড, জাৰ্মানী, ইটালী, অষ্ট্ৰিয়া, লিকটেন্সটেইন (Liechtenstein) আৰু শ্ল’ভেনিয়া পৰ্যন্ত বিস্তৃত হৈ আছে।
-
ওড়িশা ইকাট
ওড়িশা ইকাট (Odisha Ikat) ভাৰতৰ ওড়িশা ৰাজ্যl উৎপত্তি হোৱা এক ৰং কৰাৰ কৌশল। "ওড়িশা বন্ধা" নামেৰে খ্যাত এই কৌশল ২০০৭ চনৰ পৰা ভৌগোলিকভাৱে ওড়িশাৰ এক টেগ কৰা সামগ্ৰী। বোৱাৰ আগতে তাঁতশালত ডিজাইন তৈয়াৰ কৰিবলৈ ৱাৰ্প আৰু ৱেফ্ট সূতা টাই-ডাই কৰা প্ৰক্ৰিয়াৰে ইয়াক তৈয়াৰ কৰা হয়।
-
ওডেছা
ওডেছা ইউক্ৰেইনৰ তৃতীয় সৰ্বাধিক জনবহুল চহৰ আৰু পৌৰসভা। দেশৰ দক্ষিণ-পশ্চিম অংশত, ক'লা সাগৰৰ উত্তৰ-পশ্চিম উপকূলত অৱস্থিত এটা প্ৰধান সাগৰীয় বন্দৰ আৰু পৰিবহণ কেন্দ্ৰ। ইয়াৰ উপৰিও ওডেছা ৰেয়ন আৰু ওডেছা অব্লাষ্টৰ প্ৰশাসনিক কেন্দ্ৰৰ লগতে বহু সংস্কৃতিৰ সাংস্কৃতিক কেন্দ্ৰও আছে।
-
ক'ষ্টা ৰিকা
ক'ষ্টা ৰিকা (Costa Rica), আনুষ্ঠানিকভাৱে ক'ষ্টা ৰিকা গণৰাজ্য (Republic of Costa Rica), মধ্য আমেৰিকা (Central America)-ত অৱস্থিত এখন দেশ। ইয়াৰ উত্তৰত নিকাৰাগুৱা, উত্তৰ-পূবে কেৰিবিয়ান সাগৰ, দক্ষিণ-পূবে পানামা আৰু দক্ষিণ-পশ্চিমে প্ৰশান্ত মহাসাগৰ অৱস্থিত।
-
কংলা দুৰ্গ
কংলা দুৰ্গ ( Kangla fort) ভাৰতৰ মণিপুৰ ৰাজ্যৰ ইম্ফলত থকা এটা পুৰণি দুৰ্গযুক্ত ৰাজপ্ৰসাদ। পূৰ্বে ইম্ফল নদীৰ পাৰৰ দুয়োকাষে (পশ্চিম আৰু পূব) অৱস্থিত আছিল, এতিয়া ধ্বংসস্তূপ অৱস্থাত কেৱল পশ্চিম দিশতহে ৰৈ গৈছে।
-
কাজি
কাজি (Қазы; Казы) কাজাখাস্তানৰ আক্কুলি জিলাৰ এটা নিমখীয়া হ্ৰদ।
-
কান্ব বংশ
কান্ব বংশ বা কানৱা বংশ মগধৰ ব্ৰাহ্মণ শাসকৰ বংশ আছিল, যিটো বাসুদেৱ কান্বই পূৰ্বৰ শুংগ বংশক ওফৰাই পেলোৱাৰ পাছত প্ৰতিষ্ঠা কৰা হৈছিল আৰু খ্ৰীষ্টপূৰ্ব ৭৩ চনৰপৰা খ্ৰীষ্টপূৰ্ব ২৮ চনলৈকে শাসন কৰিছিল।
-
কৈলাশ পৰ্বত
কৈলাশ পৰ্বত ( Mount Kailash also Kailasa, Gang Tise and Gang Rinpoche or Kangrinboqê) চীনৰ তিব্বত স্বায়ত্তশাসিত অঞ্চলৰ ঙাৰী প্ৰিফেকচাৰৰ এটা পৰ্বত। ই তিব্বতী মালভূমিৰ পশ্চিম অংশত ট্ৰেন্সহিমালয়ৰ গাংদিচ শ্বান পৰ্বতমালাত অৱস্থিত।
-
কোভালাম
কোভালম (Kovalam) কেৰালাৰ তিৰুৱনন্তপুৰম চহৰত অৱস্থিত এটা সমুদ্ৰতট আৰু সাগৰপাৰস্থিত অৱকাশ কেন্দ্ৰ। ই কেৰালাৰ ৰাজধানী তিৰুৱনন্তপুৰমৰ নগৰ কেন্দ্ৰৰপৰা প্ৰায় ১২.৬ কিলোমিটাৰ (৭.৮ মাইল) দক্ষিণ-পূবে অৱস্থিত। কোভালমৰ সমুদ্ৰতটসমূহ দেশীয় আৰু বিদেশী উভয় পৰ্যটকৰ বাবে এক অতি জনপ্ৰিয় অৱকাশ যাপনৰ গন্তব্যস্থান।
-
গন্ধিয়া
গন্ধিয়া (Gandhia) হ'ল অসমৰ নলবাৰী জিলাৰ অন্তৰ্গত এখন গাঁও৷ এই গাঁৱখন নলবাৰী চহৰৰ পৰা ১২ কিলোমিটাৰ উত্তৰ পশ্চিম দিশত অৱস্থিত৷ গাঁৱখন টিহু বিধানসভা সমষ্টিৰ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত৷ গন্ধিয়াক অসমৰ জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ বুলি কোৱা হয়৷
-
গুৰুডংমাৰ হ্ৰদ
গুৰুডংমাৰ হ্ৰদ বিশ্ব তথা ভাৰতৰ অন্যতম উচ্চ হ্ৰদ, ছিকিম চৰকাৰৰ মতে ৫,৪৩০ মিটাৰ উচ্চতাত অৱস্থিত। ভাৰতৰ চিকিম ৰাজ্যৰ মংগন জিলাৰ মহান হিমালয়ত অৱস্থিত আৰু বৌদ্ধ আৰু শিখসকলে ইয়াক পৱিত্ৰ বুলি গণ্য কৰে। অষ্টম শতিকাত এই হ্ৰদলৈ অহা পদ্মসম্ভৱৰ নামেৰে এই হ্ৰদটোৰ নামকৰণ কৰা হৈছে।
-
গোসাঁনীমাৰী
গোসাঁনীমাৰী (খালিছা গোসাঁনীমাৰী বুলিও জনা যায়) উত্তৰ-পূব ভাৰতৰ পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ দিনহাটা মহকুমাৰ দিনহাটা প্ৰথম চিডি ব্লকৰ এখন গাঁও আৰু প্ৰত্নতাত্ত্বিক স্থান দুয়োটা। এই স্থানৰ নাম দিনহাটা মহকুমাৰ আধুনিক গ্ৰামাঞ্চ্যাত নামৰপৰা লোৱা হৈছে।
-
গ্ৰেণ্ড ট্ৰাংক ৰোড
গ্ৰেণ্ড ট্ৰাংক ৰোড (পূৰ্বতে উত্তৰপাঠ, সদক-ই-আজম, শ্বাহ ৰাহ-ই-আজম, বাদশ্বাহী সাদক, আৰু লং ৱাক নামেৰে জনাজাত) এছিয়াৰ অন্যতম পুৰণি আৰু দীঘলীয়া প্ৰধান পথ। কমেও ২,৫০০ বছৰ ধৰি ই মধ্য এছিয়াক ভাৰতীয় উপমহাদেশৰ সৈতে সংযোগ কৰি আহিছে।
-
চন্দ্ৰগিৰি দুৰ্গ, কেৰালা
চন্দ্ৰগিৰি দুৰ্গ (Chandragiri Fort, ചന്ദ്രഗിരിക്കോട്ട) ভাৰতৰ কেৰেলাৰ কাছাৰগোড় জিলাত অৱস্থিত, ১৭ শতিকাত নিৰ্মিত এটা দুৰ্গ। এই বৃহৎ বৰ্গাকাৰ দুৰ্গটো সাগৰ পৃষ্ঠৰপৰা ১৫০ ফুট (৪৬ মিটাৰ) উচ্চতাত অৱস্থিতআৰু ই চন্দ্ৰগিৰি নদীৰ কাষৰ প্ৰায় সাত একৰ অঞ্চল আগুৰি আছে। বৰ্তমান এই দুৰ্গটো ধ্বংসাৱশেষত পৰিণত হৈছে।
-
চম্বল নদী
চম্বল নদী মধ্য আৰু উত্তৰ ভাৰতৰ অন্যতম প্ৰধান নদী আৰু যমুনা নদীৰ উপনৈ হিচাপে গংগা নিষ্কাশন প্ৰণালীৰ এক গুৰুত্বপূৰ্ণ অংশ। নদীখন মধ্যপ্ৰদেশৰ বিন্ধ্যাচল পৰ্বতৰ ভদকলা জলপ্ৰপাতৰ ওচৰৰপৰা উৎপন্ন হৈ উত্তৰ–উত্তৰ-পূব দিশলৈ বৈ যায়।
-
চম্বা ৰুমাল
চম্বা ৰুমাল (Chamba Rumal) ভাৰতৰ হিমাচল প্ৰদেশত প্ৰচলিত পাৰম্পৰিক এম্ব্ৰইডাৰী কৰা হস্তশিল্প। এই শিল্প এসময়ত চম্বা ৰাজ্যৰ শাসকসকলৰ পৃষ্ঠপোষকতাত প্ৰচাৰ কৰা হৈছিল। উজ্জ্বল ৰঙৰ ব্যৱহাৰৰ সৈতে বিতং আৰ্হিৰ ৰুমালবোৰ হিমাচলত অতি জনপ্ৰিয়।
-
চলিয়াৰ নদী
চলিয়াৰ নদী (Chaliyar River) হৈছে কেৰালা, ভাৰতৰ চতুৰ্থ দীঘলীয়া নদী। ইয়াৰ দৈৰ্ঘ্য ১৬৯ কিলোমিটাৰ। চলিয়াৰ নদীখনক চুলিকা নদী, নীলাম্বুৰ নদী বা সাগৰৰ ওচৰত অৱস্থিত হোৱাৰ বাবে বেইপোৰ নদী বুলিও কোৱা হয়। ইয়াৰ উপনৈসমূহ মালাপ্পুৰম আৰু কোজিকোড় দুয়োখন জিলাৰ মাজেৰে বৈ গৈছে।
-
চাচনি মেৰবিল
চাচনি মেৰবিল বা মেৰবিল (Sasoni Merbil) অসমৰ ডিব্ৰুগড় জিলাত অৱস্থিত এখন বিল তথা আৰ্দ্ৰভূমি। এই বিলখন বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক আৱাসস্থলী আৰু স্থানীয় সম্প্ৰদায়সমূহৰ জীৱিকাৰ উৎস। এই বিলখন দৰাচলতে বুঢ়ীদিহিং নদীয়ে সৃষ্টি কৰা অশ্বখুৰা হ্ৰদ।
-
চাপাখোৱা
চাপাখোৱা (Chapakhowa) নগৰখনই হৈছে অসমৰ আটাইতকৈ পূব প্ৰান্তত অৱস্থিত এখন নগৰ। চাপাখোৱা, তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ সদৰ ঠাই। তিনিচুকীয়া জিলাৰ পৰা চাপাখোৱালৈ দূৰত্বত প্ৰায় ৭০ কিলোমিটাৰ। চাপাখোৱা নগৰৰ মাজেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে।
-
চালাকুডী নদী
চালাকুডী নদী বা চালাকুডী পুঝা (Chalakudy River or Chalakudy Puzha) কেৰালা, ভাৰতৰ পঞ্চম দীঘল নদী। এই নদীখন কেৰালাৰ থ্ৰিছুৰ, পালাক্কাড আৰু এৰ্ণাকুলাম জিলাৰ মাজেৰে বৈ গৈছে। নদীখনৰ মুঠ জলনিৰ্গমন (drainage) অঞ্চল ১,৭০৪ বৰ্গ কিলোমিটাৰ। ইয়াৰে ১,৪০৪ বৰ্গ কিলোমিটাৰ কেৰালাত আৰু বাকী অংশ তামিলনাডুত অৱস্থিত।
-
চাৰহ মিচিং
চাৰহ মিচিং (ইংৰাজী: Charoh Mising) অসমৰ গোলাঘাট জিলাৰ দেৰগাঁওৰ অন্তৰ্গত এখন উল্লেখযোগ্য মিচিং গাঁও। ই ১০৪ নং দেৰগাঁও বিধানসভা সমষ্টি আৰু ১০ নং কাজিৰঙা লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।
-
চুন্দন ভল্লাম
চুন্দন ভাল্লম (Chundan vallam) বা 'ঠোঁটযুক্ত নাও' হৈছে ভাৰতৰ কেৰালা ৰাজ্যৰ একপকাৰ নাও। কেৰালাৰ বাহিৰত কেৰালা সাপ নাও(Kerala snake boat) নামেৰেও জনাজাত। ই কেৰালাৰ সংস্কৃতিৰ অন্যতম প্ৰতীক আৰু ভাল্লমকলি (নাও দৌৰ) প্ৰতিযোগিতাত ব্যৱহাৰ কৰা পৰম্পৰাগত দীঘলীয়া নাও।
-
চুন্নু জলপ্ৰপাত
ভাৰতৰ পশ্চিম বংগৰ ব্লুমফিল্ড চাহ বাগিচাত অৱস্থিত চুন্নু জলপ্ৰপাত, যাক ৰক গাৰ্ডেন বুলিও কোৱা হয়। জলপ্ৰপাতটোৰ চাৰিওফালে এখন সুন্দৰ শিলৰ বাগিচা আছে যিয়ে স্থানীয় লোক আৰু পৰ্যটক উভয়কে আকৰ্ষণ কৰে।